মাজুলীৰ দেওঁদিয়া আটী গাৱত ভয়ংকৰ কাণ্ড আটক কৰিবলৈ যোৱা আচামীয়ে দাৰে ঘপিয়াই আহত কৰিলে আৰক্ষীক ॥ ~ সংবাদ প্ৰভাত

Friday, July 2, 2021

মাজুলীৰ দেওঁদিয়া আটী গাৱত ভয়ংকৰ কাণ্ড আটক কৰিবলৈ যোৱা আচামীয়ে দাৰে ঘপিয়াই আহত কৰিলে আৰক্ষীক ॥

 


মাজুলীৰ দেওঁদিয়া আটী গাৱত ভয়ংকৰ কাণ্ড আটক কৰিবলৈ যোৱা আচামীয়ে দাৰে ঘপিয়াই আহত কৰিলে আৰক্ষীক ॥

   ভাস্কৰ কাশ্যপ, উজনী মাজুলী

 

মাজুলীৰ দেওঁদিয়া আটী গাৱঁত যোৱা নিশা প্ৰায় ১১ বজাত  এক ভয়ংকৰ ঘটনা  সংঘটিত হয় । গড়মূৰ আৰক্ষী থানাৰ SI উৎপল দাস আৰু ASI বিজু হাজৰিকাৰ নেতৃত্বত যোৱা এটা দলে অভিযুক্ত কেশব হাজৰিকা ওৰফে বাবুল হাজৰিকাক আটক কৰিবলৈ গৈছিল। কিন্তু দুৱাৰমুখতে কেশব হাজৰিকাই আৰক্ষী দলটোক দা ৰে অতৰ্কিত আক্ৰমণ কৰে। কেশব হাজৰিকাৰ এই আক্ৰমণত চাৰিজনকৈ আৰক্ষী গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয় আৰু আন্ধাৰৰ সুযোগ লৈ কেশব হাজৰিকা পলাই যাবলৈ সক্ষম হয়।


আহত আৰক্ষী কেইজনক ততাতৈয়াকৈ গড়মূৰ পীতাম্বৰদেব অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হ'য় যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে।


আনহাতে উপ আৰক্ষী অধিক্ষক শান্তনু দত্তৰ নেতৃত্বত এটা আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ দলে কেশব হাজৰিকাক বিচাৰি অভিযান অব্যাহত ৰাখিছে যদিও বৰ্ত্তমানলৈকে কোনো শুং-সূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।


ইতিমধ্যে সোধপোচৰ বাবে আৰক্ষীয়ে কেশব হাজৰিকাৰ ঘৰৰ ওচৰৰ ৫ জন লোকক আটক কৰিছে বুলি জানিব পৰা গৈছে। আহত আৰক্ষী কেইজন হল ক্ৰমে SI উৎপল দাস, ASI বিজু হাজৰিকা, Constable মৃদুল দাস, Home Guard ৰূপক মিলি, Home Guard ৰাজেন মেধি, Battelian পাপু শইকীয়া

0 Comments:

Post a Comment