অখিল গগৈৰ নিশ্চিত মুক্তিত শিৱসাগৰত আনন্দৰ উছাহ পূৰ্ণ পৰিবেশ। ~ সংবাদ প্ৰভাত

Thursday, July 1, 2021

অখিল গগৈৰ নিশ্চিত মুক্তিত শিৱসাগৰত আনন্দৰ উছাহ পূৰ্ণ পৰিবেশ।



 অখিল গগৈৰ নিশ্চিত মুক্তিত শিৱসাগৰত আনন্দৰ উছাহ পূৰ্ণ পৰিবেশ।

 ফৰিদ আলি, শিৱসাগৰ

 

ৰাইজৰ দলৰ সভাপতি তথা 108 নং শিৱসাগৰ বিধান সভা সমষ্টিৰ বিধায়ক অখিল গগৈৰ মুক্তিৰ নিশ্চিত সম্ভাৱনাত আনন্দৰ জোৱাৰ উঠা দেখা গৈছে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ সমৰ্থকক সকলৰ মাজত । কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা নিয়া অধীনত বিচাৰ চলি থকা চান্দমাৰি থানাৰ গোচৰৰ লগতে নিয়াৰ আন আন সকলো গোচৰত অখিল গগৈক দোষমুক্ত কৰাত আজি শিৱসাগৰত এই আনন্দ উল্লাসৰ পৰিবেশ দেখা গল। শিৱসাগৰৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহি ৰাইজৰ মাজত মিঠাই বিতৰণ, ফটকা ফুটাই আনন্দ-উল্লাস কৰা দেখিবলৈ পোৱা গৈছে।

 

ৰাইজৰ দলৰ সমৰ্থক তথা শিৱসাগৰ সমষ্টিৰ ৰাইজে  ভৱিষ্যতৰ দিনবোৰতো অখিল গগৈৰ  মুক্তি আৰু ন্যায়লয়ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সংবাদ মাধ্যমৰ আগত

0 Comments:

Post a Comment