সময়ৰ উচিত ব্যৱহাৰ আৰু জীৱনত মূল্যায়ন ~ সংবাদ প্ৰভাত

Monday, July 5, 2021

সময়ৰ উচিত ব্যৱহাৰ আৰু জীৱনত মূল্যায়ন

 

সময়ৰ উচিত ব্যৱহাৰ আৰু জীৱনত মূল্যায়ন

কিৰণ দাস

 

“সময় অমূল্য ধন, ইয়াক অপব্যয় নকৰিবা বুলি সৰুতে পঢ়িলো, কিন্তু, তাৰ মৰ্মাৰ্থ, সাৰাংশ এতিয়া বুজিলো। বুজি উঠে এসময়ত সকলোৱে নিশ্চয়ই সময়ৰ প্ৰকৃত মূল্য। যাৰ নাই একোৰে  লগত তুল্য। কিজানি - জীৱনৰ ভটিয়নী সোঁতৰ উপলব্ধি, অভিজ্ঞতা, নিৰ্মোহ তাগিদাই  এদিন ভাল কৈ নিৰূপণ কৰে সময়ৰ উচিত মূল্য।

 

এটি সুখী, সৰল, সফল আৰু মাদকতাপূৰ্ণ জীৱনৰ উপভোক্তা হৱলৈ হলে, আমি প্ৰথমেই সময়ৰ উচিত ব্যবহাৰ কৰিব পাৰিব লাগিব। পাৰিব লাগিব বুজিব, সময়ৰ পানচৈত যাত্রা কৰা জীৱন নামৰ অভিযাত্ৰাৰ আমি একো একোজন অভিযাত্রী। সংসাৰ সমুদ্ৰ হাঁহি আৰু হেলাৰঙে  পাৰ হ'ৱলৈ হ'ল আমি সেই পানচৈৰ গতি, দিশা আৰু গুৰি ভাল কৈ দিৱ আৰু ধৰিব লাগিব, নহলে জীৱন নামৰ  অভিযাত্ৰা কঠিন, কণ্টকময়, আৰু ক্লান্তিকৰ হ'ৱ।

 

যি জন ব্যক্তিয়ে জীৱনৰ অবধিত সময়ৰ ভুমিকা আৰু মূল্য বুজি উঠে, সেই ব্যক্তিয়ে কৰ্মৰ মহামন্ত্রৰে নিজক স্বয়ং সম্পূর্ণ কৰে, আৰু যি সময়ৰ ভুমিকা আৰু মূল্য নির্ধাৰন কৰিবলৈ অপৰাগ হয়, তেওঁ  জীৱনৰ প্ৰগতিৰ দৌৰত পিছ পৰি ৰয়, আনৰ ওপৰত নিৰ্ভৰশীল অথবা জীৱন সংগ্রামত পুতৌপাত্ৰ হয়।

 

**কালি লৈ কিয়,!

যি আছে কৰিব লগা -

আজিয়ে নকৰা-কিয়!?-

কোনে জানে কালি কি হ'ৱ!

কথাতেই কয়, যোৱা সময় নোপোৱা দুনাই।

 

জীৱন মানেই যদিহে সংগ্রামৰ সমষ্টি, তেন্তে, সেই সংগ্রাম সময়ৰে উৎপত্তি। পৰমেশ্বৰে সকলো মানুহকে জীৱনৰ পাতনিৰে অমূল্য সময়ৰ সম্ভাৰ আৰু সম্ভাবনা দিছে আৰু জীৱনৰ সামৰণিৰে সকলো সময় লৈ লৈছে।

 

পাতনি আৰু সামৰণিৰ মাজৰ এই সময় খিনি  একান্তই আমাৰ। আমি সেই মহামূল্যবান সময় নিধি অবাবত, আলসত, অপব্যবহাৰ,কৰো নে, জ্ঞান, কৰ্ম, সম্বন্ধ, আৰু বুদ্ধিমত্তা ৰে সুন্দৰ, সাৰ্থক, উপভোগ্য, উল্লেখযোগ্য কৰো, সেইয়া আমি নিজেই নিৰ্ণয় কৰিব পাৰো।

 

সময়ৰ উচিত প্ৰয়োগ, কেৱল মাত্ৰ কৰ্মৰ  দ্বাৰাই হে সম্ভব। সময়ৰ সাৰণি কৰি, সময়ৰ কাম সময়ত কৰি, আহৰি সময়ক চিন্তা- সৃষ্টি, সৌজন্য, সৌন্দর্য, আনন্দ-অধ্যয়ন, ইত্যাদিৰ দৰে যোগাত্মক কৰ্মৰাজিৰে সামৰি- জীৱনক অনন্য মাত্ৰা দিৱ পাৰি।

আচলতে সকলো কৰ্মকে কৰাৰ সময় নিশ্চিত কৰি লৱ লাগে-আৰু- উপৰি ৰাহি সময় নাই বুলি ধৰি লৱ লাগে-।। যদিহে সময়ৰ কাম সময়ত সুচাৰু,প্ৰণালী বদ্ধ ভাৱে কৰি যাব পাৰো, তেন্তে-আমি-আমাৰ জীৱন সুখী, সমৃদ্ধি, আৰু ব্যৱস্থিত ৰূপত নিশ্চিত পাম। নহলে, সময়ে জীৱনক দিৱ বৃহৎ শূন্য, মনক কৰি বিষন্ন।

 

সময় হাতৰ মুঠিৰ শুকান বালি সদৃশ। আঙুলিৰ ফাঁকেৰে যায় সৰকি। যোৱা সময় নাহে উভতি। ৰজা হওঁক বা ফকীৰ, সময়ৰ চকৰি সকলোৰে বাবে ঘুরে সমান। সময়েই হৈছে সংসাৰ জীৱনৰ পৰম সত্তা বলৱান।মহা মহা জীৱনৰ চাণেকী  যদিহে চাওঁ আমি, দেখিম সেই মহান আৰু মহাত্মা সকলে সময়ৰ শকতি পাইছিল বুজি,প্ৰবাহ পাইছিল চিনি,,সেয়েহে প্ৰত্যেক পলক উচিত প্ৰয়োগ কৰি, যোজনাবদ্ধ কৰ্মৰে সময়ৰ শৰ মাৰি -সময়ক গৈছিল জিনি। সময়েও তেখেত সকলক পূর্ণ মৰ্যাদা আৰু প্ৰতিষ্ঠা দিছিল যাচি।

 

সময়ৰ আছে যদিও নিৰন্তৰ গতি, সময়েই হৈছে সফলতাৰ কুঞ্জি। বিদ্যাৰ্থী আৰু যুৱা অৱস্থাৰ সময়ৰ মূল্য হৈছে অতি বেছি। এই দুই অৱস্থাৰ সময়ৰ যথাযথ প্ৰয়োগে জীৱনৰ লিখে ভাগ্য লিপি। সেয়েহে সৰুৰে পৰাই সময়ৰ সদ্ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা উচিত। এই সময়তে বুজাব লাগিব আৰু বুজিব লাগিব সময়ৰ অমূল্যতা। জীৱনৰ প্ৰতি ধাপতে সময় সীমিত। উন্নতিৰ জখলা বগাবলৈ সময়ৰ একান্তই সদব্যৱহাৰ কৰিবলৈ সক্ষম হ'ৱ লাগিব।

 

পৌৰাণিক এষাৰ কথা আছে, সময়ে কাৰো লৈ অপেক্ষা নকৰে। কেৱল ফল আৰু স্মৃতি এৰি ধাবমান হয় নিজৰ পথে । সময়ক উচিত প্ৰয়োগ কৰিব পৰাই মানৱ জীৱনৰ সৰ্বোচ্চ কলা, আৰু সময়ক অপচয় কৰাই হৈছে মানৱ জীৱনক দুৰ্বল দুৰ্বিষ কৰা। সময়ৰ উচিত প্ৰয়োগে জীৱনৰ সফলতা অর্জন কৰাই আৰু অপচয়ে দিয়ে জীৱনক সন্তাপ। সময়ৰ অপচয়ে   মানৱ জীৱনক অকমন্য, উদ্যমহীন কৰি মানসিক ভাৱে কোঙা কৰি পেলাই, শেষত ব্যৰ্থ জীৱনৰ ভাৰ বোৱাই, চকুলো টোকাই।

 

ইংৰাজী টো সেয়েহে এষাৰ কথা পোৱা যায়—

TIME IS MONEY-- MAKE IT HONNY* NEVER LOST  IT SLEEP & FUNNY*

 

সময় কিনিব নোৱাৰি। নোৱাৰি পুনৰ আনিব ঘূৰাই। সেয়েহে ই অমূল্য।

 

সেয়েহে বুদ্ধিয়ক মানুহে জিৰণি সময়কণো সদব্যৱহাৰ কৰিবলৈ বিচাৰে আৰু এলেহুৱা, অজ্ঞান জনে শুই বহি, হাই-হুৰুমি অথবা আনৰ নিন্দা, সমালোচনা কৰি সময়ৰ অপব্যবহাৰ কৰে। আৰু যেতিয়া জীৱনত উজুটি খাই, দুখ পাই তেতিয়া সময়ক অপবাদ দিয়ে।

 

ধিক্কাৰ দিয়ে নিজেই নিজৰ জীৱনত সময়ক অপচয় কৰা মুহুর্তবোৰ সুঁৱৰি, সময়ৰ সুযোগক গ্ৰহণ নকৰি।

 

 প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে 6 খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান .........................

অসমৰ শিৱা ৰাণী কলিতাৰ কানাডাত অনুষ্ঠিত অটাৱা চলচ্চিত্ৰ মহোৎসৱত……

ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ অসমৰ গৌৰৱ বিশ্বৰ বজাৰত ……..

ভিটামিন বি কমপ্লেক্সৰ বিষয়ে জানিবলগীয়া প্ৰয়োজনীয় .....................

ভিটামিন কেপচুলৰ দ্বাৰা ছাল আৰু ছুলিৰ সৌন্দর্য বৃদ্ধি কৰিবলৈ ..............

0 Comments:

Post a Comment