মাজুলীৰ ছামগুৰিত খহনীয়াৰ কাল ৰূপ, নিজ হাতে ভাঙিছে নিজৰ সপোনৰ ঘৰখন৷ উপায়বিহীন গাওঁবাসীৰ ব্ৰহ্মপুত্ৰক পূজা-অৰ্চনা৷ ~ সংবাদ প্ৰভাত

Tuesday, July 6, 2021

মাজুলীৰ ছামগুৰিত খহনীয়াৰ কাল ৰূপ, নিজ হাতে ভাঙিছে নিজৰ সপোনৰ ঘৰখন৷ উপায়বিহীন গাওঁবাসীৰ ব্ৰহ্মপুত্ৰক পূজা-অৰ্চনা৷

 
মাজুলীৰ ছামগুৰিত খহনীয়াৰ কাল ৰূপ, নিজ হাতে ভাঙিছে নিজৰ সপোনৰ ঘৰখনউপায়বিহীন গাওঁবাসীৰ ব্ৰহ্মপুত্ৰক পূজা-অৰ্চনা

   ৰাজীৱ দত্ত, মাজুলী

মাজুলীৰ বিভিন্ন অঞ্চলৰ ব্যাপক খহনীয়াই মাজুলীৰ ভৌগলিক সুৰক্ষালৈ অশনি সংকেত কঢ়িয়াই আনিছে কৰতিপাৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ছামগুৰি গাৱত ব্ৰহ্মপুত্ৰৰ খহনীয়াই লৈছে কালৰূপ নিজৰ সপোনৰ ঘৰখনত নিজ হাতে ভাঙি অন্যস্থানলৈ স্থানান্তৰিত হৈছে ছামগুৰি গাৱঁৰ কেইবাঘৰো লোক চৰকাৰ-প্ৰশাসনৰ পৰা সহাৰি নোপোৱা গাওঁবাসীয়ে নেদেখাজনৰ ওচৰত শৰণ লৈ নিজৰ অবশিষ্ট ভূমিকণ ৰক্ষাৰ বাবে উপায়ন্তৰ হৈ ব্ৰহ্মপুত্ৰ নদীক পূজা-অৰ্চনা কৰিছে৷ আনহাতে মাজুলীৰ খহনীয়া প্ৰতিৰোধৰ নামত ব্ৰহ্মপুত্ৰ 'ৰ্ডে বাৰিষা কেইডালমান নিম্নমানৰ পাৰ্কুপাইন পেলাই নিজৰ দায়িত্ব সামৰাৰ চেষ্টা কৰিছে ব্ৰহ্মপুত্ৰ 'ৰ্ডৰ এনে কাৰ্যত ক্ষোভিত  বান খহনীয়াত বিধস্ত নৈ পৰীয়া গাওঁবাসী কোটি-কোটি টকাৰ জিঅ' বেগৰ আঁচনি জাহ গৈছে ব্ৰহ্মপুত্ৰত

খৰালি নহ' ভৰ বাৰিষা কাম কৰিবলৈ উঠি পৰি লাগে মাজুলীৰ সুৰক্ষাৰ দায়িত্বত থকা বিভাগসমূহ খৰালি কাল পাৰ হৈ এতিয়া ভৰ বাৰিষা পালেহি এতিয়া হঠাৎ সাৰ পালে ব্ৰহ্মপুত্ৰ 'ৰ্ডে খৰালি কাম নকৰাৰ পৰিনতিত খহনীয়া তীব্ৰৰূপ ধাৰন কৰি বিপন্ন কৰিছে অঞ্চলবাসীৰ জীৱন ইতিমধ্যে পানী বাঢ়ি অহাৰ লগে লগে ছামগুৰিত খহনীয়াৰ তাণ্ডৱ আৰম্ভ হৈছে আৰু ছামগুৰি গাওঁ বাসীয়ে বিনিদ্ৰ ৰজনী অতিবাহিত কৰিব লগীয়া হৈছে

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে 6 খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ

0 Comments:

Post a Comment