আদৰ্শ-নৱজ্যোতিত আবকাৰী বিভাগৰ অভিযানঃ ৪০০০ লিটাৰ ফাৰমেন পাছ ধ্বংসঃ ~ সংবাদ প্ৰভাত

Friday, July 2, 2021

আদৰ্শ-নৱজ্যোতিত আবকাৰী বিভাগৰ অভিযানঃ ৪০০০ লিটাৰ ফাৰমেন পাছ ধ্বংসঃ

 

আদৰ্শ-নৱজ্যোতিত আবকাৰী বিভাগৰ অভিযানঃ ৪০০০ লিটাৰ ফাৰমেন পাছ ধ্বংসঃ

 

  কল্পনা ফুকন, গোলাঘাট, জুলাইঃ

 

গোলাঘাট জিলা ফৰকাটিং আবকাৰী বিভাগৰ অধীনস্থ আদৰ্শ, নৱজ্যোতি আৰু মাটি -খোলাত আজি আবকাৰী বিভাগে অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই চুলাই প্ৰস্তুত কৰিবলৈ সাজু কৰি থোৱা প্ৰায় ৪০০০ লিটাৰ ফাৰমেন পাছ ধ্বংস কৰে। জানিব পৰামতে আদৰ্শ গমাৰি পঞ্চায়তৰ অন্তৰ্গত পুলি বাগান বনাঞ্চলৰ নৱজ্যোতি গাঁৱৰ থৌ বৰা নামৰ কুখ্যাত চুলাই বেপাৰীটোৰ চুলাই ঘাটি ধ্বংস কৰা লগতে চুলাই প্ৰস্তুত কৰিবলৈ সাজু কৰি থোৱা প্ৰায় দুই হাজাৰ লিটাৰ ফাৰমেন পাছ ধ্বংস কৰে। পূৰ্বে এই চুলাই ব্যৱসায়ীটোৱে জেলৰ ভাত খাইছিল যদিও জেলৰ পৰা মুক্ত হৈ পুনৰ চুলাই ব্যৱসায়ত নামি পৰে। আন হাতে এই অভিযান কালত আবকাৰী বিভাগে ঘিলাধাৰী নদীৰ দুয়োকাষে পুৰণি মাটিখোলাৰ দুটা ব্যৱসায়ীৰ চুলাই ঘাটি ধ্বংস কৰা লগতে আদৰ্শ গাঁৱৰ মনোজ বৰা নামৰ আন এটা চুলাই ব্যৱসায়ীৰ চুলাই ঘাটি আৰু কেউটা ঘাটিতে দুহেজাৰ লিটাৰতকৈও অধিক ফাৰ- মেন পাছ ধ্বংস কৰে। অৱশ্যে আবকাৰী অভিযানৰ উমান পাই আটাইকেইটা চুলাই ব্যৱসায়ী পলায়ন কৰে। ইফালে অঞ্চলটোত আৰু অনেক চুলাই ঘাটিত দিনে-নিশাই অবৈধ চুলাইৰ ৰম্‌ৰমীয়া ব্যৱসায় চলি থকাত ৰাইজে শীঘ্ৰে অভিযান চলাবলৈ আবকাৰী বিভাগক দাবী জনাইছে।

0 Comments:

Post a Comment