ৰক্ষকেই ভক্ষক হ'ল কাজিৰঙাতঃ বনকর্মীসহ গৃহৰক্ষী যোৱানৰ চোৰাং বেহা। ~ সংবাদ প্ৰভাত

Saturday, July 3, 2021

ৰক্ষকেই ভক্ষক হ'ল কাজিৰঙাতঃ বনকর্মীসহ গৃহৰক্ষী যোৱানৰ চোৰাং বেহা।

 

 

ৰক্ষকেই ভক্ষক হ'ল কাজিৰঙাতঃ বনকর্মীসহ গৃহৰক্ষী যোৱানৰ চোৰাং বেহা।

 

  প্ৰতিবেদক: হোমেন গগৈ, কাজিৰঙা

 

কাজিৰঙাত গঁড়ৰ খড়্গৰ চোৰাং বেহাত জড়িত থকা পুনৰ দুজন বনকৰ্মী আটক বন বিভাগৰ। শনিবাৰে কাজিৰঙাৰ DFO ৰমেশ গগৈৰ নেতৃত্বত চলা অভিযানত বন বিভাগৰ দলে এটা গঁড়ৰ খড়্গ সহ আটক কৰে বনকৰ্মী দুজনক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ বন সুৰক্ষাকৰ্মী ছনীয়া ওৰাং আৰু গৃহৰক্ষী যোৱান দ্বীপেন কুমাৰ নাথক আটক উদ্যান কৰ্তৃপক্ষই। বাগৰি বনাঞ্চলৰ ভৈচামাৰি বন শিবিৰত কৰ্তব্যৰত আছিল বনকৰ্মী দুজন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ DFO ৰমেশ কুমাৰ গগৈয়ে জানিবলৈ দিয়া মতে, দীৰ্ঘদিন ধৰি দুয়োজন বনকৰ্মী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ ভৈচামাৰি বন শিবিৰত কৰ্তব্যৰত আছিল। ছনীয়া ওৰাং নামৰ বনকৰ্মী জনৰ অৱসৰ লবলৈ মাত্ৰ বাকী আছিল এটা বছৰ।


 

বাৰ্ধক্যজনীত কাৰণত মৃত্যু হোৱা অথবা পাৰস্পৰিক যুজঁত সৰি পৰা খড়্গ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী সকলে কাৰ্য্যালয়ত জমা দিব লাগে। কিন্তু চনীয়া ওৰাং আৰু দ্বীপেন কুমাৰ নাথে কৰ্তব্যৰত অৱস্থাত উদ্ধাৰ কৰা এটা গঁড়ৰ খড়্গৰ টুকুৰা কাৰ্য্যালয়ত জমা নিদি বিক্ৰীৰ বাবে জু যা চলাইছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ DFO ৰমেশ কুমাৰ গগৈয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই বনকৰ্মী দুজনক আটক কৰাৰ লগতে খড়্গৰ টুকুৰাটোও উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে, উক্ত বনকৰ্মী দুজনক সোধা পোচা অব্যাহত ৰাখিছে বন বিভাগে। উল্লেখ যে, বৰ্তমানলৈকে গঁড়ৰ খড়্গৰ চোৰাং বেহাত জড়িত দহ জন বনকৰ্মীক আটক কৰিছে উদ্যান কৰ্তৃপক্ষই।

 

 

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ

অসমৰ শিৱা ৰাণী কলিতাৰ কানাডাত অনুষ্ঠিত অটাৱা চলচ্চিত্ৰ মহোৎসৱত( Ottawa Film Festival) শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ;

ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ  অসমৰ গৌৰৱ বিশ্বৰ বজাৰত সোণালী সূতা ৰেচমৰ

ভিটামিন বি কমপ্লেক্সৰ বিষয়ে জানিবলগীয়া প্ৰয়োজনীয় কেইটামান কথা ! ১০ বিধ ভিটামিন বি যুক্ত খাদ্য যিয়ে আপোনাক সদায় সুস্থ কৰি ৰাখিব 

ভিটামিন  কেপচুলৰ দ্বাৰা ছাল আৰু ছুলিৰ সৌন্দর্য বৃদ্ধি কৰিবলৈ জানিবলগীয়া কেইটামান কথা

0 Comments:

Post a Comment