বতিয়ামাৰী নদীৰ গৰাখহনীয়াৰ কবলত গোৰেশ্বৰ -বৰফুকন খাট গড়কপ্তানি পথ। ~ সংবাদ প্ৰভাত

Thursday, July 1, 2021

বতিয়ামাৰী নদীৰ গৰাখহনীয়াৰ কবলত গোৰেশ্বৰ -বৰফুকন খাট গড়কপ্তানি পথ।

 

বতিয়ামাৰী নদীৰ গৰাখহনীয়াৰ কবলত গোৰেশ্বৰ -বৰফুকন খাট গড়কপ্তানি পথ।

 পৰমেশ্বৰ ডেকা, গোৰেশ্বৰ

 

বাৰিষা অহাৰ লগ লগে  নদীৰ  গৰাখহনীয়াই প্ৰৱলৰূপ ধাৰণ কৰে৷ বাক্সা  জিলাৰ গোৰেশ্বৰ- ফুকনখাট সংযোগী পথটো বটিয়ামাৰী নৈৰ গৰাখহনীয়াৰ কবলত৷ নৈখনৰ দক্ষিণ পাৰটো গোৰেশ্বৰ-  বৰফুকনখাত  দৰং সংযোগী শ্বহীদ কুশল ৰাজবংশী গড়কপ্তানি পথ ৷ নৈৰ দক্ষিণ পাৰটো প্ৰায় দুশ মিটাৰ গৰাখহনীয়াত চপৰা চপৰে খহিযোৱাত পথটোলৈ চৰম ভাবুকি আহিছে। গোৰেশ্বৰৰ পৰা বৰফুকন খাটহৈ দৰঙলৈ যাব পৰা একমাত্ৰ  সদাব্যস্ত পথচোৱা নৈৰ গৰাখহনীয়াৰ কবলত পৰাত  যাতায়ত ব্যৱস্থা ব্যাহত হোৱাৰ  উপক্ৰম হোবাত শংকিত হৈছে গাওবাসী৷

 

গোৰেশ্বৰ চহৰৰ পৰা প্ৰায় পাচশ মিটাৰ  দূৰত থকা ৩ নং ৱাৰ্ডৰ বৰফুকনখাতলৈ যোৱা পথটো দুবছৰ পূৰ্বে নিৰ্মাণ কৰিছিল যদিও পথটোৰ  উত্তৰপাৰে নৈৰ পাৰৰ সৈতে একাকাৰ হৈ গৰাখহনীয়াৰ কবলত পৰাত যিকোনো মূহুৰ্তত পথচোৱা বিচিন্ন হোৱাৰ সম্ভৱনা প্ৰবল হৈ পৰিছে৷  দুবছৰ পূৰ্বে  কবৰফুকন খাটলৈ যোৱা  পথটো চিচি ব্লকৰ পথটো নিৰ্মাণ কৰাৰ পিছতো  প্ৰায় দুশ মিটাৰ নদীয়ে খহাই নিয়াত খহনীয়া অংশত কেবল কেইডালমান বাঁহ আৰু বস্তাৰে  খহনীয়া ৰোধৰ   চেষ্টা বিফল হোৱা পাৰিলক্ষিত  হৈছে ৷এতিয়া পথটোৰ একেবাৰে কাষলৈ নদীয়ে খহাই নিয়াত  স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক  গৰাখহনীয়াৰ পৰা  অতি শীঘ্ৰে গড়কপ্তানি পথচোৱা সুৰক্ষিত কৰিবলৈ দাবী জনাইছে ৷

 

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ

0 Comments:

Post a Comment