বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ দুৰাৱস্থা ~ সংবাদ প্ৰভাত

Thursday, July 8, 2021

বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ দুৰাৱস্থা

 

বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ দুৰাৱস্থা

 

পবিত্ৰ মণ্ডল, শালবাৰী

বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ দুৰাৱস্থাই জীয়াতু ভোগাইছে ৰাইজক৷বাক্সা জিলাৰ শালবাৰীৰ অন্তৰ্গত গোৱৰ্দ্ধনা উন্নয়ন খণ্ডৰ অধীনস্থ পুৱ ছাফাকামাৰ আৰু বংশীবাৰীত মানাহ সংযোগী পথৰ মাজত প্ৰতিদিনে আবদ্ধ হৈ পৰিছে গাড়ী-মটৰ৷ বৰপেটাৰোডৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা একমাত্ৰ পথছোৱা এতিয়া হৈ পৰিছে দুৰ্গম৷ পথটোৰ মাজত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱাত প্ৰতিদিনেই পথৰ মাজত থকা বোকাত আবদ্ধ হৈ পৰে গাড়ী মটৰ৷ ফলত ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিব লগীয়া হয় সকলো ধৰণৰ গাড়ী-মটৰকে ধৰি সাধাৰণ পথাচাৰীও৷ উল্লেখ্য যে প্ৰায় এবছৰ ধৰি মেৰামতি হৈ থকা পথছোৱা আজিও সম্পূৰ্ণ হৈ নুঠিল৷ উল্লেখ্য যে এটা বছৰ পূৰ্বে বেঁকী নৈৰ খহনীয়াৰ কবলত পৰিছিল মানাহ সংযোগী এই পথছোৱা৷ তাৰ পিছতে তেতিয়াৰ মন্ত্ৰী তথা আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ নিৰ্দেশনা দিছিল পথছোৱা মেৰামতি কৰিবৰ বাবে৷ কথামতে কামৰ মেৰামতিৰ কাম আৰম্ভ হৈছিল যদিও ঠিকাদাৰে আধৰুৱা কৰি থৈ যোৱা বাবে আজি পথছোৱাৰ এই অৱস্থা জৰাজীৰ্ণ৷স্থানীয় আছু কৰ্মীৰ  লগতে ৰাইজে মানাহ সংযোগী এই পথটো পুনঃনিৰ্মাণৰ দাবী তুলিছে৷ নতুন চৰকাৰ খনলৈ আহ্বান জনায় যে অতি সোনকালে চৰকাৰে এই পথটো নিৰ্মাণ কৰে যেন

 

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে 6 খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ

0 Comments:

Post a Comment