ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ বৰপেটা ৰোড ৰেলৱে ষ্টেচনৰ সমীপত অৱক্ষয় মূৰ্ত্তি উন্মোচন কৰিলে- ড০ হিমন্ত বিশ্ব শৰ্মাই ~ সংবাদ প্ৰভাত

Tuesday, July 6, 2021

ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ বৰপেটা ৰোড ৰেলৱে ষ্টেচনৰ সমীপত অৱক্ষয় মূৰ্ত্তি উন্মোচন কৰিলে- ড০ হিমন্ত বিশ্ব শৰ্মাই

 

 

 ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ বৰপেটা ৰোড ৰেলৱে ষ্টেচনৰ সমীপত অৱক্ষয় মূৰ্ত্তি উন্মোচন কৰিলে- ড০ হিমন্ত বিশ্ব শৰ্মাই

  প্ৰতিবেদক:  সুকান্ত ৰঞ্জন দাস,  বৰপেটাৰোড

 

আজিৰ দিনটো অত্যন্ত মংগলময় আৰু স্মৰণীয় দিন। আজিৰ দিনটোতে জনসংঘৰ প্ৰতিস্থাপক সভাপতি, ভাৰতৰ প্ৰথম গৰাকী উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জন্ম হৈছিল। মুখাৰ্জীয়ে সংবিধানৰ ৩৭০ ধাৰা বিলুপ্তিকৰণ, জম্মু কাশ্মীৰক সম্পূৰ্ণ ভাবে ভাৰতবৰ্ষত বিলয়কৰণ আৰু পাকিস্তানৰ দেশ  বিভাজনৰ লুন্ঠনৰ বলি হোৱা হিন্দু আৰু শিখ সকলৰ হৈ তেখেতে জীৱনজোৰা সংগ্ৰামত অবতীৰ্ণ হৈছিল।নিজে বৌদ্ধ ধৰ্মৰ ব্যক্তি নহৈও ভাৰতৰ মহা বৌধিক সমাজৰ সভাপতি আছিল মুখাৰ্জী। বৌদ্ধ ধৰ্মৰ সকলো দেশে বিদেশে সাধক গুৰু সকলৰ সৈতে মুখাৰ্জীয়ে এটা সুসম্পৰ্ক গঢ়ি তুলিছিল বুলি আজি ভাৰতীয় জনতা পাৰ্টী বৰপেটা ৰোড নগৰ মণ্ডলৰ উদ্যোগত বৰপেটা জিলাত অন্তৰ্গত বৰপেটা ৰোড ৰেলৱে ষ্টেচনৰ সমীপত ৰাষ্ট্ৰীয় একতা আৰু অখণ্ডতাৰ কাৰণে সৰ্বোচ্চ বলিদান দিয়া শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি শুভ উন্মোচন কৰি অসমৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ ওচৰত এইদৰে কয়। মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়, মুখাৰ্জীয়ে কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা প্ৰবৰ্তন কৰাটো আছিল অসমীয়াৰ বাবে এক ঐতিহাসিক আৰু স্মৰণীয় । ইয়াৰ লগতে ড০ বিৰিঞ্চি কুমাৰ বৰুৱাক উক্ত বিশ্ববিদ্যালয়খনত অসমীয়া বিভাগত প্ৰথমগৰাকী অধ্যাপক হিচাপে নিযুক্তি দিছিল। কলিকতা বিশ্ববিদ্যালয়ত উপাচাৰ্য্য হৈ থকাৰ সময়চোৱাত আৰু পৰবৰ্তী সময়ত অসমৰ সৈতে তেও অত্যন্ত সুসম্পৰ্ক বজাই ৰখাৰ কথাও উল্লেখ কৰে ড০ শৰ্মাই। 

 

তাৎপৰ্যপূৰ্ণ বিষয় এইটোও যে শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে গোটেই অসমখন পৰিভ্ৰমণ কৰি তেখেতে অসমৰ শিক্ষা ব্যৱস্থাৰ মাধ্যম বাধ্যতামূলক ভাবে অসমীয়া ভাষা হব লাগে বুলি দৃঢতাৰে পোষণ কৰিছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আন এগৰাকী উজ্জ্বল জ্যোতিষ্ক শৰৎ চন্দ্ৰ বসু যিগৰাকী নেতাজী সুভাষচন্দ্ৰ বসুৰ ককায়েক আৰু ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে গ্ৰুপিঙৰ সময়ত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সৈতেও কাম কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। পুষ্পলতা দাসৰ ৰচনাত ড০ মুখাৰ্জীৰ জীৱনৰ বিষয়ে অসমৰ হৈ তেখেতে কৰা নিস্বাৰ্থ সেৱাৰ কথা আমাক সোঁৱৰাই দিছে। পুস্পলতা দাসে লিখিছিল, অসমীয়া জাতিয়ে কেতিয়াও শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু শৰৎচন্দ্ৰ বসুক পাহৰি যাব নালাগে। তেনে এগৰাকী উজ্জ্বল জ্যোতিষ্কৰ জন্মদিনত তেখেতৰ এটা অবক্ষ্য মূৰ্ত্তি উন্মোচন কৰিব পাই মই সচাঁকৈয়ে গৌৰব অনুভব কৰিছো।

 

সহস্ৰাধিক ৰাইজৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই ইয়াকো কয়, শ্যামাপ্ৰসাদ মুখাৰ্জীৰ  প্ৰতিকৃতি উন্মোচন কৰিব অহা পথত লক্ষীনাথ বেজবৰুৱা ভবনটো চাবলৈ সোমাইছিলো। ক্ষন্তেক সময় থিয় হৈ মই সেই ভবনটো পৰিদৰ্শন কৰিলো আৰু কৰ্ম কৰ্তাসকলৰ লগত আলাপ আলোচনাৰ লগতে লক্ষীনাথ বেজবৰুৱা ভবনটো কাৰ্যক্ষম কৰাৰ উদ্দেশ্যেৰে চৰকাৰৰ পৰা ১ কোটি টকাৰ অনুদান দিম বুলি ঘোষণা কৰিছো। কবলৈ গলে শ্যামাপ্ৰসাদ মুখাৰ্জী প্ৰতিমূৰ্তি আৰু লক্ষীনাথ বেজবৰুৱাৰ সম্পৰ্কনো কি আছিল,যিদৰে লক্ষীনাথ বেজবৰুৱাই নিজৰ জীৱন অসমীয়া ভাষাৰ বাবে উৎসৰ্গ কৰি থৈ গৈছে, সেই অসমীয়া ভাষাৰ শুভাকাংক্ষী অসমৰ বাহিৰত যদি কোনোবা আছিল, সেইজনেই হল শ্যামাপ্ৰসাদ মুখাৰ্জী। ভাৰতীয় জনতা পাৰ্টীয়ে ৰাম মন্দিৰেই হওক নতুবা ৩৭০ ধাৰাৰ বিলুপ্তিকৰণেই হওক, আদৰ্শৰ যুজ খনত ভাৰতীয় জনতা পাৰ্টীয়ে বিজয়ী হোৱাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। আজিৰ সভাখনত জনস্বাস্থ্য কাৰীকৰি বিভাগ তথা জলসম্পদ বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস, বৰপেটা জিলা বিজেপিৰ ভাৰপ্ৰাপ্ত সভাপতি ফুলেন দাস, বৰপেটা জিলাৰ বিজেপিৰ উপ সভানেত্ৰী তথা বৰপেটা ৰোডৰ প্ৰাক্তন পৌৰনেত্ৰী সবিতা দেৱ নাথকে ধৰি বহুকেইগৰাকী নেতা সদস্য উপস্থিত আছিল।

 

অসমৰ শিৱা ৰাণী কলিতাৰ কানাডাত অনুষ্ঠিত অটাৱা চলচ্চিত্ৰ মহোৎসৱত……

ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ  অসমৰ গৌৰৱ বিশ্বৰ বজাৰত ……..

ভিটামিন বি কমপ্লেক্সৰ বিষয়ে জানিবলগীয়া প্ৰয়োজনীয় .....................

ভিটামিন  কেপচুলৰ দ্বাৰা ছাল আৰু ছুলিৰ সৌন্দর্য বৃদ্ধি কৰিবলৈ ..............

0 Comments:

Post a Comment