মাজপথাৰ নহ'ল বোৱা ~ সংবাদ প্ৰভাত

Friday, July 9, 2021

মাজপথাৰ নহ'ল বোৱা

 মাজপথাৰ নহ' বোৱা

 

 পাৰিজাত বৰুৱা

 

টোমৰ  কঠীয়া  কোণত সিঁচি

আশাকৰোঁ কিয় বিয়পি পৰিব

সমগ্ৰ ক্ষেত্ৰৰ মজিয়া !

 

মাজপথাৰ নহ' বোৱা

কেঁকোৰা নাঙলৰ দিন নাই এতিয়া

হালোৱাই   খচকা  আঁওচত বহিল

গগনচুম্বী  '-জি টাৱাৰ এটা

দিল্লীলৈ বেছি বাট নহয় ' এতিয়া , ৰহিমলা

আহিবি চাপি , তই ইমূৰে মই এইমূৰে

 নাথাকোঁ আৰু এতিয়া

 

জাকৈয়া ছোৱালী আছিলি যে এদিন তই

থপ্ থপাই দিওঁতেও

কাণচিগা জাকৈত নুঠিল বেংকৰ সুদৰ কিস্তি দুটা

তইযে কৈছিলি বগী ছাগলীজনী বেচিবি

নোদোকিযে তাই !   পাবি , পাবি অক্সিমিটাৰ এটা

ভালেই ' দে ঘৰখনৰ উশাহবোৰ জুখিবি

উশাহবোৰ জোখৰ 'লেহে কোণৰ কঠীয়া বৈ পৰিব

বুকুৰ মাজৰ এই পথাৰডৰালৈ

 

ময়ো  পোলোঙা জোপা কাটিলোঁ

ডাঙৰ মেমৰি থকা  মবাইলটো কিনিম

ডিজিটেল জীৱন এটা নহ'লে পাম ' পৰা

কিমাননো দিন ( তোলৈ লাজো লাগে দেচোন! )

"আমাৰ ইহঁত দুটা" স্কুল দুখনযে ...

জেপতে থাকিব তেতিয়া , জেপতে থাকিব!

তই অক্সিমিটাৰ নিকিনাকৈ নাথাকিবি ৰহিমলা

 

কোৱা শুনিছোঁ বান নাহে এইবাৰ

কথানদীৰ বুকু খান্দি পানী সৰকাইছে

মথাউৰিত বহা বেঙৰ ভয়

ঘৰখন ৰয় বা নৰয়

মোৰো পিতাইৰ পানী-পিপলী হেঁপাহ ফুলিছে

মই পানীকেঁচুৱাটো   বুধিয়ক হোৱাৰে পৰা

 

অক্সিমিটাৰ নিকিনাকৈ নাথাকিবি

উশাহ জুখি থাকিবি ৰহিমলা , উশাহ জুখি থাকিবি

আঁকৰীজনী মোৰ , গা- বচাই চলিবি

অনেক  বাটৰ হাট ,

তোৰ-মোৰ জীৱনটোতো নহয় বাটৰ নাট

ভালকৈ থাকিবি , উশাহ জুখি থাকিবি

ময়ো মাজপথাৰ বাব লাগিব ৰহিমলা

তই আহিলেহে কোণৰ কঠীয়া বিয়পাই দিম

"ইহঁত দুটা" কলেজ দুখনো গজিব তেতিয়া

এতিয়া জেপতে থাকক পানী-পৰঠুৱা  আশা

0 Comments:

Post a Comment