নগাঁও বৰঘাট বাইপাছত কৃষক নেতা অখিল গগৈক উষ্ম আদৰণি। ~ সংবাদ প্ৰভাত

Friday, July 2, 2021

নগাঁও বৰঘাট বাইপাছত কৃষক নেতা অখিল গগৈক উষ্ম আদৰণি।


নগাঁও বৰঘাট বাইপাছত কৃষক নেতা অখিল গগৈক উষ্ম আদৰণি।

 

 পৰীস্মিতা শইকীয়া, নগাওঁ ।

 

দীৰ্ঘদিনে কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈয়ে বৃহস্পতিবাৰে  মুকলি আকাশৰ তলতৈ অহাৰ পাছত আজি ৰাওনা হয় নিজ সমষ্টি শিবসাগৰলৈ। আজি পুৱা গুৱাহাটীৰ পৰা শিৱসাগৰলৈ যাত্ৰাৰ পথত দল সংগঠন আৰু শুভাকাংক্ষীয়ে নগাঁও বৰঘাট বাইপাছ চ'কত উষ্ম আদৰণি জনায়। আদৰণি গ্ৰহণৰ  পাছত অখিল গগৈয়ে সংবাদ মাধ্যমক কয়- মই বিধায়ক হলো বুলিয়েই সংগ্ৰামী পদ ত্যাগ কৰা নাই বৰং সেই সমস্যা সমূহ বিধানসভাত উত্থাপন কৰি সংসদীয় ব্যৱস্থাৰ জৰিয়তে সেই সমস্যা সমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। যদি সমাধান নহয় পুনৰ আন্দোলন আৰম্ভ কৰিম।নদীবান্ধৰ সমন্ধে সাংবাদিকে সোধা এক প্ৰশ্নৰ  উত্তৰত কৃষক নেতা গৰাকীয়ে কয় - নদীবান্ধ আৰু টোল গেট সম্পৰ্কে তেওঁ বিধানসভাত প্ৰশ্ন উত্থাপন কৰিব লগতে তেওঁ এই সমূহ টোল গেটৰ তলেৰে অহাযোৱা কৰাটো তেওঁৰ বাবে সম্ভৱ নহয় বুলিও মত প্ৰকাশ কৰে।বিজেপি চৰকাৰে জাপি দিয়া কা'ৰ বিৰুদ্ধে তেওঁ ইতিমধ্যে বিধানসভাত  বিৰোধীতা কৰিছে যদি কা বাতিল নহয় পুনৰ আন্দোলন আৰম্ভ কৰাৰ হুংকাৰ দিয়ে কৃষক নেতা গৰাকীয়ে মৰিয়নিৰ বিধায়কক ৰূপজ্যোতি কুৰ্মীৰ সন্দৰ্ভত তেওঁ কয় - আমি মৰিয়নি এৰি দি বৰ ডাঙৰ ভুল কৰিলোঁ। ৰাজ্যত চলি থকা ক'ৰোনা মহামাৰী আৰু সান্ধ্য আইন সন্দৰ্ভতো তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

0 Comments:

Post a Comment