চিলনীবাৰীত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন ।। ~ সংবাদ প্ৰভাত

Friday, July 2, 2021

চিলনীবাৰীত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন ।।

 

চিলনীবাৰীত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন ।।

 

  বিতুমনি গগৈ,  নাওবৈচা,

 

আন বৰ্ষৰ দৰে এই বৰ্ষটো কভি'ড-১৯ৰ বাবে চৰকাৰে বান্ধি দিয়া নীতি-নিয়ম মানি, আজি আদিবাসী ছাত্ৰ সন্থাৰ ২৫ তম্ প্ৰতিষ্ঠা দিৱসটি লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত চিলনীবাৰী চাহ বাগিচাত আদিবাসী ছাত্ৰ সন্থাৰ পহুমৰা আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় । ১৯৯৬ চনৰ ২ জুলাই তাৰিখে অসমৰ আদিবাসী জণগণক শোষন আৰু বঞ্চনাৰ পৰা উদ্ধাৰ কৰি শিক্ষাৰ পোহৰ বিলাই সকলোৰে লগত সমানে আগবঢ়াই নিয়াৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি প্ৰতিষ্ঠা কৰা আদিবাসী ছাত্ৰ সন্থা চমুকৈ "আছা"ৰ পহুমৰা আঞ্চলিক সমিতিয়ে সীমিত কাৰ্যসূচীৰে উদযাপন কৰা প্ৰতিষ্ঠা দিৱসত সংগঠনটোৰ পতাকা উত্তোলন কৰে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক যুচেপ মীঝ গমকে। উক্ত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত আদিবাসী ছাত্ৰ সন্থাৰ পহুমৰা আঞ্চলিক সমিতিৰ সভাপতি ব্ৰজেন তাতী, সম্পাদক মনেশ্বৰ নায়কৰ লগতে সংগঠনটোৰ লখিমপুৰ জিলা সমিতিৰ বিষয়ববীয়া, পহুমৰা আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল আৰু সদস্য সকল উপস্থিত থাকে ।

 

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে 6 খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ

অসমৰ শিৱা ৰাণী কলিতাৰ কানাডাত অনুষ্ঠিত অটাৱা চলচ্চিত্ৰ মহোৎসৱত( Ottawa Film Festival) শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ;

ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ অসমৰ গৌৰৱ বিশ্বৰ বজাৰত সোণালী সূতা ৰেচমৰ

0 Comments:

Post a Comment