লোহিত মধ্য ইংৰাজী বিদ্যালয়ৰ বিদায়ী প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰদীপ দাসক সম্বৰ্ধনা ~ সংবাদ প্ৰভাত

Wednesday, June 30, 2021

লোহিত মধ্য ইংৰাজী বিদ্যালয়ৰ বিদায়ী প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰদীপ দাসক সম্বৰ্ধনা

 


লোহিত মধ্য ইংৰাজী  বিদ্যালয়ৰ বিদায়ী প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰদীপ দাসক  সম্বৰ্ধনা

  ভাস্কৰ কাশ্যপ, উজনি মাজুলী

মাজুলীৰ অন্যতম এখন শিক্ষানুষ্ঠান লোহিত মধ্য ইংৰাজী  বিদ্যালয়ৰ সদ্য বিদায়ী প্ৰধান শিক্ষক প্ৰদীপ দাসক  বিদ্যালয়ৰ শিক্ষক গোট আৰু স্থানীয় ৰাইজে  সদ্য বিদায়ী গৰাকীৰ চাকৰি জীৱনৰ অন্তিম দিনটোত আজি  ফুলাম গামোছা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনাই।


৮৫ চনৰ বাধা নেওচি কেইজনমান মহৎ ব্যক্তিৰ সহযোগত লোহিত মধ্য ইংৰাজী বিদ্যালয় নামৰ পবিত্ৰ জ্ঞান মন্দিৰটো গঢ়ি উঠে। 26 বছৰে বিনা বেতেনেৰে বহু ঘাট প্ৰতিঘাতৰ মাজেৰে এই অনুষ্ঠানটো তেখেতে আগবঢ়াই  নিয়ে।  ২০১৩ চনত বিদ্যালখন প্ৰদেশীকৰণ হোৱাত কিছু সকাহ পাই বিদ্যালয়ৰ কৰ্মৰত শিক্ষক সকলে। বৰ্তমান এক পূৰ্ণাঙ্গ ৰূপত গঢ় দিয়াত কিঞ্চিত সফল হ'ল তেখেত। আজি তেখেতৰ বাবে সোণালী অধ্যায়ৰ পৰিসমাপ্তি। এই সন্ধিক্ষণত চকুলো টুকি তেখেতৰ সোঁ স্বাস্থ্য কামনা কৰি সকলোৱে বিদায় সম্বৰ্ধনা জনাই।

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে 6 খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ

0 Comments:

Post a Comment