মৰিগাঁৱত ভেকচিন কেন্দ্ৰত স্বাস্থ্যকৰ্মীক কলেজৰ প্ৰবক্তাৰ আক্ৰমণ ~ সংবাদ প্ৰভাত

Thursday, July 1, 2021

মৰিগাঁৱত ভেকচিন কেন্দ্ৰত স্বাস্থ্যকৰ্মীক কলেজৰ প্ৰবক্তাৰ আক্ৰমণ

 

মৰিগাঁৱত ভেকচিন কেন্দ্ৰত স্বাস্থ্যকৰ্মীক কলেজৰ প্ৰবক্তাৰ আক্ৰমণ

 বিষ্ণু ডেকামৰিগাঁও

 

চিকিৎসক আক্ৰমণৰ পাছত এইবাৰ স্বাস্থ্যকৰ্মীক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাত। এই ঘটনাটো সংঘটিত হয়  জিলাখনৰ লাহৰীঘাটৰ বোৱালগুৰি হাইস্কুল ভেকচিন কেন্দ্ৰত৷ভেকচিন প্ৰদান কেন্দ্ৰটোত কৰ্মৰত এজন  স্বাস্হ্য কৰ্মীক মুছিনা আহমেদ নামৰ এগৰাকী আশাকৰ্মীৰ পুত্ৰই প্ৰহাৰক কেন্দ্ৰ কৰি উত্তেজনাময় পৰা স্থিতিৰ সৃষ্টি হয়। ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, বোৱালগুৰি হাইস্কুলত আজি পুৱাৰে পৰা আৰম্ভ হোৱা মেগা ভেকচিন কেন্দ্ৰটোত ভেকচিন গ্ৰহণৰ কাৰণে বহু লোকে শাৰী পাতি আছিল। এনে অৱস্থাতে আশাকৰ্মী মুছিনা আহমেদৰ পুত্ৰ মুকছিদুল আহমেদে ৬-৭ জনীয়া যুৱকৰ দল লগ লাগি কৰ্তব্যৰত অৱস্হাত আক্ৰমণ কৰি আহত কৰে স্বাস্থ্যকৰ্মী ছাইফুল ইছলামক। উল্লেখ্য যে আশাকৰ্মী মুকছিনা আহমেদে নিজৰ প্ৰভাব খটুৱাই পুতেকক পূৰ্বে শাৰীপাতি থকা লোকতকৈ আগত ভেকচিন দিয়াবলৈ যোৱাকলৈ এই ঘটনাটো সংঘটিত হয়। উল্লেখ্য যে আশাকৰ্মী গৰাকীৰ এই কাণ্ডক কোনোৱে মানি লোৱা নাছিল। আনকি ইয়াকে লৈ দুই পক্ষৰ মাজত তৰ্ক যুদ্ধুও সৃষ্টি হৈছিল৷ পাছত স্বাস্থ্যকৰ্মী গৰাকীয়ে বাহিৰলৈ ওলাই যোৱাৰ মুহূৰ্ততে মুকছিদুল আহমেদ নামৰ যুৱকজনৰ নেতৃত্বত ৭-৮ জনীয়া যুৱকৰ এটা দলে অতৰ্কিতে আক্ৰমণ কৰে যদিও উপস্থিত লোকৰ সহযোগত কথমপি প্ৰাণ ৰক্ষা পৰে ।

 

ইতিমধ্যে আৰক্ষীয়ে ছাজিদ খান নামৰ এজন যুৱকক আটক কৰিছে । আটক কৰা যুৱকজন নগাবন্ধা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য।উল্লেখ্য যে আক্ৰমণকাৰী দলটোৰ মুকছিদুল আহমেদ নামৰ যুৱকজন হৈছে লাহৰীঘাট মহাবিদ্যালয়ৰ প্ৰবক্তা। উল্লেখ্য যে লগে লগে ঘটনাস্থলীত লাহৰীঘাট ৰাজহ চক্ৰ চক্ৰ বিষয়া গৰাকীৰ লগতে লাহৰীঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক ৰফিকুল ইছলাম আৰু স্থানীয় আৰক্ষী প্ৰশাসন ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। ইফালে ঘটনা সংঘটিত কৰি পলায়ন কৰা  যুৱক কেইজনৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে স্থানীয় ৰাইজে। 


0 Comments:

Post a Comment