যোৰহাট জিলা কবি সন্মিলনৰ ৩২তম প্ৰতিষ্ঠা দিৱস উদযাপন ~ সংবাদ প্ৰভাত

Sunday, July 4, 2021

যোৰহাট জিলা কবি সন্মিলনৰ ৩২তম প্ৰতিষ্ঠা দিৱস উদযাপন

  

যোৰহাট জিলা কবি সন্মিলনৰ ৩২তম প্ৰতিষ্ঠা দিৱস উদযাপন

 

  প্ৰতিবেদক: সংগীতা বৰা, যোৰহাট

               

যোৰহাট জিলকবি সন্মিলনৰ দ্বাত্ৰিংশতিতম্  প্ৰতিষ্ঠা দিৱসটি কভিডকালীন বাধা নিষেধৰ মাজতে অনুষ্টুপীয়াকৈ উদযাপন কৰা হয়৷ শুক্ৰবাৰে পূৱাবেলা  যোৰহাটৰ সংস্কৃতি ভৱনৰ প্ৰাঙ্গণত সন্মিলনৰ পতাকা উত্তোলন কৰে জিলা কবি সন্মিলনৰ সভাপতি অজিত কুমাৰ বৰদলৈয়ে ৷  স্মৃতিতৰ্পণ তথা বন্তি প্ৰজ্বলন কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি মানিক শইকীয়াই ৷ অনুষ্ঠানত জিলা কবি সন্মিলনৰ প্ৰাক্তন সম্পাদক ৰণজিত গগৈকে মুখ্য কৰি কেইবাজনো শুভাকাংক্ষী উপস্থিত থাকে ৷ উল্লেখ্য যে কভিডৰ বাবে প্ৰশাসনৰ বাধানিষেধৰ পৰিপ্ৰেক্ষিপ্তত ন্যুনতম সদস্যৰ উপস্থিতিতহে অনুষ্ঠানটি পালন কৰা হয়৷

 

ইয়াৰ পিছতে সন্ধিয়া ৬ বজাত নব্যসামাজিক মাধ্যম গুগলমীটৰ যোগেদি প্ৰতিষ্ঠা দিৱস উপলক্ষে এখনি সভা অনুষ্ঠিত হয় ৷ সভাত সভাপতিত্ব কৰে জিলা কবি সন্মিলনৰ সভাপতি অজিত কুমাৰ বৰদলৈয়ে ৷   সভাখনিত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়াই যোৰহাট জিলা কবি সন্মিলনৰ গৌৰৱময় অতীত সোঁৱৰে আৰু সদৌ অসম কবি সন্মিলনৰ গতিময়তাক যোৰহাট জিলা কবি সন্মিলনে সাৰ-পানী যোগাই আগবঢ়াই নিয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে ৷ আনগৰাকী সন্মানীয় অতিথি সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগামে কয় যে যোৰহাট জিলা কবি সন্মিলনৰ বাবে আজিৰ দিনটো বিশেষভাবে গুৰুত্বপূৰ্ণ ৷ ৩২ টা বছৰ গৰকা যোৰহাট জিলা কবি সন্মিলন অগ্ৰণী অসমীয়া সাহিত্য অনুষ্ঠান সমূহৰ মাজত অন্যতম পুৰণা আৰু সক্ৰিয় অনুষ্ঠান বুলিও তেওঁ কয় ৷ তেওঁ প্ৰতিষ্ঠা কালৰে পৰা বৰ্তমানলৈকে  সন্মিলনৰ সৈতে ওতপ্ৰোতভাবে জড়িত ব্যক্তিসকলৰ নাম উল্লেখ কৰি শ্ৰদ্ধা জনায়৷ সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি ড°মানিক শইকীয়াই বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰি সোঁতত ভাঁহি নগৈ গুণগত আৰু উপকাৰত অহা কাৰ্য্যসূচী ৰূপায়ণেৰে আগবাঢ়ি যাবলৈ নতুন কাৰ্যনিৰ্বাহকক আহ্বান জনায় ৷ সভাত জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি যোগমায়া গগৈ , মহেন্দ্ৰনাথ হাজৰিকা, হেমচন্দ্ৰ দত্ত, উপসভাপতি মামনিগগৈ বৰুৱা, প্ৰাক্তন সম্পাদক ৰণজিত গগৈ, ভিক্টৰ ৰাজকুমাৰ, প্ৰাঞ্জল কুমাৰ লাহনৰ লগতে আবৃত্তিকাৰ শান্তিছায়া শইকীয়া, বিনু ফুকন, স্বপ্না বৰঠাকুৰ, স্বপ্না শৰ্মা, ৰীতা বৰদলৈ, শেৱালি দাস, টুণমনি বৰদলৈ,কুমুদ ঘোষকে আদি কৰি বহুকেইজনে বক্তব্য ৰখাৰ লগতে কবিতা পাঠ কৰে ৷ শলাগ জ্ঞাপন কৰে পত্ৰিকা সম্পাদক দেৱজিৎ গোস্বামীয়ে ৷

 সন্মিলনৰ কাব্যমন্ত্ৰ পাঠৰে অনুষ্ঠানটিৰ সামৰণি  মৰা হয় ৷ সমগ্ৰ অনুষ্ঠানটি কাৰিকৰী ব্যৱস্থাপনা কৰে দেৱজিৎ গোস্বামীয়ে ৷

 

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ

অসমৰ শিৱা ৰাণী কলিতাৰ কানাডাত অনুষ্ঠিত অটাৱা চলচ্চিত্ৰ মহোৎসৱত( Ottawa Film Festival) শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ;

ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ  অসমৰ গৌৰৱ বিশ্বৰ বজাৰত সোণালী সূতা ৰেচমৰ

ভিটামিন বি কমপ্লেক্সৰ বিষয়ে জানিবলগীয়া প্ৰয়োজনীয় কেইটামান কথা ! ১০ বিধ ভিটামিন বি যুক্ত খাদ্য যিয়ে আপোনাক সদায় সুস্থ কৰি ৰাখিব 

ভিটামিন  কেপচুলৰ দ্বাৰা ছাল আৰু ছুলিৰ সৌন্দর্য বৃদ্ধি কৰিবলৈ জানিবলগীয়া কেইটামান কথা

0 Comments:

Post a Comment