আলফাৰ বিবৃতিৰ প্রতিক্রিয়া প্রকাশ দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি অইল অধ্যুষিত অঞ্চলৰ নিৱনুৱাই অগ্ৰাধিকাৰ পাবই লাগিব দাবী। ~ সংবাদ প্ৰভাত

Tuesday, July 6, 2021

আলফাৰ বিবৃতিৰ প্রতিক্রিয়া প্রকাশ দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি অইল অধ্যুষিত অঞ্চলৰ নিৱনুৱাই অগ্ৰাধিকাৰ পাবই লাগিব দাবী।


  প্ৰতিবেদক:  মাইনু  খনিকৰ, দুলীয়াজান

 

অইল ইণ্ডিয়া লিমিটেডে শেষতীয়াকৈ প্ৰকাশ কৰা ১২০টা কণিষ্ঠ সহায়ক পদৰ বিজ্ঞাপন সন্দৰ্ভত আলফাই (স্বাধীন) কৰা মন্তব্যত প্রতিক্রিয়া প্ৰকাশ কৰিছে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই। দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বুবুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক দিপাংকৰ গগৈয়ে এক বিবৃতিত কয় - অইল ইণ্ডিয়া লিমিটেডত খনন আৰু উৎপাদন হোৱা অঞ্চলসমূহৰ স্থানীয় ৰাইজে বহু ত্যাগ কৰিবলগীয়া হয়। বহুলোকে ঘৰ-বাৰী, কৃষি-ভূমি হেৰুৱাব লাগে। অপাৰেচন এলেকাৰ বিকট শব্দ তাৰ পৰা নিগৰিত হয় বিভিন্ন ৰাসায়নিক দ্রব্যৰ ফলত অশান্তিময় আৰু অস্বাস্থ্যকৰ পৰিৱেশত জীৱন নিৰ্বাহ কৰিবলগীয়া হয়। সেয়েহে The Oil Industry Act, 1974 মাটি আৰু পৰিৱেশ বিনষ্টৰ এটা দক্ষগত গ্ৰেড ১ৰ পৰা ৭ লৈকে অইল ইণ্ডিয়া লিমিটেডে মাথো খনন আৰু উৎপাদন হোৱা অঞ্চলসমুহৰ শিক্ষিত নিৱনুৱাসকলক এৰি দিবৰ বাবে স্পষ্টকৈ উল্লেল্লখ আছে আৰু যদিহে অইলে বিচৰামতে সেই পদসমূহত যোগ্যতাভিত্তিত পদসমূহ পূৰ্ণ নহয় তেতিয়াহে অসমৰ অন্যান্য জিলা ভিত্তিত আৱেদন কৰিবলৈ দিয়া হয়। গ্ৰেড ৭ লৈকে যিমানবোৰ নিযুক্তি প্রক্রিয়া হয় সেইবোৰ অইল অধ্যুষিত এলেকাৰ বাবে সংৰক্ষিত আছে। কিন্তু গেড ৭ৰ ওপৰৰ যিমানবোৰৰ পদ মুকলি হয় তাত অসমৰ সকলো জিলাৰ প্ৰাৰ্থীসকলক অগ্রাধিকাৰ প্ৰদান কৰে। ইয়াৰ লগতে যিকেইখন জিলাৰ মাজেৰে অইলৰ পাইপলাইন প্ৰৱাহ হৈছে সেইসমূহ জিলাৰ বাবে বিশেষভাৱে নিযুক্তিৰ ব্যৱস্থা অৱহেলা  গ্ৰহণ কৰি আহিছে। সেয়েহে আলফাই জনোৱা দাবী কোনোপধ্যে বাস্তৱসন্মত হ'ব নোৱাৰে। ইয়াৰ উপৰিও বিবৃতিত কয় ৰাজ্যখনৰ বহু সমস্যাৰ লগতে অসমীয়া জাতীয় উদ্যোগটোক কেন্দ্রীয় চৰকাৰ আৰু এটা অনা-অসমীয়া লবীয়ে সময়ে সময়ে ব্যক্তিগতকৰণৰ বাবে কৰা ষড়যন্ত্রৰ সময়ত মৌন হৈ থকা পৰেশ বৰুৱা ডাঙৰীয়াই অইল অধ্যুষিত অঞ্চলৰ বাবে মুকলি কৰা ১২০টা কণিষ্ঠ সহায়ক পদৰ বাবে প্রতিক্রিয়া প্রকাশ কৰাত স্থানীয় নিৱনুৱাসকলে অসন্তোষ্টি ব্যক্ত কৰিছে।

 

ইফালে বর্তমান অইল ইণ্ডিয়া লিমিটেডত বহু বহিৰাগত ব্যক্তিগত কোম্পানীয়ে হাজাৰ হাজাৰ কোটি টকাৰ উপাৰ্জন কৰি আছে। এই সন্দৰ্ভতো আলফা স্বাধীনে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। ইয়াৰ উপৰিও কিছু দিনৰ আগত কুইপ’ নামৰ ব্যক্তিগত কোম্পানীৰ সৈতে আলফা স্বাধীনৰ আলোচনাৰ অন্তত উক্ত কোম্পানীটোৱে ৫ হাজাৰ অসমীয়া নিৱনুৱাক মকৰল কৰাৰ কথা আলফা স্বাধীনে বিবৃতিত প্ৰকাশ কৰিছিল। সেই আলোচনা অনুসৰি কিমান অসমীয়া আৰু কোন যুৱকে নিযুক্তি লাভ কৰিলে সেইয়া আলফা স্বাধীনে অসমৰ ৰাইজৰ আগত ৰাজহুৱা কৰিব লাগে আৰু অনাগত দিনত থলুৱা নিযুক্তিৰ ক্ষেত্ৰত বিভেদকামী মন্তব্য আগবঢ়াই নিৱনুৱাসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি নকৰিবলৈ আহ্বান জনাইছে  ছাত্ৰ সংগঠনটোৱে ।

 

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে 6 খন শ্ৰেষ্ঠ ..................................

অসমৰ শিৱা ৰাণী কলিতাৰ কানাডাত অনুষ্ঠিত অটাৱা চলচ্চিত্ৰ মহোৎসৱত……

ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ অসমৰ গৌৰৱ বিশ্বৰ বজাৰত ……..

ভিটামিন বি কমপ্লেক্সৰ বিষয়ে জানিবলগীয়া প্ৰয়োজনীয় .....................

0 Comments:

Post a Comment