মৈৰাবাৰীৰ আৰক্ষীৰ জালত গ্ৰেপ্তাৰ হল মধ্য অসমৰ ম'ষ্ট ৱাণ্টেড পলাতক ড্ৰাগছ মাফিয়া নজৰ ফকিৰ ~ সংবাদ প্ৰভাত

Saturday, July 3, 2021

মৈৰাবাৰীৰ আৰক্ষীৰ জালত গ্ৰেপ্তাৰ হল মধ্য অসমৰ ম'ষ্ট ৱাণ্টেড পলাতক ড্ৰাগছ মাফিয়া নজৰ ফকিৰ

 

 

মৈৰাবাৰীৰ আৰক্ষীৰ জালত গ্ৰেপ্তাৰ হল মধ্য অসমৰ ম'ষ্ট ৱাণ্টেড পলাতক ড্ৰাগছ মাফিয়া নজৰ ফকিৰ

 

  প্ৰতিবেদক খালিদ আহমেদ,  মৰিগাঁও

 

নজৰ ফকিৰে দৰিদ্ৰ কণ কণ শিশুক ড্ৰাগছ সেৱনৰ পশিক্ষণ দি  শিশুৰ সহায়ত বিগত ১৫ বছৰ ধৰি  ড্ৰাগছ সৰবৰাহ কৰি আহিছিল ৷

 

অৱশেষত ধিং থানা এলেকাত ড্ৰাগছৰ মুকলি বেহা কৰা পলাতক মধ্য অসমৰ ম'ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া নজৰ ফকিৰ আজি আটক হ'ল, মৰিগাঁও জিলাৰ মৈৰাবাৰী থানা আৰক্ষীৰ হাতত। মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে কৰায়ত্ব কৰে নজৰ ফকিৰক।  নজৰ ফকিৰে ধিং থানা এলেকাৰ নিজ ধিঙত ভঙা চিঙা লোহা টিনৰ গোডাম বনাই একাংশ শিশুক ঠেলাৰে বিভিন্ন প্ৰান্তলৈ  ভঙা লোহা টিন বিছাৰি ক্ৰয় কৰা কামত লগাই যদিও সেই কণ কণ শিশু সকলক ভঙা ছিগা লোহা টিনৰ মাজতে পঠাই দিয়ে ড্ৰাগছ, ব্ৰাউন ছুগাৰ। কণ কণ শিশু সকলেই ড্ৰাগছ সেৱক সকলক ভগা ছিগা টিন লোহা প্লাষ্টিক ক্ৰয় কৰাৰ চলেৰে ব্ৰাউন চুগাৰো সৰবৰাহ কৰে। ধিং থানা এলেকালৈ শিলিগুৰি আদিৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি আনি মৈৰাবাৰী, লাহৰীঘাট, ৰূপহী, জুৰিয়া, জাজৰি আদি  বিভিন্ন স্হানলৈ সৰবৰাহ কৰিছিল।

 

দৰিদ্ৰ পিতৃ মাতৃয়ে নিজৰ কণমানি সন্তানক নজৰৰ তাত কাম কৰিবৰ কাৰণে সামান্য টকাৰ বিনিময়ত পঠাই যদিও এই সুযোগতে  সেই কণমানিহতক প্ৰথমে নজৰে ভগা পুৰণা লোহা, টিন, প্লাষ্টিক বিভিন্ন প্ৰান্তৰ পৰা ক্ৰয়  কৰা,  ভেড়া ৰখা আদি কামত লগাই। তাৰ পাছতে শিশু বোৰক লগাই ঠেলাত ভগা ছিগা সামগ্ৰীৰ মাজত সুমোৱাই ব্ৰাউন ছুগাৰ সৰবৰাহ কৰা কামত । পূৰ্বে শিশুক ব্ৰাউন ছুগাৰ সেৱন কৰিবলৈ শিক্ষা দিয়াৰ দৰে কামত নজৰ ফকিৰ জড়ীত। আনকি  ড্ৰাগছ সৰবৰাহৰ দৰে কামত সন্মত নোহোৱা শিশুক স্ক্ৰু ড্ৰাইভাৰ জুইত গৰম কৰি তেনে শিশুৰ ভৰিত সুমুৱাই জঘণ্য শাস্তি দিয়াৰ বাতৰিও পূৰ্বে  কাকতত প্ৰচাৰ হৈছিল। কিন্তু ইমানৰ পাছতো ধিং থানাক মেনেজ কৰি নজৰ ফকিৰে ১০ - ১৫ বছৰে চলাই আহিছে ড্ৰাগছৰ সৰবৰাহ। নগাঁও জিলাত আনন্দ মিশ্ৰৰ নিযুক্তিৰ পাছতে নজৰ ফকিৰে প্ৰায় দুমাহ চহৰাঞ্চলত পলাই থাকে।

 

আজিৰ পৰা এমাহৰ আগত সামান্য পৰিমানৰ ড্ৰাগছৰ সৈতে নজৰে নিজৰ পত্নীক ধিং আৰক্ষীৰ দ্বাৰা কৰায়ত্ব কৰাই পুণৰ সক্ৰিয় ভাৱে চহৰাঞ্চলৰ পৰাই সৰবৰাহ কৰিছিল ড্ৰাগছ ব্ৰাউন ছুগাৰ। কিন্তু আজি নজৰ ফকিৰ মৈৰাবাৰী থানা এলেকাৰ হাতীমুৰীয়া অঞ্চল তথা মৈৰাবাৰী উন্নয়ন খণ্ডৰ সন্মুখত কোনো সৰবৰাহ কাৰীৰ পৰা ড্ৰাগছ সংগ্ৰহ কৰিবলৈ ৰৈ থাকোতেই এক গোপন সূত্ৰৰ পম খেদি  মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল দুধৰ্ষ ড্ৰাগছ মাফিয়া নজৰ ফকিৰক । মৈৰাবাৰী আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ২২৩/২১ নম্বৰত এটি গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে।

              

 

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ

অসমৰ শিৱা ৰাণী কলিতাৰ কানাডাত অনুষ্ঠিত অটাৱা চলচ্চিত্ৰ মহোৎসৱত( Ottawa Film Festival) শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ;

ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ  অসমৰ গৌৰৱ বিশ্বৰ বজাৰত সোণালী সূতা ৰেচমৰ

0 Comments:

Post a Comment