তামুলপুৰত চানতালী জনগোষ্ঠীৰ ঐক্য সংহতি দিৱস উৎদযাপন । ~ সংবাদ প্ৰভাত

Wednesday, June 30, 2021

তামুলপুৰত চানতালী জনগোষ্ঠীৰ ঐক্য সংহতি দিৱস উৎদযাপন ।

 

 

তামুলপুৰত চানতালী জনগোষ্ঠীৰ ঐক্য সংহতি দিৱস উৎদযাপন ।

 

  প্ৰ্তিবেদক,  তামুলপুৰ

 

 

অল চানতালী ষ্টুডেণ্টছ ইউনিয়নে বাক্সা জিলা সমিতি আৰু নাগ্ৰীজুলি আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আজি তামুলপুৰ মহকুমাৰ অন্তৰ্গত লাওপাৰাত চানতালী জনগোষ্ঠীৰ "ৰাণা জোট মাহা " অৰ্থাৎ ঐক্য সংহতি দিৱস উৎযাপন কৰে।


 

উল্লেখ্য যে ১৮৫৫ চনৰ ৩০ জুন তাৰিখে বৰ্তমান ঝাৰখণ্ড জিলাত প্ৰায় ত্ৰিশ সহস্ৰাধিক লোকক লগত লৈ চিদু মুৰ্মু আৰু কানু মুৰ্মু নামৰ দুজন লোকে বৃটিছৰ জমিদাৰী প্ৰথাৰ বিৰুদ্ধে সবল প্ৰতিবাদ কৰি শ্বহীদ হৈছিল । তেতিয়াৰে পৰা চানতালী জনগোষ্ঠীৰ লোকসকলে সমগ্র ভাৰতবৰ্ষত " ৰাণা জোট মাহা " অৰ্থাৎ ঐক্য দিৱস উদযাপন কৰি আহিছে। আজি  সমগ্র দেশৰ লগতে অসমতো বিভিন্ন প্ৰান্তত চানতালী জনগোষ্ঠীৰ লোক সকলে " ৰাণা জোট মাহা "অৰ্থাৎ ঐক্য সংহতি দিৱস উদযাপন কৰে।

 

সংহতি দিৱস উপলক্ষে আজি পুৱা দহ বজাত সদৌ চানতাল ছাত্ৰ সন্থাৰ  পতাকা উত্তোলন কৰে বিশিষ্ট চানতাল সাহিত্যিক- সংস্কৃতি গবেষক অৱসৰী শিক্ষক ভৰত টুডুই ৷ শ্বহীদ চিদু মুৰ্মু আৰু -কানহু মুৰ্মুৰ প্ৰতিমুৰ্তিত বন্তি প্ৰজ্বলন কৰে চিদু-কানহু মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক  বাবুল টুডু আৰু যুৱ সমাজ কৰ্মী বিমল হাচদা আৰু বাক্সা জিলা চানতাল ছাত্ৰ সন্থাৰ সম্পাদক সুনীল মাৰ্ডীয়ে ৷ মাল্যাৰ্পন কৰে স্থানীয় শিক্ষক তথা সমাজকৰ্মী  নিকোলাচ টুদু আৰু পিৰু ৰাম মাৰ্ডীয়ে ৷

 

দিনৰ ১১ বজাত অনুষ্ঠিত হয় বীৰ শ্বহীদ চিদু-কানুহু স্মৃতি চাৰণ সভা ৷আজিৰ সংহতি দিৱসৰ কাৰ্যসুচীত  বাক্সা জিলা চানতাল ছাত্ৰ সন্থাৰ সম্পাদক সুনীল মাৰ্ডী,নাগ্ৰীজুলি আঞ্চলিক সমিতিৰ সভাপতি সুপল বাস্কে, সম্পাদক সুহান বাস্কেৰ লগতে স্থানীয় লোক উপস্থিত থাকে ৷

0 Comments:

Post a Comment