বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডত বিধায়ক পুঁজিৰ ৬৮ লাখ টকাৰ কেলেংকাৰী মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল দুই খণ্ড উন্নয়ন বিষয়াসহ ৬ জনকৈ লোক ~ সংবাদ প্ৰভাত

Wednesday, June 30, 2021

বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডত বিধায়ক পুঁজিৰ ৬৮ লাখ টকাৰ কেলেংকাৰী মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল দুই খণ্ড উন্নয়ন বিষয়াসহ ৬ জনকৈ লোক

 

বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডত বিধায়ক পুঁজিৰ ৬৮ লাখ টকাৰ কেলেংকাৰী মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল দুই খণ্ড উন্নয়ন বিষয়াসহ ৬ জনকৈ লোক


সুকান্ত ৰঞ্জন দাস, বৰপেটা ৰোড


বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডত সংঘটিত বিধায়ক পুঁজিৰ ৬৮ লাখ টকাৰ বিয়াগোম কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই যোৱানিশা দুই খণ্ড উন্নয়ন বিষয়াসহ ৬ জনকৈ লোকক আটক কৰা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আটক কৰা বিষয়া- কৰ্মচাৰী কেইগৰাকী ক্ৰমে, দুই খণ্ড উন্নয়ন বিষয়া যাদৱ চৌধুৰী আৰু ইউচফুৰ ৰহমান, কনিষ্ঠ অভিযন্তা আইনুৰ ৰহমান, নিৰ্মাণ কমিটীৰ সভাপতি মুজাহিদুৰ ৰহমান, শ্বাহজামাল আলী আৰু আব্দুৰ ৰাজ্জাক বুলি জানিব পৰা গৈছে ৷

 

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত মন্দিয়া উন্নয়ন খণ্ডত ২০১৬,-১৭ বিত্তীয় বৰ্ষত বিধায়ক পুঁজিৰ পৰা ২৫ টা পথ নিৰ্মাণৰ কাম আবণ্টিন দিয়া হৈছিল ৷ ইয়াৰ ভিতৰত ১৪ টা পথ নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷ এই সন্দৰ্ভত মন্দিয়া অঞ্চলৰ সচেতন যুৱক শ্বহিদুল ইছলাম চৌধুৰী, ধৰণীধৰ মেধি, আগ মন্দিয়াৰ জাহাংগীৰ হুছেইন আৰু দিঘিৰপাম গাঁৱৰ দেৱান জাহিদুল ইছলামে তদন্ত বিচাৰি ২০১৭ বৰ্ষৰ ২৭ নৱেম্বৰত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাত এখন অভিযোগ পত্ৰ দাখিল কৰে৷ অভিযোগপত্ৰত উল্লেখ কৰা মতে, মন্দিয়া উন্নয়ন খণ্ডত ২০১৬-১৭ বিত্তীয় বৰ্ষত বিধায়ক পুঁজিৰ অধীনত ১৪টা পথ নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে ৷ পথ নিৰ্মাণৰ প্ৰায়বোৰ কামতে বিধায়ক শ্বেৰমান আলীৰ ঘনিষ্ঠ লোকক নিৰ্মাণ সমিতিৰ সভাপতি হিচাপে নিয়োগ কৰি কাম নকৰাকৈয়ে লুন্ঠন চলাইছিল আঁচনিৰ ধন ৷ এইক্ষেত্ৰত সম্পূৰ্ণৰূপে নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰিছিল বিধায়ক শ্বেৰমান আলী ৷

 

অভিযোগ পত্ৰত উল্লেখ কৰা অনুসৰি, বিধায়ক পুঁজিৰ পৰা মৌখোৱা গাঁৱৰ হজৰত আলীৰ ঘৰৰ পৰা চুবামুন্সীৰ ঘৰলৈ ৫ লাখ টকা, সত্ৰকনৰা ৯নং চীটৰ হামিদ আলীৰ ঘৰৰ পৰা ফজল পাৰামানিকৰ ঘৰলৈ ৫ লাখ টকা,সত্ৰকণৰা ৬ নং চীটৰ  ইকচাদ আলীৰ ঘৰৰ পৰা পাচান আলীৰ ঘৰলৈ পথ নিৰ্মাণৰ বাবে ৫ লাখ টকা, ২নং চাছৰাৰ কাচেম আলীৰ ঘৰৰ পৰা আলাউদ্দিনৰ ঘৰলৈ ৫ লাখ টকা, সত্ৰকনৰা ৯নং চীটৰ চাহজামালৰ ঘৰৰ পৰা আব্দুল মাজিদৰ ঘৰলৈ ৫ লাখ টকা,সত্ৰকনৰা ১৫নং চীটৰ ৰাজীৱ নগৰৰ পৰা আচাক আলীৰ ঘৰলৈ ৫ লাখ টকা,সত্ৰকনৰা ১৫নং চীটৰ ফজল হকৰ ঘৰৰ পৰা দুখী মিঞাৰ ঘৰলৈ ৫ লাখ টকা, পশ্চিম মৌৰিগাঁৱৰ মগৰৱ আলীৰ ঘৰৰ পৰা আবু চায়েদৰ ঘৰলৈ ৩ লাখ টকা, বালিকুৰি গাঁৱৰ ফজল আলীৰ ঘৰৰ পৰা চামচুল হকৰ ঘৰলৈ ৫ লাখ টকা,দিঘিৰপাম গাঁৱৰ ৰফিকুল ইছলামৰ ঘৰৰ পৰা দিঘিৰপাম কবৰস্থানলৈ ৫ লাখ টকা,আগমন্দিয়া গাঁৱৰ জলিল আলীৰ ঘৰৰ পৰা কাদেৰ আলীৰ ঘৰলৈ ৫ লাখ টকা, দিঘিৰপাম গাঁৱৰ চাহজাহান আলীৰ ঘৰৰ পৰা নৱাজ আলীৰ ঘৰলৈ ৫ লাখ টকা, বালিকুৰি গাঁৱৰ আব্দুচ চালামৰ ঘৰৰ পৰা আনোৱাৰৰ ঘৰলৈ ৫ লাখ টকা আৰু সত্ৰকনৰা ৯নং চীটৰ চাজামালৰ ঘৰৰ পৰা হাচেম আলীৰ ঘৰলৈ ৫ লাখ টকা আবন্টন দিছিল ৷

আৱন্টিত ধনেৰে পথবোৰ নিৰ্মাণ কৰাৰ বাবে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে একোখনকৈ পথ নিৰ্মাণ সমিতিও গঠণ কৰি দিছিল ৷ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল প্ৰথম ১০ টা পথ নিৰ্মাণৰ কামৰ নিৰ্মাণ কমিটিৰ সভাপতি আছিল বিধায়ক শ্বেৰমান আলীৰ অতি ঘণিষ্ঠ শ্বাহজামাল আলী ৷ সৰহ সংখ্যক পথৰে কাম নকৰাকৈয়ে নিৰ্মান সমিতিৰ সভাপতি কেইজনে  মন্দিয়া উন্নয়ন খণ্ডৰ দুই খণ্ড উন্নয়ন বিষয়াসহ কণিষ্ট অভিযন্তাৰ সহযোগত  কাগজে কলমে কাম সম্পূৰ্ণ হোৱা দেখুৱাই মোকলাই দিছিল আচনিৰ ধন ৷ ১৪টা পথ নিৰ্মাণৰ কাম কামৰ বাবে বিধায়ক পুঁজিৰ আৱণ্টিত ৬৮ লাখ টকাৰ ২৫ লাখ টকাই আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

বিধায়ক পুঁজিৰ কামত সংঘটিত বিয়াগোম দুৰ্নীতি, কেলেংকাৰী সন্দৰ্ভত অভিযোগকাৰী সকলে সেই সময়তে বৰপেটা জিলা উপায়ুক্তক লিখিতভাৱে জনাইছিল যদিও এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলিও অভিযোগ পত্ৰত উল্লেখ কৰে ৷ ইতিমধ্যে এই চাৰিগৰাকী ব্যক্তিৰ অভিযোগৰ ভিত্তিতে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰকী শাখাই এটা গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে ৷

ইতিমধ্যে দুৰ্নীতি নিবাৰকী শাখাৰ এটা দলে এবছৰ পূৰ্ব্বে মন্দিয়া উন্নয়ন খণ্ডত উপস্থিত হৈ খণ্ড উন্নয়ন বিষয়া,কনিষ্ট অভিযন্তা,দায়িত্ববাহী কৰ্মচাৰীক সোধ পোচ কৰি তদন্তৰ বাবে আচনিৰ সকলো নথি পত্ৰ জব্ধ কৰি লৈ গৈছিল ৷ দুৰ্নীতি নিবাৰকী শাখাই দীৰ্ঘদিন ধৰি গোচৰটোৰ তদন্ত চলাই যোৱানিশা মঙলদৈ, গুৱাহাটী আৰু বৰপেটাত অভিযান চলায় দুই খণ্ড উন্নয়ন বিষয়াসহ ৬ জনকৈ লোকক আটক কৰে ৷ এই লোক সকলক আটক কৰাৰ পিচতে তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে স্থানীয় বিধায়ক তথা পঞ্চায়তৰ প্ৰতিনিধিসকল। ইপিনে, বিধায়ক পুঁজিত সংঘটিত এনে ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ পিচতো বিধায়ক শ্বেৰমান আলীয়ে কিয় কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল তাকলৈয়ো সচেতন মহলৰ মাজত প্ৰশ্ন উত্থাপন হৈছে ৷

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে 6 খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ

0 Comments:

Post a Comment