অসমৰ থলুৱা অৰ্থনীতিৰ পুনৰুদ্ধাৰ- ʼʼযি জাতীয়ে নিজৰ পথাৰ আৰু বজাৰ ৰক্ষা কৰিব নোৱাৰে, সি নিজকো ৰক্ষা কৰিব নোৱাৰে।ʼʼ ~ সংবাদ প্ৰভাত

Friday, July 2, 2021

অসমৰ থলুৱা অৰ্থনীতিৰ পুনৰুদ্ধাৰ- ʼʼযি জাতীয়ে নিজৰ পথাৰ আৰু বজাৰ ৰক্ষা কৰিব নোৱাৰে, সি নিজকো ৰক্ষা কৰিব নোৱাৰে।ʼʼ

 

অসমৰ থলুৱা অৰ্থনীতিৰ পুনৰুদ্ধাৰ।

 

  ময়ুৰী শইকীয়া, যোৰহাট।

 

বিশ্বব্যাপী বিয়পি পৰা কৰʼণাই দেশ-বিদেশ সকলোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। চীন, ইটালী আৰু আমেৰিকাকে ধৰি প্ৰায়বোৰ উন্নত দেশৰ লগতে আমাৰ ভাৰতবৰ্ষতো যথেষ্ট প্ৰভাৱ পেলাইছে। সেয়ে  ভয়াবহপূৰ্ণ পৰিস্থিতিৰ পৰা সুৰক্ষা পাবলৈ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ২৫ মাৰ্চ,২০২০ ত দেশযোৰা লকডাউন ঘোষণা কৰে। এনে লকডাউনৰ ফলস্বৰূপে যাতায়ত- যোগাযোগ, দোকান-পোহাৰ তথা সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক কেউটা দিশতে বিৰূপ প্ৰভাৱ পৰে। যিহেতু এখন দেশৰ অৰ্থনীতি, ব্যক্তি বা সমাজৰ সকলো শ্ৰেণীৰ আদান- প্ৰদান, আমদানি-ৰপ্তানিকে ধৰি ভিন্ন উৎপাদনমূলক কাম-কাজৰ ওপৰত নিৰ্ভৰশীল। সেয়ে সম্প্ৰতি এই সংকটময় পৰিবেশত আমাৰ ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰত কু-প্ৰভাৱ পৰিলক্ষিত হয়।

      

আমাৰ অসমত দেখিবলৈ পোৱা থলুৱা ক্ষুদ্ৰ, মধ্যম আৰু বৃহৎ উদ্যোগ প্ৰতিষ্ঠানে উৎপাদন বন্ধ কৰাৰ উপক্ৰম হৈছে। উদ্যোগসমূহ বন্ধ হৈ পৰাৰ ফলত উৎপাদন হ্ৰাস হোৱাই নহয়, সেইসমূহৰ কৰ্মচাৰীৰ পৰিয়ালৰ জীৱনলৈ সংকট নামি আহিছে।লগে লগে কৃষিখণ্ডলৈকো বিভিন্ন সমস্যাই গা কৰি উঠিছে।

   

যিহেতু আমাৰ অসমৰ থলুৱা উদ্যোগ তথা অৰ্থনৈতিক বিকাশৰ অন্যতম কাৰণ হ'ল চাহ উদ্যোগ, পেট্ৰোলিয়াম ভিত্তিক উদ্যোগ,ৰবৰ,প্লাইবৰ্ড উদ্যোগকে আদি কৰি কাগজকল, নূমলীগড়ৰৰ ৰিফাইনেৰি, সাৰ কাৰখানা, আৰু তেজপুৰৰ পতঞ্জলি উৎপাদন শাখা আদিত পূৰ্বতে যি সক্ৰিয়তা তথা যি উদ্যমতাৰে কৰ্মকৰ্তাই কাম কৰিছিল, বৰ্তমান লকডাউনৰ  বাবে সকলো ঘৰতে আবদ্ধ থাকিবলগীয়া হোৱাত উৎপাদন কাৰ্য্যও বন্ধ হৈ পৰে। এনে সংকটে দেখা দিয়াৰ বাবে প্ৰত্যেকটো উদ্যোগতে অৰ্থনৈতিক সংকটৰ সূচনা হয়। আৰ্থিক অৱস্থা অস্থিৰ হোৱাত বহু কৰ্মচাৰীয়ে কামৰ অভাৱত পৰিয়াল- পোহপাল দিবলৈকো অচলাবস্থাৰ সম্মুখীন হয়।

    

নিজৰ উপাৰ্জনৰ স্থল নথকাৰ মূল কাৰণেই আছিল উৎপাদন বন্ধ হৈ পৰা। এনেদৰে কষ্টৰে ধন মোকলোৱা সাধাৰণ জনতাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাই বাৰুকৈয়ে ব্যক্তিগত জীৱনত প্ৰভাব পেলোৱাৰ লগতে ৰাজ্যৰ আৰ্থিক দিশতো প্ৰভাৱ পেলাইছে।যাৰ বাবে অৰ্থনৈতিক ক্ষেত্ৰখন বহু পিছপৰি ৰয়, অসমবাসীৰ জীৱন তথা জীৱিকাৰ মূল বৃত্তি হ'ল ʼকৃষিʼ।এই কৃষিখণ্ডলৈকো বহু প্ৰত্যাহ্বান নামি আহিছে। ঠায়ে ঠায়ে যুটিয়াভাৱে আৰু কোনোৱে ব্যক্তিগতভাৱে যি শাক-পাচলি, ফলমূলকে আদি কৰি ভিন্ন ঋতুগত খেতি কৰি জীৱন নিৰ্বাহ কৰিছিল সেইসকল লোকৰ লগতে মসৎপালক সকল,হাঁহ- কুকুৰাকে ধৰি জীৱ-জন্তু পালকসকলৰ ভিতৰত গো পালক সকলে উৎপাদিত গাখীৰ বিক্ৰী কেন্দ্ৰ সমূহ বন্ধ থকাত বহু গো-পালকে নলাত গাখীৰ পেলাব লগা পৰিস্থিতিয়েও দেখা দিছে। এইদৰে বহু ক্ষুদ্ৰ ব্যবসায়ী সমস্যাৰ গৰাত পৰিছে। যিহেতু কিছুমান খেতি নিৰ্দিষ্ট ঋতুত কৰা হয় আৰু সৌভাগ্যবশতঃ যে এই বৰ্ষত অন্য বছৰতকৈ উৎপাদনৰ পৰিমান অধিক হৈছিল। কিয়নো কৃষকসকলে নিজৰ কৃষিভূমিত উৎপাদন বৃদ্ধি কৰিবৰ বাবে বেংকৰ পৰা ঋণ লোৱাৰ উপৰিও কৃষিভূমিত উন্নত মানদণ্ডৰ বীজ ব্যবহাৰ কৰিছিল।

 

আতংকৰ ৰূপ লৈ মানৱ দেহলৈ সংক্ৰামিত হোৱা কৰʼণাই সমগ্ৰ মানৱ সমাজলৈ যি ভয়াবহতাৰ ছবি কঢ়িয়াই আনিছে,সেইয়াই আমাৰ অসমৰ অৰ্থনীতিত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। দেশৰ তথা ৰাজ্যৰ সকলো জনতা ঘৰৰ ভিতৰতে আবদ্ধ থাকিবলগীয়া হোৱাত কৰ্মহীনতাই দেখা দিছে, আত্মৰক্ষাৰ হেতু সাধাৰণৰ পৰা ৰাষ্টৰ প্ৰধানলৈকে সকলোৱে সামাজিক দুৰত্ব আৰু চৰকাৰী নিয়ম মানি চলিছে। যিহেতু আমাৰ অসমৰ বা গাওঁবোৰেই উন্নয়নৰ মূল শিপা। গাঁওয়েই আমাৰ ভেঁটি। বৰ্তমান জনসংখ্যা বৃদ্ধিৰ ফলত দেখা দিয়া সমস্যা আৰু লকডাউনৰ বাবে বহি ৰাজ্যত কৰ্মৰত লাখ লাখ শ্ৰমিকৰ আগমনে ভবিষ্যতে দেখা দিব পৰা খাদ্য সংকটৰ সমস্যাই সমগ্ৰ ৰাজ্যৰ বাসিন্দাক চিন্তিত কৰি তুলিছে। এনেদৰে আমাৰ অসমলৈ অহা বহু লোকৰ ফলত দেখা দিব পৰা খাদ্য সংকট, বাসস্থানৰ সংকট আৰু অন্যান্য সংকটে অসমৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাব। সেয়ে আমাৰ প্ৰধান কাম হ'ল সাৰুৱা মাটিৰ উচিত বব্যহাৰ কৰা।

 

অম্বিকাগিৰী ৰায়চৌধুৰৰ মতে,  ʼʼযি জাতীয়ে নিজৰ পথাৰ আৰু বজাৰ ৰক্ষা কৰিব নোৱাৰে, সি নিজকো ৰক্ষা কৰিব নোৱাৰে।ʼʼ ঘৰতে আবদ্ধ জনগণই নিজৰ কৃষিভূমিত বা পথাৰতে কৃষিকৰ্ম আৰম্ভ কৰি অসমৰ অৰ্থনীতিক পুনৰুদ্ধাৰ কৰিবলৈ পথ মোকলাৱ পাৰে। যদিহে সকলো একত্ৰিত হৈ দলগতভাৱে কোনে কি খেতি কৰিব তাক নিৰ্ধাৰণ কৰি পৰিকল্পিত কৃষিকৰ্ম আৰম্ভ কৰে তেতিয়া নিশ্চয় সফলতা লাভ কৰিব। যিহেতু এনে সময় ধান খেতিৰ বাবে অধিক উপযোগী সেয়ে জৈৱিক সাৰ প্ৰয়োগ কৰি নৈৰ পানীকে খেতি- পথাৰত যোগান ধৰি বহু কৰ্মহীন শ্ৰমিকে অধিক শস্য উৎপাদন‌ কৰি থলুৱা প্ৰতিষ্ঠানক যোগান ধৰিব পাৰে। পৰম্পৰাগতভাৱে চলি অহা সামগ্ৰী প্ৰস্তুত প্ৰণালী প্ৰয়োগৰ লগতে উৎপাদিত সামগ্ৰী ওচৰৰ বিক্ৰী কেন্দ্ৰতে যোগান ধৰিব পাৰে,যাৰ দ্বাৰা গ্ৰাহকৰ প্ৰয়োজন পুৰণ হোৱাৰ লগতে ৰাজ্যৰ অৰ্থনৈতিক দিশৰো উন্নতি সাধন হব।

   

বৰ্তমান এনে মহামাৰীৰ বাবে বিদেশত আবদ্ধ যিসকল শিক্ষাৰ্থী উভতি আহে তেওঁলোকে নিজৰ নিজৰ অঞ্চলত সাধাৰণ জনগণক একত্ৰিত কৰি কিদৰে পেলনীয়া সামগ্ৰীৰ উপযুক্ত ব্যবহাৰ কৰিব পাৰি অথবা কিদৰে উৎপাদনমূখী কামত নিয়োজিত হৈ স্বাবলম্বীতাৰ পথ মোকলাৱ পৰা যায় সেই সম্পৰ্কে অৱগত কৰিব লাগে। ইয়াৰোপৰি চাহ উৎপাদন কেন্দ্ৰকে ধৰি অন্যান্য প্ৰতিস্থানত তেওঁলোকে সহায় আগবঢ়ালে সেইসমূহত কৰ্মৰত লোকসকলে যথেষ্ট সকাহ পাব। আমাৰ অৰ্থনৈতিক ক্ষেত্ৰখনৰ প্ৰতি ভয়াবহতা‌ নামি অহাৰ অন্য এক কাৰক হ'ল দৰিদ্ৰতা। থলুৱা উৎপাদন ভিত্তিক উদ্যমী শ্ৰেণী গঠন কৰি শাখা-প্ৰশাখা প্ৰসাৰিত কৰিলে সামাজিক তথা অৰ্থনৈতিক ক্ষেত্ৰত আমাৰ অসম শক্তিশালী হ'ব। থলুৱা জনগণই উদ্যমতাৰে সাংস্কৃতিক আকোঁৱালি ললেই  উন্নয়নৰ দিশে পুনৰ অসমে গতি কৰিব আৰু আত্মবহনক্ষম পৰিবেশ গঢ়ি তুলিব পৰা যাব। ইয়াৰোপৰি ৰাজ্য চৰকাৰে কৃষিক্ষেত্ৰতেই হওক বা শিক্ষাৰ ক্ষেত্ৰতেই হওক বা অঞ্চলসমূহৰ উন্নয়নৰ ক্ষেত্ৰত ঋণ আগবঢ়াই আহিছে, তাৰোপৰি অসমৰ মাটিত ভিন্ন ফল-মূল আৰু বিবিধ শাক-পাচলিৰ বাবে উপযোগী সেয়ে প্ৰত্যেকেই আগবাঢ়ি আহি হাতে- কামে লাগিলে নিশ্চয় পুনৰ আৰ্থিক দিশত আগবাঢ়িব পাৰিব।

 

যিহেতু সাম্প্ৰতিক পৰিস্থিতিত সঘনে ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱা সম্ভৱ নহয় বা এই মহামাৰীৰ অন্ত কেতিয়া পৰিব সেয়া হয়তো কোনেও নাজানে। সেয়েহে এনে পৰিস্থিতিত সামাজিক মাধ্যম যেনে-ইন্টাৰনেট সেৱাৰ দ্বাৰা ইলেক্ট্ৰনিক ব্যবসায়ৰ আৰম্ভ কৰিব পাৰে, গতিকে কৃষিখণ্ডতো উন্নত তথা বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰি অধিক শ্ৰমিক নিয়োগ কৰি কৰ্মক্ষেত্ৰত আগবাঢ়িব লাগিব। এনে পদক্ষেপ গ্ৰহণ কৰিলে প্ৰত্যেক অঞ্চলৰে আৰ্থিক দিশ বিকাশ সাধন হোৱাৰ লগতে নিবনুৱা সকলো কৃষিখণ্ডত নিয়োজিত হৈ অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। কিয়নো সম্প্ৰতি,কৰʼণাৰ আতংকত বিশ্বজুৰি ২৫ মিলিয়ন লোকে চাকৰি হেৰুৱাব বুলি সমীক্ষাত উল্লেখ কৰে, সেয়ে ইয়াৰ প্ৰভাৱ অসমতো পৰিব।যাৰ বাবে প্ৰত্যেক গাঁৱৰ লোক সংগঠিত হৈ থলুৱা উদ্যমী মনোভাৱেৰে কৰ্মত লিপ্ত হৈ উঠিব লাগিব, তেতিয়াহে অৰ্থনৈতিক ক্ষেত্ৰখনৰ ধনী-দুখীয়া সকলোৰে প্ৰয়োজন পুৰণ সম্ভৱ হ'ব।

   

এইসমূহৰ উপৰিও অসমৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰিবলৈ পৰিকল্পিত অৰ্থনৈতিক পৰিকল্পনা আৰু অৰ্থনৈতিক সংগ্ৰামৰ প্ৰয়োজন। কিয়নো পৰিকল্পিত আঁচনিৰ প্ৰয়োগে অসমৰ পৰা বহি ৰাজ্যলৈ  প্ৰবাহিত ধনৰ সোঁত ৰোধ কৰিব পৰা যাব। ইয়াৰ বাবে থলুৱা উদ্যোগৰ উপৰি কৃষিখণ্ড, বাণিজ্যখণ্ড আৰু ব্যক্তিগতখণ্ড সকলোৱে বজাৰ পৰিকল্পনা, উপযুক্ত শুল্ক প্ৰয়োগ আৰু কৃষিৰ ক্ষেত্ৰত মূল্য সংযোজিত সামগ্ৰী বিপনীৰ যোগেদি আৰ্থিক লাভ আদায় কৰা আৰু উৎপাদিত সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰাত যথেষ্ট গুৰুত্ব প্ৰদান কৰিব লাগিব। তেনেদৰে পদক্ষেপ গ্ৰহণ কৰিলে অৰ্থনৈতিক দিশ লকডাউনৰ পৰৱৰ্তী সময়ত নিশ্চয় সজীৱ হৈ উঠিব। ইয়াৰোপৰি অসম চৰকাৰে বৰ্তমান হস্ততাঁত বিভাগৰ পৰা ৰাজ্যৰ ১৬ লাখ শিপিনীলৈ লকডাউনৰ সময়ত হোৱা ক্ষতি পূৰণ কৰিব বুলি প্ৰকাশ কৰে লগতে ৰাজ্যৰ কৃষকসকলৰ বাবে আৰ্থিক সাহায্য আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ বাবে বিনামূলীয়া ৰেচনৰ ব্যবস্থা কৰিছে। গ্ৰাম্য অঞ্চলৰ শিশুসকলৰ বাবে বিনামূলীয়া খাদ্য যোগান ধৰাৰ লগতে থলুৱা উদ্যোগীসকলক সকাহ  দিবৰ বাবে ভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। কাৰ্বি-আংলং ৰবৰ উৎপাদন কেন্দ্ৰৰ ৰবৰ সমূহ কাৰ্বি স্বায়ত্ত পৰিষদে ক্ৰয় কৰে। এনেদৰে অসম চৰকাৰে ভিন্ন পদক্ষেপ গ্ৰহণ কৰি অসমৰ আৰ্থিক অৱস্থা সুস্থিৰ কৰিবলৈ যত্ন কৰে।

 

সংকটৰ সন্মুখীন হোৱা জনগণই সাহস আৰু উদম্যতাৰে কৰ্মত আগবাঢ়িলে নিশ্চয় আৰ্থিক তথা ৰাজ্যৰ অৰ্থনৈতিক দিশৰ বিকাশ হ'ব।


প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে 6 খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ

অসমৰ শিৱা ৰাণী কলিতাৰ কানাডাত অনুষ্ঠিত অটাৱা চলচ্চিত্ৰ মহোৎসৱত( Ottawa Film Festival) শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ;

ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ অসমৰ গৌৰৱ বিশ্বৰ বজাৰত সোণালী সূতা ৰেচমৰ


0 Comments:

Post a Comment