নগাঁৱৰ কৃষ্ণইখাটত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আনন্দ প্ৰকাশ ~ সংবাদ প্ৰভাত

Thursday, July 1, 2021

নগাঁৱৰ কৃষ্ণইখাটত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আনন্দ প্ৰকাশ

 

 

নগাঁৱৰ কৃষ্ণইখাটত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আনন্দ প্ৰকাশ

 পৰীস্মিতা শইকীয়া, নগাঁও

কৃষক নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ মুক্তি হোৱাৰ পিছতে নগাঁৱৰ কৃষ্ণাইখাটত উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হৈছে । জিলাখনৰ বিভিন্ন স্থানৰ লগতে কৃষ্ণাইখাট অঞ্চলত কৃষক মুক্তি সংগ্ৰাম সমিতি , ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দলৰ সদস্য আৰু সমৰ্থক সকলে ফটকা ফুটাই , ঢোল-তাল বজাই বিহু নাচি এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে ন্যায়ালয়ৰ সিদ্ধান্তক আদৰনী জনাই । এই সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাওঁ জিলা সমিতিৰ সাধাৰণ সম্পাদক জিতেন বৰাই  অখিল গগৈক ন্যায় দিয়া মানে অসমৰ শ্ৰমজীবি আৰু কৃষক ৰাইজক ন্যায় দিয়া বুলি মন্তব্য কৰে । এই কাৰ্যসূচীত কৃষক নেতা ডাঃ ৰিয়াজ উদ্দীন আহমেদ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মনোজ সিংহ ৰাজাকে ধৰি বহুকেইজন কৃষক নেতাই অংশগ্ৰহণ কৰে।

0 Comments:

Post a Comment