আমি সঁচাকৈ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ নে?? ~ সংবাদ প্ৰভাত

Thursday, July 1, 2021

আমি সঁচাকৈ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ নে??

 আমি সঁচাকৈ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ নে??


সাংবাদিক হিচাপে মোৰ প্ৰথম পৰিচয়৷ দ্বিতীয়তে লেখক, আন আন..৷ এটা ব্যৱসায়িক পৰিয়ালত জন্ম হোৱা, লাভ-লোকচানৰ মাজতেই প্ৰতিটো কথা পৰিমাপ কৰা মোৰ ঘৰখনে কেতিয়াও বিচৰা নাছিল মই সাংবাদিক হোৱাটো৷ কিন্তু জীৱনত সদায় সোঁতৰ বিপৰীতে সংগ্ৰাম কৰাৰ বাবেই মই এদিন সাংবাদিক হিচাপে কলমটো দাঙি লৈছিলো আৰু তেতিয়াৰ পৰা আজিলৈকে সংগ্ৰাম কৰি আহিছোঁ৷ সাংবাদিকতাৰ বাবে পিতৃ-পৰিয়ালৰ দ্বাৰা ত্যাজ্য হব লগা হোৱা মোৰ জীৱন প্ৰৱাহত কেতিয়া হাঁহি, কেতিয়াবা কান্দোন, অলপ অশ্ৰু, অলপ হাঁহি অলপ নেদেখা ডাৱৰৰ দৰে আগবাঢ়ি গৈছে৷ সাংবাদিকতা নামত ৰঙা পইচা এটাৰ ইফাল-সিফাল কৰি পোৱা নাই তথাপি বন্ধুমহলত মই সাংঘাতিক৷ মোৰ নিজৰ ওপৰত বিশ্বাস আছেজীৱনত বৰ্তমানলৈকে মই কাকো কোনো অপকাৰ কৰি পোৱা নাই, বৰঞ্চ নিজৰ সামৰ্থৰ ভিতৰত যিমান সম্ভৱ উপকাৰ কৰিছোঁ৷ লগতে নেদেখাজনৰ ওচৰত সদায় প্ৰাৰ্থনা এনেদৰে মোৰ সৰু পৰিয়ালটো যেন জীয়াই থাকিব পাৰে সমাজত মূৰ দাঙি, স- সন্মানেৰে৷ অপবাদ, অপ্ৰচাৰ আদিয়ে কেতিয়াবা আমাক দিকভ্ৰান্ত নকৰা নহয় নহয়, সেয়ে কেতিয়াবা কেতিয়াবা মাধ্যমটোৰ পৰা আঁতৰি গৈ বেলেগ স্থানত নিজকে ব্যস্ত কৰাৰ চেষ্টা কৰো যদিও কপাল লাগি থকা কলা দাগৰ দৰে সাংবাদিকতাই যেন মোৰ পিছ নেৰে৷ মই কেনেবাকৈ হলেও মাধ্যমটোলৈ উভতি আেঁহাঁ৷ আজি সংবাদ প্ৰভাতৰ সম্পাদকৰ দায়িত্ব লোৱা তেনে এক ঘটনা বুলি কলেও ভুল কৰা নহব৷ তথাপি এতিয়া মই এই মাধ্যমত থাকি গৌৰৱ অনুভৱ কৰো নিজকে নিজেই বুকুত হাত থৈ কব পাৰো আমি গণতন্ত্ৰৰ চতুৰ্থ স্তমভৰ বাতাৰ্বাহক সাংবাদিক৷ মোৰ সাংবাদিকতাৰ গড ফাদাৰ বুলি কলে প্ৰয়াত হোমেন বৰগোহাঞি ছাৰ কথা সদায় উল্লেখ কৰি যাৱ লাগিব৷ যিজন ব্যক্তিৰ প্ৰেৰণাত মই লেখি গৈছিলো, যাৰ চেষ্টাত উন্নত হৈছিল মোৰ লেখন শৈলী, বাক্য গাঁথনি৷ আজি সেই নমস্যজন নাই তথাপি মই সদায় জীৱনৰ বাটত স্মৰণ কৰি যাম তেখেতক, একেদৰে পাহৰিব নোৱাৰো দৈনিক জনমভূমি কাকতৰ প্ৰাক্তন আৱাসিক সম্পাদক অৰুণ দাস, মিহিৰাম বৰা, শাংকৱ কৌশিক বৰুৱা, প্ৰয়াত দেৱ কুমাৰ বৰা, তাজউদ্দিন আহমেদ, ¸ একেদৰে সোণাৰিৰ চাহ বাগিচাৰ কবি আফতাবুল হুচেইন, আলফ্ৰেড ৰহমান, প্ৰয়াত আব্দুল ৰফিক, গদা চুতীয়া, তৰুণ কোৱৰ, হৰবৰ মুদৈ, দিপক পাল, আলতাফ হুচেইন আদিক৷ সাংবাদিক অজিত ভূঞা আজিও মোৰ মাৰ্গদৰ্শক৷ বহুজনৰ নাম এতিয়া পাহৰিছোঁ৷ কিন্তু আন আন ক্ষেত্ৰত সহসৃজন আছে সেইসকলৰ নাম উল্লেখ কৰাটো সম্ভৱ নহয়৷ এতিয়া মূল প্ৰসংগলৈ উভতি আহোঁ৷


    মোৰ এজন সাংবাদিক বন্ধুৱে এদিন হতাশাত কৈছিল-বন্ধু যি ব্যক্তিয়ে জীৱনত একো কাম কৰিব নোৱাৰে সি সাংবাদিক হয়৷ সেই সময়ত মই বন্ধুৰ কথা শুনি হাঁহি দিছিলো কিন্তু জীৱনৰ বাটত বন্ধুৰ কথা কিন্তু সাৰমৰ্ম বিচাৰি পাইছিলো৷ সাংবাদিকতা কৰি যেতিয়া ভাড়া ঘৰৰ মালিকক সময়ত ঘৰ ভড়া দিব নোৱাৰো, ৰা-ছোৱালীক স্কুলৰ ফিজ দিব নোৱাৰো, আনে খোৱা দামী মাছ-মাংস অলপ নিজৰ ঘৰলৈ নিব নোৱাৰো৷ কিন্তু মোতকৈ পঢ়াত বেয়া, সকলোতে পিচপৰাজনে যেতিয়া বিলাসী গাড়ীত উঠি মোৰ মুখত ধোঁৱা মাৰি পাৰ হৈ যায় তেতিয়া অনুভৱ হয়, বন্ধুৰ সেই কথাৰ সাৰমৰ্ম৷ অৱশ্যে জীৱনত এতিয়ালৈকে বহুতো শিকিলোঁ, এতিয়া যথেষ্ট সুস্থিৰ মোৰ জীৱন৷ এই ক্ষেত্ৰত মোৰ জীৱনৰ বাটত এজন ব্যক্তিৰ নাম সদায় স্মৰণীয় হৈ থাকিব, তেওঁ হল নেইমচৰ সঞ্চালক, বিশিষ্ট উদ্যোপতি অঞ্জন প্ৰতীম গগৈ৷ যি মোক নতুনকৈ জীৱন গঢ়াৰ পটভূমি দিলে৷ এতিয়া মই অসমৰ দহজন সাংবাদিকতকৈ বহু উন্নত জীৱন এটা অতিবাহিত কৰিবলৈ সক্ষম হৈছো৷ ধন্যবাদ অঞ্জন দা৷


   অসমত সাংবাদিকতা কৰি জীয়াই থাকিব পৰা এটা পৰিৱেশ এতিয়া আহি পৰিছে৷ অতীতৰ সেই পৰিৱেশ নাই, ¸ সাংবাদিকে এতিয়া পেটত গামোচা বান্ধি জীয়াই থাকিব নালাগে৷ অথাৎ ব্যৱসায়িক সাংবাদিকতাৰ পথ মুকলি হৈছে৷ অৱশ্যে মই প্ৰৱঞ্চনাৰ সাংবাদিকতাৰ কথা কোৱা নাই৷ সত্যত থাকি সুন্দৰভাবে জীৱন এতিয়া সংবাদিকতাৰ মাজত অতিবাহিত কৰিব পাৰি, আনে পাৰক বানোৱাৰক নাজানো আজিৰ তাৰিখত মই একমাত্ৰ কলমটো ধৰি অৰ্ধ লক্ষ টকা উপাৰ্জন কৰো আৰু সেই টকাৰে পৰিয়ালটো অতি সুন্দৰভাবে অতিবাহিত হয়৷ যত প্ৰৱঞ্চনাৰ ৰঙা পইচা এটা নাথাকে৷ এতিয়া মই কলেজত চাকৰি কৰা, আন কৰবাত কিবা কৰাটো মাথোঁ নামমাত্ৰ৷ গতিকে ডিজিটেল যুগত উক্ত মাধ্যমৰ সহায়লৈ সুন্দৰভাবে নিজেই চলি জীৱনটো অতিবাহিত কৰিব পৰা যায়৷ আমাৰ সাংবাদিকসকলে এতিয়া সেই মাধ্যমবোৰত সাংবাদিকতা কৰাৰ বাবে আগবাঢ়ি আহিব লাগে৷ পৰ্টেলৰ সাংবাদিকতা কৰি সেই মাধ্যমত আহিব নোৱাৰি৷ যাৰে মন যায় সেইজনে পৰ্টেল খুলি সাংবাদিকতাৰ পৱিত্ৰ মঞ্চখন কুলষিত কৰাৰ অৰ্থ নাই৷ সময়ত আমি সকলোকে সেই মাধ্যমবোৰৰ প্ৰশিক্ষণ, জ্ঞান দিয়াৰ চেষ্টা কৰিম৷ আমি গণতন্ত্ৰৰ চতুৰ্থ স্তমভ হয়৷ অনাগত দিনটো হৈ থাকিম৷ [ক্ৰমশঃ]


0 Comments:

Post a Comment