মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত মানৱ শৃংখলেৰে সাপেখাতীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ। ~ সংবাদ প্ৰভাত

Monday, July 5, 2021

মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত মানৱ শৃংখলেৰে সাপেখাতীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ।

 

মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত মানৱ শৃংখলেৰে সাপেখাতীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ।

   প্ৰতিবেদক:  সাপেখাতী

 

 চৰাইদেউ জিলাৰ সাপেখাতীত  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মানৱ শৃংখলেৰে শাসনাধিষ্ঠ চৰকাৰৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে।

 

ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পোৱা পেট্ৰল ডিজেল ইন্ধনজাত সামগ্ৰীৰ লগতে নিতৌ ব্যৱহাৰ্য অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ ৰোধ কৰাৰ দাবীত সাপেখাতীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাপেখাতী আঞ্চলিক সমিতিয়ে সাব্যস্ত কৰে  এই প্ৰতিবাদ।

 

প্ৰতিবাদকাৰীয়ে কভিড প্ৰ'টকল ৰক্ষা কৰি যোগান মন্ত্ৰী মূৰ্ডাবাদ, অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰক, পেট্ৰল ড্ৰিজেলৰ মূল্য বৃদ্ধি হ্ৰাস কৰক আদি শ্ল'গানেৰে হাতে হাতে প্লেকাৰ্ড লৈ সাপেখাতী চাৰিআলীৰ মাজমজিয়াত সাব্যস্ত কৰে এই প্ৰতিবাদ।। প্ৰতিবাদস্থলীত উপস্থিত থকা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সম্পাদক লংকেশ্বৰ গগৈয়ে কয় যে-ক'ৰনা ভাইৰাছে দেশৰ জনতাক মাধমাৰ সোধোৱাৰ পাছতে শাসনাধিষ্ঠ চৰকাৰে ৰাজ্যবাসীক পেট্ৰল ডিজেল ইন্ধনজাতিয় সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি কৰি মূৰত ৰাম টাঙুন সোধাইছে। সেই হেতুকে যোগান মন্ত্ৰীক অতি সোনকালে মূল্যবৃদ্ধি ৰোধ কৰি ৰাজ্যবাসীক সকাহ দিবৰ বাবে প্ৰতিবাদস্থলীৰ পৰাই সকিয়নী প্ৰদান কৰে। ইয়াৰ উপৰিও "মানৱ শৃংখল" স্থলীত উপস্থিত থকা সাপেখাতী আঞ্চলিক সমিতিৰ সভাপতি দিবাকৰ বৰা,সহ সম্পাদক অনুপম বৰঠাকুৰেও মূল্যবৃদ্ধি ৰোধ কৰাৰ সন্দৰ্ভত  মন্তব্য প্ৰকাশ কৰে লগতে আগন্তক দিনত অত্যাধিক মূল্যবৃদ্ধি ৰোধ নকৰিলে আন্দোলন তিব্ৰতৰ হব বুলি মন্তব্য প্ৰকাশ কৰে ।

 

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে 6 খন শ্ৰেষ্ঠ ..................................

অসমৰ শিৱা ৰাণী কলিতাৰ কানাডাত অনুষ্ঠিত অটাৱা চলচ্চিত্ৰ মহোৎসৱত……

ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ অসমৰ গৌৰৱ বিশ্বৰ বজাৰত ……..

ভিটামিন বি কমপ্লেক্সৰ বিষয়ে জানিবলগীয়া প্ৰয়োজনীয় .....................

ভিটামিন কেপচুলৰ দ্বাৰা ছাল আৰু ছুলিৰ সৌন্দর্য বৃদ্ধি কৰিবলৈ ..............

0 Comments:

Post a Comment