ফাৰ্ষ্ট ফাইভ আৰু লজিকেল মাইণ্ডৰ উদ্যোগত অনলাইন গণিত কুইজ প্ৰতিযোগিতা সম্পন্ন ~ সংবাদ প্ৰভাত

Wednesday, June 30, 2021

ফাৰ্ষ্ট ফাইভ আৰু লজিকেল মাইণ্ডৰ উদ্যোগত অনলাইন গণিত কুইজ প্ৰতিযোগিতা সম্পন্ন

 

 ফাৰ্ষ্ট ফাইভ আৰু লজিকেল মাইণ্ডৰ উদ্যোগত অনলাইন গণিত কুইজ প্ৰতিযোগিতা সম্পন্ন

  নিৰঞ্জন দাস

 কৰণা মহামাৰীৰ বাবে বিদ্যালয়বোৰ বন্ধ হৈ থকা সময়ত বিভিন্ন উপায়েৰে শিক্ষক শিক্ষয়িত্ৰী সকলে ছাত্ৰ-ছাত্ৰীক অনলাইন শিক্ষাৰে আগুৱাই নিবলৈ বিভিন্ন পদ্ধতি অৱলম্বন কৰিছে। গোলাঘাট জিলাৰ কেইজনমান শিক্ষকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা ফাৰ্ষ্ট ফাইভ আৰু লজিকেল মাইণ্ড গোটৰ উদ্যোগত ৩০ জুন তাৰিখে অনলাইন গণিত কুইজ প্ৰতিযোগিতাৰ মুল পৰ্ব অনুষ্ঠিত হৈ যায়। গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ ১৩৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাৰ প্ৰাথমিক পৰ্ব ত অংশগ্ৰহণ কৰে। মুখ্য সমন্বয়ক ড° দেৱজিৎ বৰুৱাই আত ধৰা মুল পৰ্বৰ প্ৰতিযোগিতা খন উদ্বোধন কৰে নুমলীগড় হাইস্কুলৰ প্ৰধান শিক্ষক কৃতি শিক্ষক মহেন শইকীয়াই লগতে তেও  প্ৰতিযোগিতা খনৰ স্থান প্ৰাপ্ত প্ৰতিযোগী সকললৈ কিতাপৰ টোপোলা দিয়াৰ কথা ঘোষণা কৰে। মুল প্ৰতিযোগিতা লৈ নিৰ্বাচিত ১১ গৰাকী প্ৰতিযোগী ৰ মাজত প্ৰথম পুৰস্কাৰ লাভ কৰে গোলাঘাট জাতীয় বিদ্যালয়ৰ প্ৰজন্যা দত্ত, দ্বিতীয় কাকডোঙা জ্ঞানোদয় হাইস্কুলৰ ফিৰদোজ আলম আৰু তৃতীয় স্থান লাভ কৰে গোলাঘাট জাতীয় বিদ্যালয়ৰ প্ৰীতিমালা বৰাই। 


কুইজ পৰিচালনা কৰে   দিগন্ত কুমাৰ নাথ আৰু ধ্ৰুৱজ্যোতি শইকীয়াই।প্ৰতিযোগিতা খন ত সহকাৰী পৰিচালক হিচাপে দায়িত্ব পালন কৰে ৰাহুল দেৱ শৰ্মা, কল্পজিৎ শইকীয়া, কপিল কাকতি,ভাস্কৰ দত্ত কোঁৱৰ, শিৱ প্ৰসাদ পৌডেলে। শেষত কুইজ প্ৰতিযোগিতা খনৰ আহ্বায়ক সমীৰ জ্যোতি মেধিয়ে  স্থান প্ৰাপ্ত সকলক ই - প্ৰমাণ পত্ৰ প্ৰদান কৰে আৰু প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰা সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। গোট তোৰ এই ধৰণৰ প্ৰচেষ্টাই ছাত্ৰ ছাত্ৰী সকলক যথেষ্ট উপকৃত কৰিছে বুলি অনুষ্ঠান টোত অংশগ্ৰহণ কৰা বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকলে মতামত আগবঢ়াই।

0 Comments:

Post a Comment