দিল্লী আৰু হাৰিয়ানাৰ মধ্যস্থল গুড়গাওঁত গাৰো ভাই ভনীৰ ৰহস্য জনক মৃত্যু৷ ~ সংবাদ প্ৰভাত

Saturday, July 3, 2021

দিল্লী আৰু হাৰিয়ানাৰ মধ্যস্থল গুড়গাওঁত গাৰো ভাই ভনীৰ ৰহস্য জনক মৃত্যু৷

 


দিল্লী আৰু হাৰিয়ানাৰ মধ্যস্থল গুড়গাওঁত গাৰো ভাই ভনীৰ ৰহস্য জনক মৃত্যু৷

 খাইৰুজ্জামান ৰাছেল, হাটশিঙীমাৰী

সহোদৰ দুই ভাই ভনীৰ ৰহস্য জনক মৃত্যুত অকল চাঞ্চল্যই নহয় এক উতপ্ত পৰিস্থিতি বিৰাজ কৰিছে সমগ্ৰ গাৰো পাহাৰ জিলাত৷ উল্লেখ্য যে নাগালেণ্ডৰ চেমুয়েল আৰু ভগ্নী ৰ'জী চাংমা দুয়ো কর্ম সূত্ৰে দিল্লীত আছিল৷ ৰ'জী চাংমাৰ বেমাৰ হোৱা হেতু তাইক ভৰ্তি কৰোৱা হয় এখন চিকিৎসালয়ত কিন্তু  চিকিৎসকৰ চৰম হেমাহিৰ বাবে ৰজী চাংমাৰ মৃত্যু হয় বুলি এক গুৰুতৰ অভিযোগ কৰে ভাতৃ চেমুয়েল চাংমাই পিছদিনা ৰহস্য জনক ভাবে চিপজৰী লোৱা অৱস্থাত চেমুয়েল চাংমাৰ মৃত্যু হয়৷ এই দুয়োটা মৃত্যুক সহজ ভাবে লব পৰা নাই গাৰো সাম্প্ৰদায়ৰ লোক সকলে কাৰণ দুয়োটা মৃত্যুত ঘন ৰহস্য আছে বুলি সন্দেহ প্ৰকাশ৷

 

সেয়ে দুয়োটা মৃত্যু পৰিকল্পিত হত্যা কাণ্ড বুলি অভিহিত কৰিছে বিষয় টো মেঘালয়ৰ মূখ্যমন্ত্ৰী কৰ্ণাড চাংমা আৰু মুখ্যমন্ত্ৰীৰ ভগ্নী তথা সাংসদ আগাথা চাংমাৰ আগত৷ দুয়োজনে মৃতকৰ পিতৃক ন্যায় বিচাৰৰ বাবে সকলো ধৰণৰ সহায় কৰিব বুলি আশ্বাস দি দুখঃ প্ৰকাশ কৰে৷ ইতিমধ্যে সাংসদ আগাথা চাংমাই এই মৃত্যুৰ সঠিক তদন্ত আৰু ন্যায় বিচাৰি দেশৰ গৃহ মন্ত্ৰী অমিত শাহক এক লিখিত পত্ৰ প্ৰেৰণ কৰিছে, সেই বিষয় লৈ ৰাজ্য খনৰ ঠায়ে ঠায়ে বিক্ষোভ প্ৰদৰ্শন আৰু কেণ্ডেল মাৰ্চ কৰাও পৰিলক্ষিত হৈছে।

 

ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা কৰ্ণাড চাংমা আৰু আগাথা চাংমা দুয়ো ৰাজ্যবাসীৰ ন্যায়ৰ হকে তৎপৰ হৈ পৰিছে৷ উল্লেখ্য যে ৰাজ্যখনৰ বাদেও দেশৰ বিভিন্ন ঠাইত বাস কৰা গাৰো সাম্প্ৰদায়ৰ মাজত বিষয় টো গভীৰ ভাৱে চৰ্চিত হৈছে আৰু প্ৰতিবাদ মুখৰ হৈ উক্ত ঘটনাৰ ন্যায় বিচাৰি চৰকাৰক দাবী জনাইছে৷ ইফালে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলৰ দলপতি মুকুল চাংমাই বিষয় টো লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে গৃহ মন্ত্ৰী অমিত শ্বাহ ক ন্যায় বিচাৰি এক দাবী পত্ৰ প্ৰেৰণ কৰিছে৷

0 Comments:

Post a Comment