কানাড়া বেংক যোৰহাট শাখাৰ উদ্যোগত আৰু যোৰহাট সাংস্কৃতিক মঞ্চৰ সহযোগত শতাধিক ৰিক্সাৱালাক খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচী ~ সংবাদ প্ৰভাত

Thursday, July 1, 2021

কানাড়া বেংক যোৰহাট শাখাৰ উদ্যোগত আৰু যোৰহাট সাংস্কৃতিক মঞ্চৰ সহযোগত শতাধিক ৰিক্সাৱালাক খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচী

 

কানাড়া বেংক যোৰহাট শাখাৰ উদ্যোগত আৰু যোৰহাট সাংস্কৃতিক মঞ্চৰ সহযোগত শতাধিক ৰিক্সাৱালাক খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচী

  সংগীতা বৰা, যোৰহাট

 

যোৰহাট জিলাৰ বৰুৱা চাৰিআলিত  আৰ্তজনক সহায় কৰাৰ উদ্দেশ্যে কানাড়া বেংক যোৰহাট শাখাৰ উদ্যোগত আৰু যোৰহাট সাংস্কৃতিক মঞ্চৰ সহযোগত এক কাৰ্যসূচী হাতত লোৱা হয়।

 

যোৰহাট নগৰত ৰিক্সা চলাই পৰিয়াল পোহ পাল দিয়া লোক সকলৰ দুবেলা দুমুঠি যোগাৰ কৰিবলৈ কৰ'ণা সমস্যাৰ বাবে অসুবিধাৰ সন্মুখীণ হবলগীয়া হৈছে। সেইয়ে এইসকল ৰিক্সাৱালাৰ কথা চিন্তা কৰি অন্নৰ টোপোলাৰে  প্ৰায় শতাধিক ৰিক্সাৱালাক অলপ সহায়  আগবঢ়াই । যোৰহাট সাংস্কৃতিক মঞ্চৰ সম্পাদক তথা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰসেনজিৎ লাহনে আঁট ধৰা অনুষ্ঠানটিত উপস্থিত থাকে  অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মণ, কানাড়া বেংকৰ প্ৰবন্ধক ৰবি প্ৰকাশ, অৱসৰপ্ৰাপ্ত বিজ্ঞানী সাংস্কৃতিক মঞ্চৰ মূখ্য উপদেষ্টা  ড° পৰাণ বৰুৱা , উপদেষ্টা, ড° স্মৃতিৰেখা বৰুৱা, বিশিষ্ট সমাজকৰ্মী চৌমিত্ৰ পূজাৰী, বীৰ লাচিত সেনা, যোৰহাট জিলা সমিতিৰ  সম্পাদক সিদ্ধাৰ্থ বৰুৱা, সদৌ তাই আহোম ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিৰ সভাপতি ৰাজীৱ গগৈ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ  যোৰহাট জিলাৰ সম্পাদক বাবু দত্তকে প্ৰমুখ্য কৰি সাংস্কৃতিক মঞ্চৰ সদস্য সদস্যাসকলৰ উপস্থিতিত অন্ন বিতৰণ কাৰ্যসূচী সমাপন কৰা হয়।

 

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে 6 খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ

 

ভিটামিন বি কমপ্লেক্সৰ বিষয়ে জানিবলগীয়া প্ৰয়োজনীয় কেইটামান কথা ! ১০ বিধ ভিটামিন বি যুক্ত খাদ্য যিয়ে আপোনাক সদায় সুস্থ কৰি ৰাখিব

 

ভিটামিন ই কেপচুলৰ দ্বাৰা ছাল আৰু ছুলিৰ সৌন্দর্য বৃদ্ধি কৰিবলৈ জানিবলগীয়া কেইটামান কথা

0 Comments:

Post a Comment