হাতী মানুহ সংঘাত দূৰীকৰণৰ হেতু বন্য হস্তী কূলৰ বাবে ৪০০ বিঘা মাটিত খেতি ~ সংবাদ প্ৰভাত

Monday, July 5, 2021

হাতী মানুহ সংঘাত দূৰীকৰণৰ হেতু বন্য হস্তী কূলৰ বাবে ৪০০ বিঘা মাটিত খেতি

 

 
হাতী মানুহ সংঘাত দূৰীকৰণৰ হেতু বন্য হস্তী কূলৰ বাবে ৪০০ বিঘা মাটিত খেতি

  প্ৰতিবেদক:  চামগুৰি

 নগাঁও জিলাৰ চামগুৰিৰ বহুকেইটা অঞ্চলত সঘনাই বন্যহস্তীয়ে উপদ্ৰৱ চলাই থকাৰ পৰিলক্ষিত হৈছে। খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলালৈ আহি নষ্ট কৰে ঘৰ, খেতি । চামগুৰি অঞ্চলত খাদ্যৰ সন্ধানত অৱস্থান লোৱা হাতীৰ জাকবোৰ চাপানালা, উদমাৰিৰ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহাত  গঞা ৰাইজে ভুগিছে জমৰ যাতনা। ভয়ৰ সংকাত দিন কতাব লগিয়া হৈছে চামগুৰিৰ বহুকেইটা অঞ্চলৰ ৰাইজে। হাতী খেদিবলৈ গৈ সময়ে সময়ে বনৰীয়া হাতীৰ মৃত্যু নাইবা কেইবাজনৰো লোকৰ অকাল মৃত্যু ঘটিছে। গঞা ৰাইজৰ লগতে বনকৰ্মীৰ লোকো বনৰীয়া হাতীৰ সম্মুখত পৰি মৃত্যুমুখত পৰাৰো বাতৰি ইতিমধ্যে প্ৰকাশ পাইছে। ইয়াৰ মূল কাৰণ হৈছে প্ৰকাণ্ড এই প্ৰাণীবোৰৰ খাদ্য সামগ্ৰীৰ ভৰপূৰ পাহাৰৰ ওপৰত চলোৱা ধংশৰ বাবে। সেউজীয়া পাহাৰৰ গছ বন কাটি হিলং কৰা পাহাৰৰ পৰা খাদ্য সন্ধানত ওলাই আহে বনৰীয়া হাতীৰ বৃহৎ বৃহৎ জাক।

 

এই সময়তে বঢ়মপুৰ সমষ্টিৰ এটা পাহাৰীয়া অঞ্চলত দেখা পোৱা গৈছে এখন বিপৰীত ছবি।। বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত হাতীখলি ৰংহাং গাঁৱত "হাতীবন্ধু" নামৰ এটা সংস্থাই বনৰীয়া হাতীক খাদ্য যোগান ধৰিব পৰাকৈ বিশেষ প্ৰজাতিৰ উদ্ভিদ ৰোপন কৰি আহিছে তলাং পাহাৰৰ লগতে হাতীবোৰে খাব পৰাকৈ বিশেষ কিছুমান ঠাইত। এইবছৰো আৰম্ভ কৰিছে খেতি। প্ৰায় চাৰিশ বিঘা পাহাৰীয়া মাটিত হাতীয়ে খাবৰ বাবে ৰোপন কৰিছে নেফিয়াৰ ঘাহঁ, ঝাওবন, ঔটেঙা, কুম্ভীৰ, ডিমৰু ইত্যাদি বিভিন্ন প্ৰজাতিৰ গছ-লতা। ষাঠিৰ উদ্ধৰ সমাজকৰ্মী প্ৰদীপ ভূঞাৰ নেতৃত্বত স্থানীয় গঞা ৰাইজৰ সহযোগত "হাতীবন্ধু"এ হাতত লোৱা এই পৰিকল্পনাৰ দায়িত্ব বহন কৰি আহিছে চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ লগতে তেওঁৰ পত্নী মেঘনা ময়ূৰ হাজৰিকায়ে। হাতিবন্ধূৰ  অক্লান্ত পৰিশ্ৰম আৰু ত্যাগ স্বীকাৰত বিগত দুটা বছৰ ধৰি ভৈয়ামৰ কৃষক ৰাইজে কঠিয়া পেলোৱাৰ সময়ত বনৰীয়া হাতীৰ জাক গঞা ৰাইজৰ পথাৰলৈ নামি নগৈ খাদ্য খাবলৈ পাই অৱস্থান কৰিছিলে ৰংহাং গাৱৰ খেতি ডৰাতে। বিগত প্ৰায় দুটা সপ্তাহে বনৰীয়া হাতীৰ প্ৰায় ২৮ জনীয়া এটা জাকে ভৈয়ামৰ পথাৰলৈ নগৈ হাতীৰ কাৰণে ৰোপন কৰা গছ-লতা খাদ্য হিচাপে গ্ৰহণ কৰিছে হাতীবন্ধুৰ ৪০০ বিঘা জুৰা ঘাহঁনি ডৰাত। যাৰ বাবে ভৈয়ামৰ কৃষকৰ পথাৰত তথা হাতীখলি ৰংহাংৰ ওচৰপাজৰে থকা গাওঁ বালিজুৰি চলচলী বঢ়মপুৰৰ কিছু অঞ্চলত ক্ৰমশঃ বনৰীয়া হাতীৰ উপদ্ৰৱ কমি অহাত এতিয়া অতিশয় উৎফুল্লিত দুলু-মেঘনাৰ লগতে স্থানীয় গঞা ৰাইজ। আনহাতে এই প্ৰচেষ্টাক সলাগ লৈ,  কেইদিনমান পূৰ্বে ১৮ তাকৈ হাতীৰ অকাল মৃত্যুৰ পাছতেই বনবিভাগে ঘোষণা কৰা স্মৃতিসৌধৰ বিপৰীতে জধেমধে গছ-লতা কাটি তলাং কৰা পাহাৰৰ লগতে পাহাৰীয়া অঞ্চলত গছ ৰোপণ কৰিব লাগে বুলি আহ্বান জনায় প্ৰকৃতি প্ৰেমী ৰাইজে।

 

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খন শ্ৰেষ্ঠ ..................................

অসমৰ শিৱা ৰাণী কলিতাৰ কানাডাত অনুষ্ঠিত অটাৱা চলচ্চিত্ৰ মহোৎসৱত……

ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ  অসমৰ গৌৰৱ বিশ্বৰ বজাৰত ……..

ভিটামিন বি কমপ্লেক্সৰ বিষয়ে জানিবলগীয়া প্ৰয়োজনীয় .....................

ভিটামিন  কেপচুলৰ দ্বাৰা ছাল আৰু ছুলিৰ সৌন্দর্য বৃদ্ধি কৰিবলৈ ..............

 

0 Comments:

Post a Comment