বটদ্ৰৱাৰ বৰভেটি গাঁৱত চাঞ্চল্যকৰ ঘটনাঃ পানীত পৰি থকা অৱস্থাত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণকাণ্ড সংঘটিত কৰি হত্যাকাণ্ডৰ সন্দেহ স্থানীয় লোকৰঃ ~ সংবাদ প্ৰভাত

Thursday, July 1, 2021

বটদ্ৰৱাৰ বৰভেটি গাঁৱত চাঞ্চল্যকৰ ঘটনাঃ পানীত পৰি থকা অৱস্থাত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণকাণ্ড সংঘটিত কৰি হত্যাকাণ্ডৰ সন্দেহ স্থানীয় লোকৰঃ

 

বটদ্ৰৱাৰ বৰভেটি গাঁৱত চাঞ্চল্যকৰ ঘটনাঃ পানীত পৰি থকা অৱস্থাত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণকাণ্ড সংঘটিত কৰি হত্যাকাণ্ডৰ সন্দেহ স্থানীয় লোকৰঃ

 জগন্নাথ কলিতা, বটদ্ৰৱা

 

নগাওঁ জিলাৰ পশ্চিম অঞ্চলত বিভিন্ন সময়ত অসামাজিক কাৰ্য্যকলাপ সংঘটিত হোৱাৰ বিষয়ে ইতিপূৰ্বে বাতৰিৰ শিৰোনামা দখল কৰি আহিছে। পুনৰ তেনে এক ঘটণা সংঘটিত হৈছে বটদ্ৰৱাত।

 

নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বৰভেটিত আজি পুৱাৰ ভাগত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটণাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটণাৰ বিবৰণী অনুসৰি বটদ্ৰৱাৰ দাঁতিকাষৰীয়া বৰভেটি গাঁৱৰ ফকৰ উদ্দিন নামৰ লোক জনৰ মাজু জীয়ৰী জয়গন নেছা (১৯) নামৰ যুৱতী গৰাকী যোৱা ২৯ জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল। পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰি কোনো শুংসূত্ৰ নোপোৱাৰ পাছত আজি কাহিলী পুৱাই বৰভেটিৰ পিতৃগৃহৰ ঘৰৰ ওচৰতে থকা এটা পুখুৰীত ওপঙি থকা অৱস্থাত যুৱতীৰ মৃতদেহটো নিজৰ মাতৃয়ে প্ৰত্যক্ষ কৰে। পিছত ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাওঁৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰে। মৃতদেহটোৰ সমগ্ৰ মুখ মণ্ডলত তেজ বিৰিঙি থকালৈ আৰু মূৰৰ আঘাটৰ চিনলৈ প্ৰত্যক্ষ কৰিলে এয়া ধৰ্ষণ কৰি হত্যাকাণ্ড সংঘটিত কৰা বুলি সন্দেহ ব্যক্ত কৰিছে স্থানীয় লোকে। উল্লেখ্য যে, এবছৰ পূৰ্বে যুৱতীগৰাকী আমলখি গাঁৱৰ ইনামুল হক নামৰ এজন লোকৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল যদিও, পৰৰ্ৱতী কালত স্বামীৰ সৈতে মনোমালিন্য ঘটাত নিজৰ পিতৃ গৃহ বৰভেটি গাঁৱতে আছিল যুৱতী গৰাকী। প্ৰকৃতাৰ্থত এয়া হত্যাকাণ্ড নে আত্মহত্যা সেয়া আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব যদিও যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখ্য যে ২০১৮ চনৰ ২৩ মাাৰ্চত সমগ্ৰ দেশ কপোৱা নাবালিকা ধৰ্ষণ আৰু জীবন্তে জ্বলাই দিয়া ঘটনা বৰভেটিৰ সমীপৱৰ্তী ধনীয়াভেটিতে সংঘটিত হৈছিল। তদুপৰি যোৱা মে' মাহত বটদ্ৰৱাৰ ধনীয়াভেটিত সমগ্ৰ ভাৰতবৰ্ষত আইনগত ভাৱে নিষিদ্ধ থকা তিনিতালাকৰ দৰে ঘটণাও সংঘটিত হৈছিল। এনে প্ৰেক্ষাপটত বটদ্ৰৱাৰ একাংশ অঞ্চলত দিনক দিনে বৃদ্ধি পোৱা অসামাজিক কাৰ্য্যকলাপৰ ঘটণাই অঞ্চলটোৰ সচেতন মহলক ভীতিগ্ৰস্ত কৰি তুলিছে।

 

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে 6 খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ

ভিটামিন বি কমপ্লেক্সৰ বিষয়ে জানিবলগীয়া প্ৰয়োজনীয় কেইটামান কথা ! ১০ বিধ ভিটামিন বি যুক্ত খাদ্য যিয়ে আপোনাক সদায় সুস্থ কৰি ৰাখিব

ভিটামিন ই কেপচুলৰ দ্বাৰা ছাল আৰু ছুলিৰ সৌন্দর্য বৃদ্ধি কৰিবলৈ জানিবলগীয়া কেইটামান কথা

0 Comments:

Post a Comment