চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি' ব্ৰহ্মপুত্ৰ বৰ্ডৰ ঠিকাদাৰ টি কে কোম্পানীৰ সদিচ্ছাৰ অভাৱৰ বাবে জাহগৈছে মাজুলীৰ বিস্তৃৰ্ণ অঞ্চল। ~ সংবাদ প্ৰভাত

Friday, July 2, 2021

চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি' ব্ৰহ্মপুত্ৰ বৰ্ডৰ ঠিকাদাৰ টি কে কোম্পানীৰ সদিচ্ছাৰ অভাৱৰ বাবে জাহগৈছে মাজুলীৰ বিস্তৃৰ্ণ অঞ্চল।

 

 

চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি' ব্ৰহ্মপুত্ৰ বৰ্ডৰ ঠিকাদাৰ টি কে কোম্পানীৰ সদিচ্ছাৰ অভাৱৰ বাবে জাহগৈছে মাজুলীৰ বিস্তৃৰ্ণ অঞ্চল।

 

  ৰাজীৱ দত্ত মাজুলী

 

চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি' ব্ৰহ্মপুত্ৰ বৰ্ডৰ ঠিকাদাৰ টি কে কোম্পানীৰ সদিচ্ছাৰ অভাৱৰ বাবে জাহগৈছে মাজুলীৰ বিস্তৃৰ্ণ অঞ্চল। খৰালি সময়ত‌ হাত সাবটি বহি থাকি খহনীয়াই বিধ্বংসী ৰূপ ধাৰণ কৰাৰ সময়ত  আভূৱা ভাৰি কাম কৰি  চৰকাৰী ধনৰ অপচয় কৰাৰ ফন্দি কৰাৰ অভিসন্ধি ওলাই পৰিছে বাস্তব ক্ষেত্ৰত।

 

কমলাবাৰী ঘাটটো সুন্দৰ কৰি গঢ়ি তোলাৰ বাবে চৰকাৰে ব্যৱস্থা কৰিলেও ঘাটটো সুৰক্ষিত কৰাৰ আচনিৰ ধন লুণ্ঠন কৰাৰ আচিলাতে ইতিহাসৰ এখিলা পাত আজি নিশ্চিহ্ন হোৱাৰ পথত।

 

যোৱা চাৰি বছৰৰ পৰা একাদিক্ৰমে ঘাটৰ খহনীয়া চলি আছে যদিও টি কে কোম্পানীৰ অদুৰদৰ্শীতাৰ বাবে এই বছৰো‌ দ্বিতীয় বাৰৰ বাবে ঘাটত খহনীয়াই কালৰূপ ধাৰণ কৰিছে। ঘাটটোৰ পৰা ভকত চাপৰি পৰ্যন্ত খহনীয়া চলি থকা অঞ্চল  বৰ্তমান চৰকাৰৰ বান নিয়ন্ত্ৰণ মন্ত্ৰীক  দেখুৱাই প্ৰতিৰোধৰ ব্যবস্থা কৰিবলৈ ৰাইজে দাবী জনাইছিল আৰু মন্ত্ৰী গৰাকীয়ে আশ্বাস দিছিল। কিন্তু মন্ত্ৰীৰ আশ্বাসক গুৰুত্ব নিদিলে প্ৰশাসন আৰু কোম্পানীটোৱে।

 

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ কিছু বৃদ্ধি হোৱাৰ সময়তে যদি খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰে ভৰবাৰিষাত যে ঘাটটো নিশ্চিহ্ন হ'ব ই ধুৰূপ।

 

ঘাটৰ সংযোগী পথটো খহনীয়াত জাহ যাবলৈ পঞ্চাছ মিটাৰৰো কম ব্যবধান হে আছে। এই পথটো খহনীয়াত পতিত হ'লে যোগাযোগ বিছিন্ন হোৱাৰ লগতে আউনীআটী, কমলাবাৰী সত্ৰৰ লগতে সমীপবৰ্তী ২০/২২ খন গাঁও খহনীয়াৰ কবলত পৰাতো নিশ্চিত । অসমৰ মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি ঐতিহাসিক ঘাটটো ৰক্ষাৰ্থে ব্যবস্থা গ্ৰহণ কৰিবলৈ মাজুলীৰ জনসাধাৰণে দাবী জনাইছে।

 

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ

অসমৰ শিৱা ৰাণী কলিতাৰ কানাডাত অনুষ্ঠিত অটাৱা চলচ্চিত্ৰ মহোৎসৱত( Ottawa Film Festival) শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ;

ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ  অসমৰ গৌৰৱ বিশ্বৰ বজাৰত সোণালী সূতা ৰেচমৰ

0 Comments:

Post a Comment