শতকৰ ঘৰ চুবলৈ ৰিং এটাৰ বাট ৷ ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধিত অতিষ্ঠ সৰ্বসাধাৰণ জনতা ~ সংবাদ প্ৰভাত

Thursday, July 1, 2021

শতকৰ ঘৰ চুবলৈ ৰিং এটাৰ বাট ৷ ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধিত অতিষ্ঠ সৰ্বসাধাৰণ জনতা

 

শতকৰ ঘৰ চুবলৈ ৰিং এটাৰ বাট ৷ ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধিত অতিষ্ঠ সৰ্বসাধাৰণ জনতা

 জ্যোতিৰ্ময় গোস্বামী, জাগীৰোড ।

পৰিৱৰ্তনৰ চুনামী সৃষ্টি কৰি দ্বিতীয় বাৰৰ বাবে ৰাজ্য শাসনৰ বাঘজৰী হাতত লোৱা বিজেপি মিত্ৰজোঁট চৰকাৰ খনৰ শেহতীয়া কেতবোৰ জনবিৰোধী কাৰ্য-কলাপে অতিষ্ঠ কৰি তুলিছে সৰ্বসাধাৰণ জনতাক।শেহতীয়াকৈ ৰাজ্যখনত অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ লগতে ইন্ধনজাত সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে ৰাইজৰ মুৰত ৰাম-টাঙুন শোধাইছে ।দৈনিক হোৰা হুৰে বাঢ়িছে প্ৰে'টল-ডিজেলৰ মূল্য।শতকৰ ঘৰ অতিক্ৰম কৰিবলৈ ৰিং এটাৰ বাট। এতিয়া যান-বাহন চলাই পৰিয়াল পোহপালন দিয়া সকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিবেশ।আনফালে বেংকৰ পৰা লোৱা টকাৰে যাত্ৰীবাহী গাড়ী চলাই জীৱন সংগ্ৰামত অৱৰ্তীণ হোৱা যুৱক-যুৱতীসকল সম্প্ৰতি হতাশাত দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে।তাৰ মাজতে ঋণৰ কিস্তি বিছাৰি বেংকৰ তাগিদা।তথাপিও যেন পৰিৱৰ্তনশীল চৰকাৰখন ঘোৰ নিদ্ৰাত।ইপিনে ক'ৰোনাসৃষ্ট পৰিবেশে বিধস্ত কৰা দেশ তথা ৰাজ্যৰ অৰ্থনীতি এনে দুৰ্যোগপূৰ্ণ পৰিবেশেও আন এক সংকট নমাই আনিছে খাতিখোৱা ৰাইজক।দিক বিদিক হেৰুৱাইছে সৰ্বসাধাৰণ জনতা। বৰ্তমান চৰকাৰ খনৰ ওপৰতে শেষ ভৰষা ।সম্প্ৰতি অব্যাহত থকা লকডাউনে সকলোৰে জীৱন আৰু জিৱিকাক এক প্ৰকাৰ তচনচ কৰি পেলাইছে।সকলোৰে আশা চৰকাৰলৈ একো কৰিব নোৱাৰিলেও অন্ততঃ নিয়ন্ত্ৰিত হওক অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্যবৃদ্ধি।

 

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ

0 Comments:

Post a Comment