বৰগীতৰ সংৰক্ষণ আৰু নৱ প্ৰজন্মক আকৰ্ষিত কৰাৰ প্ৰচেষ্টাৰে বটদ্ৰৱাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ বৈঠক৷ ~ সংবাদ প্ৰভাত

Sunday, July 4, 2021

বৰগীতৰ সংৰক্ষণ আৰু নৱ প্ৰজন্মক আকৰ্ষিত কৰাৰ প্ৰচেষ্টাৰে বটদ্ৰৱাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ বৈঠক৷

 

 

বৰগীতৰ সংৰক্ষণ আৰু নৱ প্ৰজন্মক আকৰ্ষিত কৰাৰ প্ৰচেষ্টাৰে বটদ্ৰৱাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ বৈঠক৷

   প্ৰতিবেদক:  জগন্নাথ কলিতা, বটদ্ৰৱা

 

সাহিত্য কৃষ্টিৰ বৰভেটি প্ৰতিষ্ঠাৰে জাতীয় জীৱনক নতুন সাজেৰে সজাই পৰাই তোলা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট বৰগীতক বিশ্ব দৰবাৰত জিলিকাই তোলাৰ মহান চেষ্টাৰে, গৱেষণালব্ধ সংৰক্ষণ আৰু নৱ প্ৰজন্মক আকৰ্ষিত কৰাৰ প্ৰচেষ্টাৰে আজি বটদ্ৰৱাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ আৰু ৰাজ্যৰ বিশিষ্ট সত্ৰীয়া শিল্পীৰে এখনি গুৰুত্বপূৰ্ণ  আলোচনা চক্ৰ অনুষ্ঠিত হয়। বিশেষকৈ শ্ৰী শ্ৰী বটদ্ৰৱা থান- সত্ৰৰ চৌহদৰ ভিতৰত পৰিবেশিত হৈ থকা বৰগীত সমূহক সংৰক্ষণ আৰু শুদ্ধ ৰূপত  চৰ্চাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আজি বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ, বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, বিশিষ্ট শিল্পী তৰালী শৰ্মা, ডম্বৰুধৰ গায়ন, ৰঞ্জিত মহন্ত, হিৰু মহন্ত, কৃষ্ণ গোস্বামী, দীপাংক গিৰি দেৱগোস্বামী, হীৰামনি বৰুৱা, লক্ষ্যধৰ তালুুকদাৰ, উপেন শইকীয়া, মন্টু বৰাকে প্ৰমুখ্য কৰি কেইবাগৰাকী লোক সমবেত হয়।

 

ক'ভিড প্ৰটকল ৰক্ষা কৰি অনুষ্ঠিত সভাখনিত গুৰুজনাৰ সৃষ্টিৰাজি বৰগীত সমূহক সত্ৰৰ ভকত বৈষ্ণৱৰ দ্বাৰা শুদ্ধ ৰূপত বানীবদ্ধ কৰোৱায় নৱ প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। অনুষ্ঠানটোত বটদ্ৰৱাৰ সত্ৰীয়া পৰম্পৰাৰ ধাৰক বাহক স্বৰূপ শিল্পী ৰঞ্জিত মহন্তই শুদ্ধ ৰূপত সত্ৰৰ ঐতিহ্যময় পৰম্পৰাৰ স্বকীয়তা অক্ষুন্ন ৰাখি নৱ প্ৰজন্মক শিকোৱাৰ ওপৰত গুৰুত্ব দিয়ে।  প্ৰকাশ্য যে বৰদোৱা থূলৰ বৰগীতৰ স্বৰলিপি প্ৰস্তুত কৰি বৰগীতক শুদ্ধ ৰূপত  ব্যৱহাৰিকভাৱে পৰিৱেশনৰ জৰিয়তে নতুন প্ৰজন্মৰ মাজত সত্ৰ সংগীতৰ তাল,মান, লয়ৰ  প্ৰচাৰ প্ৰসাৰৰ মানসেৰে বটদ্ৰৱাৰ শিল্পী হীৰামণি বৰুৱাই বিশেষ পদক্ষেপ গ্ৰহণ কৰি সত্ৰ কৃষ্টিৰ ঐতিহ্যময় ধাৰাটোৰ হৈ কাম কৰি আহিছিল আৰু আজিৰ সভাত বৰদোৱা থূলৰ তাল,মানৰ বিষয়ে সাংগিতীক উপস্থাপন কৰি আলোচনা সত্ৰৰ সৌষ্ঠৱ বৃদ্ধি কৰে  ।বৰদোৱা, বৰপেটা আৰু মাজুলীৰ ভকতে বৈষ্ণৱে পৰিবেশন কৰি অহা বৰগীত সমূহক সংৰক্ষণৰ বাবে শংকৰদেৱ কলাক্ষেত্ৰ সমাজে লোৱা প্ৰচেষ্টাক শিল্পী দীপাংকৰ গিৰি দেৱ গোস্বামী …প্ৰমুখ্যে বিভিন্ন জনে শলাগ লৈছে।

 

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ

অসমৰ শিৱা ৰাণী কলিতাৰ কানাডাত অনুষ্ঠিত অটাৱা চলচ্চিত্ৰ মহোৎসৱত( Ottawa Film Festival) শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ;

ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ  অসমৰ গৌৰৱ বিশ্বৰ বজাৰত সোণালী সূতা ৰেচমৰ

ভিটামিন বি কমপ্লেক্সৰ বিষয়ে জানিবলগীয়া প্ৰয়োজনীয় কেইটামান কথা ! ১০ বিধ ভিটামিন বি যুক্ত খাদ্য যিয়ে আপোনাক সদায় সুস্থ কৰি ৰাখিব 

ভিটামিন  কেপচুলৰ দ্বাৰা ছাল আৰু ছুলিৰ সৌন্দর্য বৃদ্ধি কৰিবলৈ জানিবলগীয়া কেইটামান কথা

0 Comments:

Post a Comment