সৃজনশীল প্ৰতিভাৰে চৰ্চালৈ বৰপেটাৰ ভৃংকুল মণি দাস ~ সংবাদ প্ৰভাত

Thursday, July 8, 2021

সৃজনশীল প্ৰতিভাৰে চৰ্চালৈ বৰপেটাৰ ভৃংকুল মণি দাস

 

সৃজনশীল প্ৰতিভাৰে চৰ্চালৈ বৰপেটাৰ ভৃংকুল মণি দাস

 

সুকান্ত ৰঞ্জন দাস, বৰপেটা ৰোড

কভিড সৃষ্ট পৰিৱেশৰ বাবে ৰাজ্যত চলি আছে আংক্ষিক লকডাউন বন্ধ হৈ আছে স্কুল কলেজ৷ এনে সময়তে সৃজনশীল প্ৰতিভাৰে চৰ্চালৈ এগৰাকী ছাত্ৰী৷ বৰপেটাৰ এগৰাকী প্ৰতিভাৱান যুৱতী৷ আংক্ষিক লকডাউনৰ সময়ত সময় অপচয় নকৰি পেলনীয়া সামগ্ৰীত তুলি ধৰিছে বিশিষ্ট ব্যক্তিৰ চিত্ৰ৷ পেলনীয়া বটলত চিত্ৰ অংকন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো৷ যিটো সময়ত ৰাজ্যৰ স্কুল কলেজ বন্ধ হৈ আছে সেই সময়তে নিজৰ প্ৰতিভা দেখুৱাবলৈ সক্ষম হৈছে বৰপেটাৰ পাটবাউসিৰ কাহিবাৰীৰ যুৱতী ভৃংকুল মণি দাসে৷ প্ৰায় ৪৫মিনিটৰ ভিতৰত এটি বটল আপোনাৰ হুবহু চিত্ৰ অংকন কৰি দিব পাৰে ভৃংকুল মণি দাসে৷ সৰুৰে পৰা ছবি অকাৰ প্ৰতি আগ্ৰহী ভৃংকুল মণি এটিয়া পেলনীয়া সামগ্ৰীবোৰৰ ন-ৰূপ দি আকিছে বিশিষ্ট ব্যক্তি সকলৰ চিত্ৰ৷ বি এইচ মহাবিদ্যালয়ত অধ্যয়নৰত এই গৰাকী যুৱতী এটিয়া চৰ্চাত সামাজিক মাধ্যমতো৷ ভৃংকুল মণিক এইক্ষেত্ৰত সহায় সহযোগীতা কৰি আহিছে মাতৃৰ লগতে পৰীয়াল বৰ্গই।

 

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে 6 খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ

0 Comments:

Post a Comment