সংবাদ প্ৰভাত

Monday, July 12, 2021

চুলাই মদৰ বিৰুদ্ধে বোকাখাত মহকুমা প্ৰশাসন আৰু আৱকাৰী সহযোগত বৃহৎ অভিযান


   প্ৰতিবেদক:  পপী শইকীয়া, বোকাখাত


বাৰীত তামোল পান নহয় ৷ তামোল পানৰ বাৰীৰ মাটি তলত , এইবাৰ ওলাইছে গিলানে গিলানে চুলাই৷ চুলাই মদৰ ঘাটিৰ পৰাই কভিড সংক্ৰমন বৃদ্ধি হোৱাৰ সন্দেহ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ।


শনিবাৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বোকাখাতত চুলাই মদৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ হবলৈ মুখ্য মন্ত্ৰীয়ে জনোৱা আহ্বান ঘোষণা কৰাৰ পাছতেই বোকাখাতৰ মহকুমাধিপতিৰ নেতৃত্বত আৱকাৰী বিভাগৰ সহযোগত দেওবাৰে বিয়লীৰ পৰা সন্ধ্যালৈকে বোকাখাতৰ খতিয়াখলি ভুঁঞা গাঁৱত বহু শ  লিটাৰ  চুলাই মদ প্ৰস্তুত কৰা পাছ আৰু বহু সামগ্ৰী নষ্ট কৰে। কুৰুৱাবাহী অঞ্চলৰ খতিয়াখলি,ভুঞা গাঁও, নিকৰি, যুগল আদি বহু কেইখন গাঁৱৰ বহু লোকৰ ঘৰৰ পাছফালৰ বাৰীত উদ্ধাৰ হয় চুলাই মদ। লক ডাউনৰ সুবিধালৈ অসাধু চক্ৰই বৰবিহ  স্বৰূপ চুলাই মদৰ ৰমৰমীয়া বেহা চলাই পৰিবেশ বিনষ্ট কৰাৰ লগতে কভিড বিধি ভংগ কৰি জনসাধাৰণৰ মাজত কভিডৰ সংক্ৰমন ঘটোৱাৰ পৰিলক্ষিত হৈছে। বোকাখাত মহকুমা প্ৰশাসনে দেওবাৰৰ পৰা বোকাখাতত চুলাই মদৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰাৰ কথা ঘোষণা কৰিছে।

 

অসমৰ শিৱা ৰাণী কলিতাৰ কানাডাত অনুষ্ঠিত অটাৱা চলচ্চিত্ৰ মহোৎসৱত……

ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ অসমৰ গৌৰৱ বিশ্বৰ বজাৰত ……..

ভিটামিন বি কমপ্লেক্সৰ বিষয়ে জানিবলগীয়া প্ৰয়োজনীয় .....................

ভিটামিন কেপচুলৰ দ্বাৰা ছাল আৰু ছুলিৰ সৌন্দর্য বৃদ্ধি কৰিবলৈ ..............

চতিয়াত তৎপৰ আৰক্ষী-আবকাৰী ৷ হাজাৰ হাজাৰ লিটাৰ চুলাই মদ ধ্বংস ৷


   প্ৰতিবেদক:    সুৰঞ্জন গগৈ, চতিয়া

চতিয়াত তৎপৰ আৰক্ষী-আবকাৰী হাজাৰ হাজাৰ লিটাৰ চুলাই মদ ধ্বংস ৷


ক’ৰোনাৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্যৰ মূখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই প্ৰশাসনক চুলাই মদৰ ঘাটি উচ্ছেদৰ বাবে তৎপৰ হ’বলৈ দিয়া নিৰ্দেশৰ পিছতে আজি অধিক তৎপৰ হৈ পৰা পৰিলক্ষিত হ’ল বিশ্বনাথৰ আবকাৰী আৰু চতিয়া আৰক্ষী৷ দেওবাৰে নিশা চতিয়া আৰক্ষী, আবকাৰী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা বৃহৎ দলে চতিয়াৰ হাবিদলনী গাঁৱত এফালৰ পৰা ঘৰে-ঘৰে প্ৰবেশ কৰি ধ্বংস কৰিলে চুলাই মদৰ ঘাটি আৰু মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ চুলাই মদ৷ আৰক্ষীৰ মতে গাওঁখনত ধ্বংস কৰা মদৰ পৰিমাণ সাত হাজাৰ লিটাৰৰো অধিক৷ বিশ্বনাথ আবকাৰী আৰু চতিয়া আৰক্ষীৰ এই যুটীয়া অভিযানৰ ফলত বৃহৎ সংখ্যক দেশীয় সুৰা ধ্বংস কৰা কাৰ্যক সচেতন মহলে শলাগ লৈছে যদিও একাংশই কিন্তু প্ৰশ্ন কৰিছে, সাধাৰণ চুলাই মদৰ ঘাটি উচ্ছেদ কৰিবলৈ বিশ্বনাথ আবকাৰী নাইবা চতিয়া আৰক্ষীয়ে মূখ্যমন্ত্ৰীৰ নিৰ্দেশৰ বাবে অপেক্ষা কৰিবলগীয়া হ'ল কিয়? আৰু দিনৰ ভাগত মূখ্যমন্ত্ৰীৰ নিৰ্দেশ পোৱাৰ লগে লগে কিদৰে তৎক্ষণাত ইমান বৃহৎ সংখ্যক দেশীয় সুৰা মজুত ৰখাৰ সম্ভেদ লাভ কৰিলে চতিয়া আৰক্ষী নাইবা বিশ্বনাথ আবকাৰীৰ দলে? নে গোপন বুজাবুজিৰ বিনিময়ত সংগোপনে ব্যৱসায় কৰিবলৈ অনুমতি দিছিল এই সকল লোকক? অৱশ্যে চতিয়া আৰক্ষীয়ে জানিবলৈ দিয়া মতে এনে ধৰণৰ চুলাই বিৰোধী অভিযান এতিয়াৰে পৰা তড়িৎ গতিত চলি থাকিব৷

 

অসমৰ শিৱা ৰাণী কলিতাৰ কানাডাত অনুষ্ঠিত অটাৱা চলচ্চিত্ৰ মহোৎসৱত……

ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ অসমৰ গৌৰৱ বিশ্বৰ বজাৰত ……..

ভিটামিন বি কমপ্লেক্সৰ বিষয়ে জানিবলগীয়া প্ৰয়োজনীয় .....................

ভিটামিন কেপচুলৰ দ্বাৰা ছাল আৰু ছুলিৰ সৌন্দর্য বৃদ্ধি কৰিবলৈ ..............

ডিগবৈ ইটাভাটাত ভয়াবহ অগ্নিকাণ্ড: অগ্নিত সম্পূৰ্ণভাৱে ভস্মীভূত ৫ টাকৈ বাসগৃহৰ লগতে লক্ষ্যাধিক টকাৰ সা-সম্পতি


  প্ৰতিবেদক:  দিপাংকৰ শৰ্মা, ডিগবৈ

তিনিচুকীয়া জিলাৰ ডিগবৈৰ  ইটাভাটাত আজি পুৱা প্ৰায় ১০:৩০ বজাত এক ভয়ংকৰ অগ্নিকাণ্ড  সংঘটিত হয়৷ অগ্নিকাণ্ডত সম্পূৰ্ণ ভষ্মিভূত হয় কেবাটাও বাসগৃহৰ লগতে  সা সম্পতি৷একেটা চৌহদৰ ভিতৰতে থকা নিমাই দাস আৰু নীৰু দাস নামৰ দুই আত্মীয়ৰ বাসগৃহৰ লগতে দুই আত্মীয়ৰ দুটাকৈ ভাড়াঘৰও অগ্নিকাণ্ডত সম্পূৰ্ণভাৱে জাহ যায়৷



জানিব পৰামতে দুটা বাসগৃহত ভাড়াতীয়া হিচাপে যোৱা কিছু বছৰৰ পৰা বস বাস কৰি আহিছিল মালা থাপা আৰু ৰুবুল সোনোৱাল নামৰ দুই ভাড়াতীয়া৷উল্লেখ্য যে, ৰুবুল সোনোৱালে নিজৰ ছোৱালীৰ কিছু প্ৰয়োজনীয় কৰ্মৰ বাবে যোৱা শুক্ৰবাৰে সাচতীয়া জমা  ডেৰ লাখ টকা বেংকৰ পৰা উলিয়াই আনি বাসগৃহত ৰাখিছিল বুলি অৱগত কৰিছে ৷ অগ্নিকাণ্ডৰ সূত্ৰপাত প্ৰকৃততে কিহৰ পৰা ঘটিল বৰ্তমান পৰ্যন্ত স্পষ্ট নহয় যদিও বৈদ্যুতিক বিজুতি ঘটি অগ্নি সংযোগ হোৱা বুলি ধাৰণা কৰিছে৷অগ্নিকাণ্ড ইমানেই ভয়াবহ আছিল ঘৰৰ সকলো সা-সামগ্ৰী,টকা-পইছা এপদো উদ্বাৰ কৰিব পৰা নগল ।অগ্নী নিৰ্বাপক লোকে ততাতৈয়াকৈ উপস্থিত হোৱাৰ বাবে ৰক্ষা পৰিল কাষৰ বহুকেইটা   বাসগৃহ।

 

অসমৰ শিৱা ৰাণী কলিতাৰ কানাডাত অনুষ্ঠিত অটাৱা চলচ্চিত্ৰ মহোৎসৱত……

ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ অসমৰ গৌৰৱ বিশ্বৰ বজাৰত ……..

ভিটামিন বি কমপ্লেক্সৰ বিষয়ে জানিবলগীয়া প্ৰয়োজনীয় .....................

ভিটামিন কেপচুলৰ দ্বাৰা ছাল আৰু ছুলিৰ সৌন্দর্য বৃদ্ধি কৰিবলৈ ..............

যোৰহাট জিলাত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি৷ জিলা প্ৰশাসন,আৰক্ষী প্ৰশাসন আৰু অৰ্দ্ধ সামৰিক বাহিনীৰ ৰোড মাৰ্চ


  প্ৰতিবেদক:  সংগীতা বৰা, যোৰহাট 


১২ আৰু ১৩ জুলাইত যোৰহাট জিলা প্ৰশাসন,আৰক্ষী প্ৰশাসন আৰু অৰ্দ্ধ সামৰিক বাহিনীৰ ৰোড মাৰ্চ

 

যোৰহাট জিলাত ঘোষণা কৰা হৈছিল কন্টেইনমেন জ'ন। কিন্তু যোৰহাটত ক'ভিড আক্ৰান্তৰ সংখ্যা দিনক দিনে ভয়াবহভাৱে  বৃদ্ধি পাই আহিছে। সেইহেতু  পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ ১২ জুলাই  আৰু ১৩ জুলাই তাৰিখ দুদিন সম্পূৰ্ণ ৰূপে লকডাউন  দিছে যোৰহাট জিলাত। যিহেতু যোৰহাট জিলাখন ৰেড জ'নলৈ পৰিণত হৈছে। এইকইদিন দেখিবলৈ পোৱা গৈছে ব্যৱসায় প্ৰতিষ্ঠানসমূহত  এটা মেলা সদৃশ পৰিৱেশ। ক'ভিড নিয়ম উলংঘা কৰি এচাম মানুহে কভিড বিয়পাইছে। যাৰ বাবে ক'ভিডত আক্ৰান্তৰ হাৰ দিনক দিনে অধিক বৃদ্ধি পাই গৈ আছে। সেইয়ে যোৰহাট  জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন অধিক কটকটীয়া হৈ পৰিছে । সোমবাৰে যোৰহাট জিলা প্ৰশাসন আৰু  আৰক্ষী প্ৰশাসন আৰু অৰ্দ্ধ সামৰিক বাহিনী যৌথ উদ্যোগত  যোৰহাটৰ অলিয়ে গলিয়ে পদ সঞ্চালন  কৰে আৰু যিসকলে নিয়ম ভংগ কৰিছে সেইসকলক  কথোৰতম শাস্তি প্ৰদান কৰে। অকল যোৰহাট নগৰতে নহয় গাওঁ সমূহতো তহল দিছে আৰক্ষী প্ৰশাসনে।চোকা দৃষ্টি ৰাখিব এই দুদিন প্ৰশাসনে।

 

আনহাতে  সকলো গেলামালৰ দোকান,শাক পাচলি আৰু ফল মূলৰ দোকান দুদিনৰ বাবে বন্ধ কৰি দিয়া হৈছে আৰু ফাৰ্মাচীসমূহ খোলা ৰখা হৈছে। আৰু প্ৰাতঃ ভ্ৰমণ, সান্ধ্য ভ্ৰমণ সম্পূৰ্ণ ৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে। যিসকলে ক'ভিড ইচ্ছাকৃত ভাবে বিয়পায় সেইসকলক আইনীভাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। আনহাতে গ্ৰামাঞ্চলতো কন্টেইনমেন জ'ন সমূহ ড্ৰোনৰ দ্বাৰা নিৰীক্ষণ কৰিব বুলি প্ৰশাসনে সংবাদ মাধ্যমৰ আগত  জানিবলৈ দিয়ে। লগতে এই সন্দৰ্ভত অতিৰিক্ত জিলা উপায়ুক্ত দামোদৰ বৰ্মনে ৰাইজলৈ আহ্বান জনায়, যে ৰাইজে প্ৰশাসনক সহায় কৰি ক'ভিড নিয়ন্ত্ৰণ কৰিবলৈ  সহায় কৰক আৰু যোৰহাট জিলা ৰে'ড জ'নৰ পৰা মুক্ত কৰাত সহায় কৰিবলৈ ৰাইজক  আহ্বান জনায়।

 

আনহাতে যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে প্ৰকাশ কৰে যে, প্ৰশাসন অধিক কটকটীয়া হৈ পৰিছে। বিনাকাৰণত ওলাই অহা সকলো গাড়ী চিচ কৰা হৈছে। আনহাতে গ্ৰামাঞ্চলসমূহতো  গধূলি বেছি মানুহ ওলাই আহে সেয়ে গধূলি গ্ৰামাঞ্চলসমূহত প্ৰশাসনে পদ সঞ্চালন কৰিব।লগতে আহ্বান জনাই সমূহ যোৰহাটবাসী ৰাইজক যাতে পুলিচক ভয়  নহয় ক'ভিডক ভয় কৰক আৰু নিয়ম নীতি মানি চলি ক'ভিড সমস্যা দূৰ কৰক।

 

অসমৰ শিৱা ৰাণী কলিতাৰ কানাডাত অনুষ্ঠিত অটাৱা চলচ্চিত্ৰ মহোৎসৱত……

ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ অসমৰ গৌৰৱ বিশ্বৰ বজাৰত ……..

ভিটামিন বি কমপ্লেক্সৰ বিষয়ে জানিবলগীয়া প্ৰয়োজনীয় .....................

ভিটামিন কেপচুলৰ দ্বাৰা ছাল আৰু ছুলিৰ সৌন্দর্য বৃদ্ধি কৰিবলৈ ..............

Sunday, July 11, 2021

ইণ্ডিয়ান আইডল ১২: ৰাহুল বৈদ্যই নেহা কক্কৰ আৰু বৰ্তমানৰ বিতৰ্কৰ ওপৰত মুখ খুলিলে



 ইণ্ডিয়ান আইডল ১২: ৰাহুল বৈদ্যই নেহা কক্কৰ আৰু বৰ্তমানৰ বিতৰ্কৰ ওপৰত মুখ খুলিলে


ইণ্ডিয়ান আইডল ১২ ৰ সমাপ্তি ওচৰ চাপি আহিছে কিন্তু এই চেছনত আৰম্ভ হোৱা বিতৰ্কবোৰ এতিয়াও ইণ্টাৰনেটত বিতৰ্কৰ বিষয় হৈ আছে। প্ৰথমবাৰৰ বাবে, খতৰো কে খিলাড়ী ৰাহুল বৈদ্য, যি বৰ্তমান ইণ্ডিয়ান আইডলৰ 11 ত অংশগ্ৰহণ কৰাৰ বাবে অধিক চৰ্ছাত আছে৷


নিৰ্মাতাসকলে বিচাৰকসকলক প্ৰতিযোগীসকলক প্ৰশংসা কৰিবলৈ কোৱা ৰায়দাতাসকলৰ প্ৰতি অমিত কুমাৰৰ প্ৰতিক্ৰিয়াৰ বিষয়ে উল্লেখ কৰি ৰাহুলে কয় যে যদি নিৰ্মাতাসকলে অতিথিসকলক প্ৰশংসা কৰাটো বিচাৰে আৰু প্ৰতিযোগীসকলক সমালোচনা নকৰে তেন্তে তেওঁ একো ভুল বিবেচনা নকৰে।


তেওঁ যোগ দিছিল যে অনুষ্ঠানটোৰ সকলোবোৰ মনোৰঞ্জন প্ৰদানৰ দৃষ্টিকোণেৰে কৰা হয় আৰু বৰ্তমানৰ সকলো গায়ক প্ৰতিভাশালী আৰু ভাল গান গায় ৰাহুলে মত প্ৰকাশ কৰে যে যদিও গায়কসকলক এখন মঞ্চ প্ৰদান কৰিবলৈ ইণ্ডিয়ান আইডল 12 দৰে অনুষ্ঠান সৃষ্টি কৰা হয়, কিন্তু তেওঁলোকৰ সৈতে এটা মনোৰঞ্জনৰ ভাগফলও সংলগ্ন থাকে আৰু সেয়েহে নিৰ্মাতাসকলে অতিথি বা বিচাৰকক প্ৰতিযোগীসকলক প্ৰশংসা কৰিবলৈ 'লে ডাঙৰ হুলস্থুল কৰিব নালাগে


তেওঁ বিশ্বাস কৰিছিল যে মনোৰঞ্জন আৰু ধেমালিৰ বাবে ৰোমান্টিক দিশটো যোগ কৰা হয় আৰু কাকো যোৰ কৰি এজন প্ৰতিযোগীক প্ৰশংসা কৰিবলৈ কোৱা নহয় ৰাহুল বৈদ্যৰ মতে, যেতিয়া তেওঁ ইণ্ডিয়ান আইডল 1- প্ৰতিযোগীসকলৰ মাজৰ এজন আছিল, বিষয়বোৰ যথেষ্ট সৰল আছিল, আনকি নেহা কক্কৰ যি বৰ্তমানৰ বিচাৰক, দ্বিতীয় ছিজনৰ প্ৰতিযোগীসকলৰ ভিতৰত এগৰাকী প্ৰতিযোগী আছিল আৰু সকলোৱে তেওঁলোকৰ গান গাইছিল আৰু তেওঁলোকৰ আসনলৈ ঘূৰি গৈছিল


প্ৰতিযোগীসকলক অংশগ্ৰহণ কৰিবলৈ মাত্ৰ ২ মিনিট ৩০ ছেকেণ্ডৰ অতি কম সময় দিয়া হৈছিল


ইণ্ডিয়ান আইডলৰ বিচাৰক হিচাপে তেওঁ ঘূৰি আহিব বিচাৰে নেকি বুলি সোধাত ৰাহুল বৈদ্যই কয় যে তেওঁ বিচাৰক হিচাপে উভতি আহি আনন্দিত ' আৰু প্ৰতিযোগী হোৱাৰ পৰা বিচাৰক হিচাপে উভতি অহালৈ এইটো এটা মহান যাত্ৰা ' শনিবাৰৰ ইণ্ডিয়ান আইডল 12 সপ্তাহান্তৰ খণ্ডটোৱে লেডিজ স্পেচিয়েলত মহিলাৰ শক্তি উদযাপন কৰে আৰু দেওবাৰে, কিংবদন্তি গায়িকা আশা ভোচালেক বিশেষ অতিথি হিচাপে স্বাগতম জনাব