ফৰকাটিংৰ উলোতলীত বিকলাংগ প্ৰতিষেধক শিৱিৰ সমপন্ন ~ সংবাদ প্ৰভাত

Wednesday, June 30, 2021

ফৰকাটিংৰ উলোতলীত বিকলাংগ প্ৰতিষেধক শিৱিৰ সমপন্ন

 

 

ফৰকাটিংৰ উলোতলীত বিকলাংগ প্ৰতিষেধক শিৱিৰ সমপন্ন

 

 কল্পনা ফুকন, গোলাঘাট

 

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ গোলাঘাট জিলা গোটৰ সহযোগত আৰু The Green Village  নামৰ এটা স্বেচ্ছাসেৱী সংগঠন উদ্যোগত  ফৰকাটিঙৰ উলুতলী প্ৰাথমিক বিদ্যালয়ত আজি অঞ্চলটোৰ বিশেষভাৱে সক্ষম  ব্যক্তিসকলৰ বাবে এক বিশেষ ক'ভিড প্ৰতিষেধক প্ৰদান শিবিৰ আয়োজন কৰা হয়। এই শিবিৰত ৪০ জনতকৈ অধিক দিব্যাংগজনক ক'ভিডৰ প্ৰথমটো প্ৰতিষেধক প্ৰদান কৰা হয়। পুৱা প্ৰায় ১০ বজাত আৰম্ভ হোৱা এই শিবিৰ এগছি বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিক ভাৱে মুকলি কৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক গোলাঘাট  জিলা গোটৰ সেৱা প্ৰমুখ  পাপু বৰদলৈয়ে। বন্তি প্ৰজ্বলনত সহযোগ কৰে The Green Village স্বেচ্ছাসেৱী সংগঠনটোৰ উপ সভাপতি প্ৰিয়াংকু মহন্তই। The Green Village NGO ৰ স্বাস্থ্য সম্পাদক জ্যোতিমণি মহন্তই আঁত ধৰা এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গোলাঘাট জিলাৰ স্বাস্থ্য বিভাগৰ  যুটীয়া সঞ্চালক ডাঃ অৰুণ মহন্ত আৰু মহকুমা স্বাস্থ্য বিষয়া ডাঃ পুলিন ভৰালী। অনুষ্ঠানৰ আৰম্ভণিতে এটি বৃক্ষৰোপণ কৰে জিলাখনৰ আয়ুৰ্বেদিক চিকিৎসক ডাঃ পুষ্প খেৰীয়াই। উল্লেখযোগ্য যে, স্থানীয় অংগনৱাদী, আশাকৰ্মী, আৰু NGO ৰ সদস্য-সদস্যাসকলৰ আশাশুধীয়া প্ৰচেষ্টাত আজিৰ শিবিৰত মুঠ এশ জন লোকক প্ৰতিষেধক প্ৰদান কৰা হয়।

0 Comments:

Post a Comment