ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে শুভ উদ্বোধন কৰিলে দিপলিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ভৱন তথা চিকিৎসক আৰু পৰিচাৰিকাৰ আৱাস গৃহ প্ৰকল্প। ~ সংবাদ প্ৰভাত

Saturday, July 3, 2021

ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে শুভ উদ্বোধন কৰিলে দিপলিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ভৱন তথা চিকিৎসক আৰু পৰিচাৰিকাৰ আৱাস গৃহ প্ৰকল্প।

 

 
ৰাজহ  তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে শুভ উদ্বোধন কৰিলে দিপলিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ভৱন তথা চিকিৎসক আৰু পৰিচাৰিকাৰ আৱাস গৃহ প্ৰকল্প।

 

  প্ৰতিবেদক: চৰাইদেউ

 

প্ৰায় ১,২৬,০৪,৬১৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা চৰাইদেউ জিলাৰ দিপলিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ভৱন তথা চিকিৎসক আৰু পৰিচাৰিকাৰ আৱাস গৃহ প্ৰকল্পটোৰ আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে।

 

এই উপলক্ষে দিপলিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদত এখনি বৈঠক অনুষ্ঠিত হয়।

 

বৈঠকত বিশিষ্ট অতিথি হিচাপে উপস্থিত হৈ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে কয় যে এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জৰিয়তে এই অঞ্চলৰ লোকসকল যথেষ্ট উপকৃত হ'ব। সাংসদ গৰাকীয়ে লগতে সকলো লোককে ক'ভিড-১৯ ৰোগৰ প্ৰতিষেধক ল'বলৈ আহ্বান জনায়।

 

ভাষণ প্ৰসংগত মন্ত্ৰী যোগেন মহনে কয় যে বৰ্তমানৰ দিপলিং স্বাস্থ্য কেন্দ্ৰটি মেৰামতি কৰিবলৈও ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

 

আজিৰ সভাৰ আদৰণি ভাষণ আগবঢ়াই অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানে আৰু শলাগৰ শৰাই আগবঢ়াই অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা: অমৃত শইকীয়াই।

 

সভাত অসম চাহ নিগমৰ অধ্যক্ষ অমিয় কুমাৰ বৰা, এ পি ডি চি এলৰ সঞ্চালক অনুপ সিং ৰাজপুৰুহিত, মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ইন্দিকা গগৈ, জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰ, মহকুমাধিপতি সদৰ প্ৰাঞ্জল কোঁৱৰ, বাগিছাৰ পৰিচালকৰ লগতে স্বাস্থ্য কৰ্মী সকলো উপস্থিত আছিল। প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো মুকলি হোৱাত বৃহত্তৰ দিপলিং অঞ্চলৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হব।

 

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ

অসমৰ শিৱা ৰাণী কলিতাৰ কানাডাত অনুষ্ঠিত অটাৱা চলচ্চিত্ৰ মহোৎসৱত( Ottawa Film Festival) শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ;

ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ  অসমৰ গৌৰৱ বিশ্বৰ বজাৰত সোণালী সূতা ৰেচমৰ

ভিটামিন বি কমপ্লেক্সৰ বিষয়ে জানিবলগীয়া প্ৰয়োজনীয় কেইটামান কথা ! ১০ বিধ ভিটামিন বি যুক্ত খাদ্য যিয়ে আপোনাক সদায় সুস্থ কৰি ৰাখিব 

ভিটামিন  কেপচুলৰ দ্বাৰা ছাল আৰু ছুলিৰ সৌন্দর্য বৃদ্ধি কৰিবলৈ জানিবলগীয়া কেইটামান কথা

0 Comments:

Post a Comment