সাপেখাতীত ৰেল'ৱে উৰণীয়া সেতুৰ কাম লেহেমীয়া হোৱাৰ বাবে যমৰ যাতনা ভূগিছে পথাচাৰীয়ে। ~ সংবাদ প্ৰভাত

Thursday, July 1, 2021

সাপেখাতীত ৰেল'ৱে উৰণীয়া সেতুৰ কাম লেহেমীয়া হোৱাৰ বাবে যমৰ যাতনা ভূগিছে পথাচাৰীয়ে।

 

সাপেখাতীত ৰেল'ৱে উৰণীয়া সেতুৰ কাম লেহেমীয়া হোৱাৰ বাবে যমৰ যাতনা ভূগিছে পথাচাৰীয়ে।

 

 প্ৰতিবেদক, সাপেখাতী

 

ঐতিহাসিক চৰাইদেউ জিলাৰ সাপেখাতীৰ মাজেৰে  পাৰ হৈ যোৱা সদা ব্যস্ত এটি পথ  ৫২ নং (বি) ৰাষ্ট্ৰীয় ঘাইপথ। যি পথে দৈনিক অহা যোৱা কৰে শতাধিক লোক।  কিন্তু ঘাইপথটো ওপৰত সাপেখাতীত নিৰ্মাণ কাৰ্য চলি আছে ৰেলৱে উৰণীয়া সেঁতু।  গৌতম  construction নামৰ নিৰ্মাণকাৰী সংস্থাৰ তত্বাৱধানত চলি আছে এই নিৰ্মাণ কাৰ্য। কিন্তু ৰেলৱে উৰণীয়া সেঁতুৰ নিৰ্মাণ কাৰ্য অতি লেহেমীয়া গতিত চলি থকাৰ বাবে আজি জিয়াতু ভুগিব লগা হৈছে উক্ত পথেৰে যাতায়ত কৰা  পথাচাৰী।

 

উল্লেখ্য যে উৰণীয়া সেঁতুৰ নিৰ্মাণ কাৰ্য্যৰ বাবে মূল পথৰ মাজ অংশ বন্ধ কৰি দুয়োকাষে দুটা উপ পথ যাতায়তৰ বাবে সুবিধা কৰি দিয়া হৈছে  যদিও  পথটোৰ  দুয়োকাষে পানী উলাই যাবৰ বাবে কোনো সুবিধা নথকাত  এজাক বৰষুণ দিলেই যান-যতৰ লগতে বোকাময় হৈ পৰে সমগ্ৰ অঞ্চলটো।যাৰ বাবে পথটোৱেদি এবাৰ অহা ব্যক্তিজনে উভটি আহিবলৈ বহুবাৰ ভাৱিব লগা পৰিস্থিতিৰ সৃষ্ঠি হয়।বিশেষকৈ এই ৰাস্তাটোৰ  যোগেদি অসমৰ কেইবাখনো জিলাৰ লগতে কাষৰীয়া ৰাজ্য অৰুণাচললৈ নিতৌ  অহা যোৱা কৰে শতাধিক জনতাই। ঘাইপথটোৰ  এনে দুৰবস্থাৰ বাবে এই পথটোৰ ওপৰত সংঘটিত হৈছে  বহুকেইটা দূৰ্ঘটনা।তথাপি গুৰুত্ব নাই নিৰ্মাণকাৰী সংস্থা গৌতম কনষ্ট্ৰাকচনৰ। এই সমস্যাৰ সমাধানৰ ক্ষেত্ৰত সাপেখাতীৰ ব্যৱসায়ীসকলৰ লগতে স্থানীয় ৰাইজে নিৰ্মাণকাৰী সংস্থা আৰু চৰকাৰক পথটোৰ মেৰামতিৰ বাবে  আহ্বান জনায় ।

 

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে 6 খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ

0 Comments:

Post a Comment