বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানত বন মহোৎসৱ সপ্তাহ আৰম্ভ: ~ সংবাদ প্ৰভাত

Thursday, July 1, 2021

বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানত বন মহোৎসৱ সপ্তাহ আৰম্ভ:

  


বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানত বন মহোৎসৱ সপ্তাহ আৰম্ভ:

 

 পবিত্ৰ মণ্ডল, শালবাৰী

 

প্ৰকৃতিৰ ৰম্যভূমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা আৰম্ভ হৈছে বন মহোৎসৱ সপ্তাহ। প্ৰতি বছৰে ১ জুলাইৰ পৰা ৭ জুলাই লৈ এই দিৱস পালন কৰি অহা হৈছে। এইবাৰ ক'ৰোনা মহামাৰীৰ দ্বিতীয় লহৰৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যানখনৰ কাষৰীয়া এনাজৰী ল'জত অনুষ্টুপীয়াকৈ পালন কৰিছে এই মহোৎসৱ। উক্ত অনুষ্ঠানত উদ্যানখনৰ ক্ষেত্র সঞ্চালক অমল কুমাৰ শৰ্মাই উপস্থিত থাকি কয় যে, ১৯৫০ চনতে তেতিয়াৰ কৃষি মন্ত্ৰী কে এম মুন্সিয়ে ১ জুলাইৰ পৰা ৭ জুলাইলৈ এই মহোৎসৱ সপ্তাহ আৰম্ভ কৰিছিল। জুলাই মাহত বৰষুণ বেছি হোৱাৰ ফলত ১ জুলাইৰ পৰা ৭ জুলাইলৈ সপ্তাহজোৰা হিচাপে গোটেই ভাৰতবৰ্ষতে এই মহোৎসৱ পালন কৰি অহা হৈছে। 

এইফালে মানাহ ৰাষ্ট্ৰীয় উদ্যানখন জীৱ-জন্তু গছ-গছনিকে ধৰি বহু ক্ষেত্রতে আগবঢ়া বুলি মন্তব্য প্ৰদান কৰে। উক্ত মহোৎসৱৰ লগত সংগতি ৰাখি এক বৃক্ষ ৰোপন কাৰ্য্যসূচীও ৰূপায়ন কৰে। বন মহোৎসৱ সপ্তাহ অনুষ্ঠানত মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্র সঞ্চালক অমল কুমাৰ শৰ্মাৰ লগতে ৰঘুনাথ বড়ো, বাবুল ব্ৰহ্মকে ধৰি উদ্যানখনৰ কাষৰীয়া ৰিজৰ্ট সমূহৰ লগত জড়িত ব্যক্তিসকলো উপস্থিত থাকে।

 

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ

0 Comments:

Post a Comment