ডিব্ৰুগড়ৰ এজন চিত্ৰশিল্পীৰ একনিষ্ঠ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে এখন উদ্যান ~ সংবাদ প্ৰভাত

Saturday, July 3, 2021

ডিব্ৰুগড়ৰ এজন চিত্ৰশিল্পীৰ একনিষ্ঠ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে এখন উদ্যান

 


ডিব্ৰুগড়ৰ এজন চিত্ৰশিল্পীৰ একনিষ্ঠ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে এখন উদ্যান

 সংবাদ প্ৰভাত, ডিব্ৰুগড়

 

এজন চিত্ৰশিল্পীৰ ব্যতিক্ৰমি চিন্তাধাৰা গাঁৱৰ শিশুসকলৰ বাবে নিজা খৰচেৰে সাঁজি ওলিয়ালে এখন উদ্যান৷ মৰাণ সমষ্টিৰ কোটোহা গাঁও পঞ্চায়তৰ অন্তৰ্গত নতুন বলাইৰ নিৰ্বাসী তথা চিত্ৰশিল্পী তাৰানাথ সোনোৱালে একক প্ৰচেষ্টাত নতুন বলাইৰ এৰাসুঁতিৰ পাৰত গঢ়ি তুলিছে এখন উদ্যান৷ গাঁৱৰ শিশুসকলৰ লগতে গাঁৱলৈ ফুৰিবলৈ অহা অতিথি সকলৰো দৃষ্টি আকৰ্ষন কৰিছে উদ্যানখনে৷ উদ্যানখনত বহি সৌন্দৰ্য উপভোগ কৰিবলৈ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহে বহুলোক৷ যোৱা বৰ্ষৰ ল'ক ডাউনৰ সময়তে নিৰ্মান কৰা উদ্যানখন বৰ্তমানে কভিড পৰিস্থিতিৰ বাবে বন্ধ হৈ আছে৷ উল্লেখ্য যে পৰ্যতন ক্ষেত্ৰতো এক বিশেষ সম্ভাৱনা থকা উক্ত স্থানত বিভাগীয় কৰ্তৃপক্ষৰ পৰা সহায় পালে ইয়াক অধিক গতিশীল কৰি তুলিব পৰা যাব বুলি সোনোৱালে উল্লেখ কৰিছে ।

 

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে 6 খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ

0 Comments:

Post a Comment