অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে প্ৰতিবাদ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা, যোৰহাট চাৰিগাঁওস্থিত অইল ইণ্ডিয়া পাম্পিং ষ্টেছনৰ সন্মুখত এই প্ৰতিবাদ৷ ~ সংবাদ প্ৰভাত

Friday, July 2, 2021

অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে প্ৰতিবাদ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা, যোৰহাট চাৰিগাঁওস্থিত অইল ইণ্ডিয়া পাম্পিং ষ্টেছনৰ সন্মুখত এই প্ৰতিবাদ৷

 

অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে প্ৰতিবাদ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা, যোৰহাট চাৰিগাঁওস্থিত অইল ইণ্ডিয়া পাম্পিং ষ্টেছনৰ সন্মুখত এই প্ৰতিবাদ

 সংগীতা বৰা, যোৰহাট


অইল ইণ্ডিয়া লিমিটেডে  ১২০টা কনিষ্ঠ সহায়ক পদৰ বিজ্ঞাপন  অফিচিয়েল ৱেবচাইদত প্ৰকাশ কৰিছিল।য'ত যোৰহাট জিলা অইলৰ সৰবৰাহ অঞ্চল হোৱা  সত্ত্বেও যোৰহাট জিলাৰ নাম ষড়যন্ত্ৰমূলকভাৱে কৰ্তন কৰি জিলাখনৰ অৰ্হতা সম্পন্ন নিবনুৱাসকলক চাকৰিৰ আবেদন দাখিলৰ পৰা বঞ্চিত কৰিছে। কিন্তু কিয় এইদৰে নিৰ্দিষ্ট ঠাই বাচনি কৰা হ'ল।


যোৰহাট অইল সৰবৰাহৰ অঞ্চল হোৱাৰ পিছতো মাহী আইৰ দৃষ্টিৰে চাই যোৰহাট জিলাৰ যিসকল যোগ্য নিবনুৱা আছে সেইসকলক আবেদন দাখিল কৰাত বঞ্চিত কৰাৰ  প্ৰতিবাদত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই শুক্ৰবাৰে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।

 

সমূহ ক'ভিড প্ৰটক'ল মানি চলি যোৰহাট চাৰিগাঁওস্থিত অইল ইণ্ডিয়া পাম্পিং ষ্টেছনৰ  সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে। "যোৰহাটৰ নিবনুৱাসকলক অইলৰ মকৰল কৰাৰ সুবিধা প্ৰদান কৰক,অইল ইণ্ডিয়াৰ প্ৰতাৰণা নচলিব ,অইল ইণ্ডিয়া হায়  হায় " দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই।


অতি পৰিতাপৰ বিষয় এইয়ে যে ,যোৰহাট অইল সৰবৰাহৰ অঞ্চল হোৱা স্বত্তেও যোৰহাটৰ  যোগ্য  নিবনুৱাসকলে অইলৰ চাকৰিৰ আবেদন কৰি নোৱাৰিব। কিন্তু এইয়া কোনোকাৰণতে হ'বলৈ দিয়া ন'হব  বুলি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি  বিজয় শংকৰ বৰদদলৈয়ে সকীয়াই দিয়ে।লগতে  অইলক সকীয়াই দিয়ে যে যোৰহাট জিলাত  যিসকল অৰ্হতাসম্পন্ন নিবনুৱা আছে কোনোকাৰণতে চাকৰিৰ আবেদন দাখিল কৰাৰ পৰা বিৰত থাকিব নোৱাৰিব।


আনহাতে যোৰহাটস্থিত পাম্পিং ষ্টেচনৰ মহাপ্ৰবন্ধকৰ যোগেদি  অইলৰ মুখ্য পৰিচালকলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে যোৰহাট জিলা ছাত্ৰ সন্থাই।


ইয়াৰ পিছতো যদি  চাকৰিৰ আবেদন দাখিল কৰাৰ পৰা বঞ্চিত হ'বলগীয়া হয় যোৰহাটৰ অৰ্হতাসম্পন্ন যোগ্য নিবনুৱাসকল তেন্তে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই  এই কথাও সকীয়াই দিয়ে যে "যদিহে এই দাবী মানি নলয় তেন্তে যোৰহাটত অইলৰ সম্পূৰ্ণ কাম কাজ অচল কৰি দিয়া হব।বন্ধ কৰি দিয়া হব।"


এতিয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কি সিদ্ধান্ত গ্ৰহণ কৰে অইল ইণ্ডিয়া লিমিটেডে।

 

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে 6 খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ

অসমৰ শিৱা ৰাণী কলিতাৰ কানাডাত অনুষ্ঠিত অটাৱা চলচ্চিত্ৰ মহোৎসৱত( Ottawa Film Festival) শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ;

ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ অসমৰ গৌৰৱ বিশ্বৰ বজাৰত সোণালী সূতা ৰেচমৰ


0 Comments:

Post a Comment