মংগলদৈত সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ মুল্য বৃদ্ধিৰ ওপৰত প্ৰতিবাদ ৷ ~ সংবাদ প্ৰভাত

Friday, July 2, 2021

মংগলদৈত সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ মুল্য বৃদ্ধিৰ ওপৰত প্ৰতিবাদ ৷

 

মংগলদৈত সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ মুল্য বৃদ্ধিৰ ওপৰত প্ৰতিবাদ ৷

 

  নিজা প্ৰতিবেদক , মংগলদৈ

 

সদৌ দৰং জিলা ছাত্ৰ সন্থা ই আজি মঙলদৈ চহৰত মুল্য বৃদ্ধিৰ প্ৰতিবাদ ত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰৰ বিৰুদ্ধে । সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়া, সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকা ৰ নেতৃত্বত আজি মঙলদৈ পৰিবহণ বিভাগৰ কাৰ্যালয় ৰ কাষৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰেট্ৰ'ল, ডিজেলৰ আকাশলংঘী মুল্য বৃদ্ধি, খাদ্য সামগ্ৰী ৰ মুল্য বৃদ্ধিৰ প্ৰতিবাদত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰক তীব্ৰ ভাষাৰে চৰকাৰী বিৰোধী শ্লোগান দিয়ে । মুল্য বৃদ্ধিৰ প্ৰতিবাদত ৰূপায়ন কৰা মানৱ শৃংখল কাৰ্যসূচী ত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশী, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া , মঙলদৈ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি ডেকা, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি কৰুনা বৰুৱা, সহকাৰী সম্পাদক গৌৰাংগ কলিতা, ত্ৰিদিব ডেকা, বিত্ত সম্পাদক হৃদয় বৰুৱা, সাহিত্য সম্পাদক অপূৰ্ব শৰ্মা, সাংস্কৃতিক সম্পাদক প্ৰাঞ্জল নাথ, মূখ্য সাংগঠনিক সম্পাদক প্ৰাঞ্জল কলিতা, ৰীৰেন কলিতাৰ লগতে দৰং জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত কেইবাখনো আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক ৰ লগতে ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে ক'ভিড-১৯ ৰ নিয়ম-নীতি অক্ষুণ্ণ ৰাখি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰক শীঘ্ৰে মুল্যবৃদ্ধি ৰোধ কৰাৰ দাবী জনায় ।

 

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ

অসমৰ শিৱা ৰাণী কলিতাৰ কানাডাত অনুষ্ঠিত অটাৱা চলচ্চিত্ৰ মহোৎসৱত( Ottawa Film Festival) শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ;

ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ  অসমৰ গৌৰৱ বিশ্বৰ বজাৰত সোণালী সূতা ৰেচমৰ

0 Comments:

Post a Comment