বৰডুবি আৰক্ষীৰ বৃহৎ সাফল্য। তিনি মহিলা সহ সাত টাকৈ জুৱাৰীক আটক, চাৰিজনক ন্যায়িক জিম্বা লৈ প্ৰেৰণ কৰে। ~ সংবাদ প্ৰভাত

Friday, July 2, 2021

বৰডুবি আৰক্ষীৰ বৃহৎ সাফল্য। তিনি মহিলা সহ সাত টাকৈ জুৱাৰীক আটক, চাৰিজনক ন্যায়িক জিম্বা লৈ প্ৰেৰণ কৰে।

 

বৰডুবি আৰক্ষীৰ বৃহৎ সাফল্য। তিনি মহিলা সহ সাত টাকৈ জুৱাৰীক আটক, চাৰিজনক ন্যায়িক জিম্বা লৈ প্ৰেৰণ কৰে।

   প্ৰতিবেদক, দুলীয়াজান


এইবাৰ  ভাং কানি বা মদৰ বিৰুদ্ধে নহয়।  বৰডুবি আৰক্ষী এইবাৰ নামিল অবৈধ  জুৱাৰ বিৰুদ্ধে। তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানাত কোনো কাহানিও নোহোৱা নেদেখা এক দৃশ্য এতিয়া সুলভ হৈ পৰিছে থানা খনত ।


উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ চাহ নগৰী হিচাপে খ্যাত বৰডুবি আৰক্ষী থানাৰ অন্তৰ্গত  দেওহাল চাহ বাগিচাৰ অফিচাৰ কলনিত বুধবাৰে নিশা এটা জুৱাৰীৰ দলে জুৱা খেলি থকাৰ খবৰ বৰডুবি আৰক্ষীযে এক গোপন সূত্ৰৰ ভিত্তিত লাভ কৰাত মহিলা আৰক্ষী বিষয়ানী ইন্দ্ৰেশ্বৰী  পেগুৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে ঘৰটোত অভিযান চলাই চাৰিজন পুৰুষ সহ তিনিগৰাকী মহিলাক আটক কৰিবলৈ সক্ষ্যম হয় । আটকাধীন জুৱাৰীৰ দলটোৰ পৰা আৰক্ষীয়ে  উদ্ধাৰ  কৰিছে ১০ যোৰ টাছ পাত আৰু নগদ ৪৭৫০ টকা জব্দ কৰে।

 

ইফালেদি বৰডুবি আৰক্ষীয়ে তিনিগৰাকী মহিলাক থানাৰ পৰা ব্যক্তিগত জ্যামিনত মুকলি কৰি দিয়াৰ বিপৰীতে  তিনিচুকীয়া  নখৰাই গাঁৱৰ অমৰজ্যোতি গোহাঁই(২৩) তিনিচুকীয়া বজালতলি গাঁৱৰ মানস হাজৰিকা(৩১) বৰ লাইপুলি গাঁৱৰ ৰেৱতী গগৈ (২৯) আৰু দেওশাল চাহ বাগিচাৰ মনোজ সোণোৱাল(৫০)ক অসম গেম এণ্ড বেটিং এক্ট ১৯৭০ অধীনত ভাৰতীয় দণ্ডবিধি আইনৰ ১৪/১৫ ধাৰাত ১০৭/২০২১ গোচৰ ৰুজু কৰি চাৰিজন অভিযুক্তক ন্যায়িক জিম্বালৈ প্ৰেৰণ কৰিছে।


মন কৰিবলগীয়া যে দীৰ্ঘদিন ধৰি বৰডুবি অঞ্চলত পূৰ্বৰ আৰক্ষী বিষয়া সকলৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি এচাম দুষ্ট চক্ৰই এনে ধৰণৰ মদ ,ভাং, কানিৰ লগতে জুৱা খেল চলাই চাহ নগৰী খনত পৰিবেশ বিনষ্ট কৰি আহিছিল।


আজি বৰডুবি থানাৰ নৱ নিযুক্ত মহিলা আৰক্ষী বিষয়া গৰাকীৰ এনে পদক্ষেপক শিক্ষিত সমাজে আদৰণি জনাইছে। লগতে ভৱিষ্যতে যাতে এনে ধৰণৰ  অসামাজিক কাম বৰডুবি অঞ্চলত হব নোৱাৰে তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ মহিলা আৰক্ষী বিষয়া গৰাকীয়ে  আহ্বান জনাইছে।


প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে 6 খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ


0 Comments:

Post a Comment