যোৰহাটৰ ওপজা গৃহত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যক স্মৰণ ~ সংবাদ প্ৰভাত

Sunday, July 4, 2021

যোৰহাটৰ ওপজা গৃহত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যক স্মৰণ

 

যোৰহাটৰ ওপজা গৃহত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যক স্মৰণ

 

  প্ৰতিবেদক: সংগীতা বৰা, যোৰহাট

               

 সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ পবিত্ৰ মৃত্যুদিৱসত  যোৰহাট জিলা কবি সন্মিলনৰ তৰফৰ পৰা কবিজনাৰ ওপজা গৃহত তেখেতৰ আবক্ষ মূৰ্ত্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাৰে স্মৰণ কৰা হয় ৷

 

প্ৰথমে কবিজনাৰ আবক্ষ প্ৰতিমূৰ্ত্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি ড° মানিক শইকীয়া দেৱে ৷ তেখেতৰ পিছতে জিলা কবি সন্মিলনৰ সম্পাদক ছৈয়দ পাৰভিজ হুছেইন আৰু মহানগৰ শাখা কবি সন্মিলনৰ হৈ টুণমনি বৰদলৈ, হীৰকজ্যোতি গগৈয়ে শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন কৰে ৷ যোৰহাট জিলা কাৰাগাৰৰ সদ্য অৱসৰ প্ৰাপ্ত কাৰাধ্যক্ষ শ্ৰীযুক্তা চম্পাকলী বৰদলৈ ডাঙৰীয়ানী উপস্থিত থাকি কবিগৰাকীলৈ শ্ৰদ্ধা জনোৱাৰ লগতে বক্তব্য দাঙি ধৰে ৷

 

বন্তি প্ৰজ্বলক ড° মানিক শইকীয়াই কভিড কালীন জৰুৰী অৱস্থাত কবিগৰাকীৰ মৃত্যু দিৱস অনুষ্টুপীয়াকৈ আয়োজন কৰিবলগা হোৱাত দুখ প্ৰকাশ কৰি তেখেতৰ কবিসত্বা সম্পৰ্কে চমু বক্তব্য দাঙি ধৰে ৷

 

উল্লেখ্য যে যোৰহাট জিলা কবি সন্মলনে কবিগৰাকীৰ ওপজা গৃহত তেখেতৰ মৃত্যু দিৱস আৰু জন্মদিৱস যথেষ্ট আড়ম্বৰতাৰে উদযাপন কৰি আহিছে ৷ কিন্তু বিগত বৰ্ষ আৰু এইবছৰ কভিডৰ প্ৰকোপৰ বাবে কোনোধৰণৰ বিশেষ কাৰ্য্যসূচী গ্ৰহণ কৰিব পৰা হোৱা নাই৷

 

 উক্ত অনুষ্ঠানটিত জিলা কবি সন্মিলনক সম্পূৰ্ণ সহযোগ আগবঢ়াই যোৰহাট মহানগৰ শাখা কবি সন্মিলনে ৷

 

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে 6 খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ

অসমৰ শিৱা ৰাণী কলিতাৰ কানাডাত অনুষ্ঠিত অটাৱা চলচ্চিত্ৰ মহোৎসৱত( Ottawa Film Festival) শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ;

ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ অসমৰ গৌৰৱ বিশ্বৰ বজাৰত সোণালী সূতা ৰেচমৰ

ভিটামিন বি কমপ্লেক্সৰ বিষয়ে জানিবলগীয়া প্ৰয়োজনীয় কেইটামান কথা ! ১০ বিধ ভিটামিন বি যুক্ত খাদ্য যিয়ে আপোনাক সদায় সুস্থ কৰি ৰাখিব

ভিটামিন কেপচুলৰ দ্বাৰা ছাল আৰু ছুলিৰ সৌন্দর্য বৃদ্ধি কৰিবলৈ জানিবলগীয়া কেইটামান কথা

0 Comments:

Post a Comment