ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ । অসমৰ গৌৰৱ বিশ্বৰ বজাৰত সোণালী সূতা ৰেচমৰ। ~ সংবাদ প্ৰভাত

Thursday, July 1, 2021

ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ । অসমৰ গৌৰৱ বিশ্বৰ বজাৰত সোণালী সূতা ৰেচমৰ।


 ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ। অসমৰ গৌৰৱ বিশ্বৰ বজাৰত সোণালী সূতা ৰেচমৰ।

 

 বিমান শইকীয়া

 

ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ ।

অসমৰ গৌৰৱ বিশ্বৰ বজাৰত সোণালী সূতা ৰেচমৰ।

                                           

অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ঘৰে - ঘৰে তাঁত শালে আগ চোতালৰ শোভা বৰ্ধন কৰিছিল অতীজৰ গাৱঁলীয়া সমাজ জীৱনত। ছোৱালী কাজী নহলে মাকৰ কৃতিত্ব নাই। যিবিলাক ছোৱালীয়ে তাঁত বব, ঢেঁকী দিব অৰ্থাৎ ধান বানিব নোৱাৰে , ককালত কলহ লৈ পানী আনিব নাজানে, ভাত ৰান্ধিব আৰু ভুঁই ৰুব নাজানে সেই তিৰোতাক কাজী বুলি নকয়  মানুহে। অতীতৰ সামন্তবাদী অৰ্থাৎ সামন্তীয় পৰিয়ালত এই কাম খিনিৰ হিচাপ নিকাচ কৰি থৈ গৈছে। সাউদৰ ঘৰত অৰ্থাৎ সদাগৰে সামন্তবাদী দৃষ্টান্ত আমাক দি থৈ গৈছে। চিলনীৰ জীয়েকৰ সাধু বেজবৰুৱাৰ অনুপম সাহিত্য - বুঢ়ী আইৰ সাধু। তাতেই চিলনীৰ জীয়েকে বিহুৰ দিনা সদাগৰক দিয়া কাপোৰ সাজ  সদাগৰৰ  আগৰ  ৭ জনী ঘৈনিয়েকেও দিব নোৱাৰিলে। ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ তুলনা বিহীন। আমাৰ অসমীয়া সমাজৰ কইনাৰ কাপোৰ সাজ তেনেকুৱাই। পাট মুগাৰে তৈয়াৰ কৰা কাপোৰ সাজ বিশ্বৰ দৰবাৰত অসমৰ গৌৰৱ।আৰু আমি দৃষ্টান্ত পাইছো-তেজীমলা সাধুত-পাট কাপোৰৰ লগতে মাহী আইয়ে খুন্দিলে তেজীমলাহে মই। সেই সদাগৰৰ দিনৰে কথা।তেতিয়াও পাট কাপোৰৰ আদৰ আছিল।  


 

ভাৰতৰ ভিতৰতে অসম ৰেচম শিল্পৰ মাতৃ স্বৰূপ। অৰ্থাৎ অসমতেই ৰেচম শিল্পৰ প্ৰথম খোজ দেখিবলৈ পোৱা যায়। এড়ী, মুগা আৰু পাট তিনিওটাই অসমৰ মাটি পানী আৰু বায়ুৰ  স্বভাৱ জাত প্ৰাকৃতিক উৎপাদন ।অসমৰ ভিতৰত তিতাবৰত প্ৰথমে ৰেচম শিল্পৰ খুটি পোতা হৈছিল। ১৯১৯ চনত তিতাবৰ বেছিকত ৰেচম ফাৰ্ম স্থাপন কৰিছিল ব্ৰিটিছ বিলাকেই।পৰবৰ্ত্তী সময়ত ৰেচম প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু কেন্দ্ৰীয় ৰেচম গবেষণা কেন্দ্ৰ তিতাবৰত স্থাপন হৈছিল।  আজিও তিতাবৰৰএই ফাৰ্ম খন জাকত জিলিকা হৈ আছে। এড়ী মুগা পাট পলুৰ লালন পালন আৰু উৎপাদন লাভ জনক ব্যবসায়। এড়ী পলুৰ কাৰণে এৰা পাত আৰু কেছেৰু পাত, পাট পলুৰ কাৰণে নুনী গছ , মুগাৰ কাৰণে চোমনি বাগিছা লাগিব। বিজ্ঞান প্ৰযুক্তিবিদ্যা ৰ পোহৰ নপৰোতেই অসমৰ জনজাতি জনগোষ্ঠীৰ একোটা পৰিয়ালৰ ঘৰুৱা শিল্প আছিল ৰেচম শিল্প।ঘৰ খনৰ প্ৰত্যেকৰে একোখনকৈ এৰিয়া কাপোৰ আৰু জোঁৱাই কেইটাৰ বাবেও ধৰাবন্ধা আছিল একোখন এৰি কাপোৰ। অসমীয়া  দৰা-  কইনাৰ সাজ পাট কাপোৰৰ। মুগাৰ ৰিহা- মেখেলা অসমৰ মহিলাৰ পৰিচয়। তিতাবৰ ভূগোলৰ পাতত কি ক'ত কিয় বিখ্যাত বুলি ক'লে- এখন ৰেচম ফাৰ্মৰ কথা সকলোৰে মনলৈ আহে। আজিও ৰেচম ফাৰ্ম খন আছে তিতাবৰ বেচিকত। কিন্তু ৰেচম শিল্পৰ লাভজনক ভাৱে ব্যৱসায় কৰাত সফল হ'ব পৰা নাই। তিতাবৰ বেচিকৰ কাষতে মেজেঙানিত মেজাঙ্কৰি আছিল। ইও ৰেচম শিল্পৰ অন্যতম মেজাঙ্কৰি পাট। কিন্তু বৰ্তমান তিতাবৰত ৰেচম শিল্পৰ দুৰবস্থা এটা দুখৰ খবৰ। এতিয়া ঘৰে ঘৰে তাঁত শালো নাই, এৰি  মুগা পাট পলুৰ লালন পালন আৰু উৎপাদন কৰা পৰিবেশো নাই। কৰবাত কেনেবাকৈ দুই এঘৰে অসমৰ আপুৰুগীয়া কৃষ্টি ৰেচম শিল্পক জীয়াই ৰাখিবলৈ যত্ন কৰিছে। আহোম স্বৰ্গদেউ সকলৰ দিনতো পাট মুগাৰ সমাদৰ আছিল। পাট মুগাৰ পাগুৰি চাপকন, অসমীয়া বিহুৱা বিহুৱতী সকলৰ বিহুৰ সাজ পোচাক পাট মুগাৰ জিলিকি থকা।


 

ৰেচম শিল্পৰ একচেটিয়া ব্যবসায় বানিজ্য শুৱালকুছি আৰু পলাশবাৰীত আজিও বৰ্তি আছে। যদিও অৱস্থা বৰ সন্তোষজনক নহয়। অৰ্থাৎ ব্যবসায় বানিজ্য লাভজনক কৰিবলৈ চৰকাৰী পৃষ্ঠপোষকতা সফল আৰু সবল হৈ থকা নাই। অসমৰ বিভিন্ন অঞ্চলত ৰেচম ফাৰ্ম আছে কিন্তু অৱস্থা টনকিয়াল নহয়। চৰকাৰে ৰেচম শিল্পৰ উন্নয়ন আৰু বিকাশৰ পৰিকল্পনা, সঠিক ভাবে ব্যৱস্থাপনা আৰু সঠিকভাৱে বজাৰ সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাত সফল হ'ব পৰা নাই। আন্তৰ্জাতিক বজাৰ সৃষ্টি কৰাটো দূৰৈৰ কথা,নিজৰ দেশতে পলু পালক সকলক, ফাৰ্ম পৰিচালক সকলক,উৎপাদন কাৰী সকলক চৰকাৰে উচিত মৰ্যাদা দিয়া নাই। কাজেই ৰেচম শিল্পৰ দুৰ্গতি হৈছে। অসমৰ ১৩৫ খন চৰকাৰী ফাৰ্মত ৰাজ্য চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে ৰেচম শিল্পৰ উন্নয়ন আৰু বিকাশৰ বাবে বহুত আঁচনি গ্ৰহণ কৰিছে। কিন্তু লাভ হোৱা নাই ।প্ৰকল্প তৈয়াৰ কৰা হৈছে কিন্তু বিস্তাৰ হোৱা নাই। আধুনিক ভিত্তিক  ৰেচম শিল্পৰ পৰিকল্পনা চৰকাৰে গ্ৰহণ কৰিলে অসমৰ অৰ্থনীতি টনকিয়াল হোৱাৰ উপৰি নিৱনুৱা সমস্যা সমাধান কৰিবলৈ সক্ষম হব। একেধাৰে কৃষি আৰু শিল্প দুইটা দিশতে ৰেচম শিল্পৰ ভূমিকা মনকৰিবলগীয়া। কুটীৰ শিল্পও হয় আৰু বৃহত শিল্পও গঢ়ি তুলিবলৈ থল আছে ৰেচম শিল্পৰ জৰিয়তে।

 

অসমৰ ক্ষেত্ৰত দেখা যায় কেৱল যোৰহাট শিৱসাগৰ ডিব্ৰুগড় কামৰূপ লখিমপুৰ ধেমাজি ঢকুৱাখানা ইত্যাদি জিলা সমূহত ৰেচম শিল্পৰ সম্ভাৱনা অধিক। আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনতে ৰেচম শিল্পৰ ৰাজকীয় মৰ্যাদা আছিল। মেজাংকৰী আৰু টছৰ উৎপাদনও লাভজনক ব্যবসায়। সোণালী মুগাৰ মাহাত্ম্য অধিক। সূৰ্য্যৰ বেঙুনীয়া ৰশ্মিও প্ৰতিৰোধ কৰিব পাৰে বুলি জনা যায়। ব্যবসায়ীক ভাবে এক একৰ অৰ্থাৎ তিনি বিঘা মাটিত বছৰি ৪টা এড়ী খেতি কৰিব কেছেৰু বা এৰা খেতি কৰি।কমেও এক লাখ লাট উৎপাদন কৰিব পাৰি। খোলাৰ পৰা প্ৰায় ১৩৬০০টকা সঁচোৱা লাটৰ পৰা১৮০০০ হেজাৰ টকা আৰু খাদ্য উপযোগী লাটৰ পৰা ৪০০০০টকা পাব পাৰি। মুঠ বছৰত ৭১ ১০০ টকা উপাৰ্জন কৰিব পৰা যায়। এইটো তেনেই নিম্নতম। আনহাতে মুগাৰ আৰু পাট পলুৰ ক্ষেত্ৰত একেধৰণে লাভজনক উৎপাদন কৰিব পাৰি। তিনি বিঘা মাটিত বছৰি মুগা খেতিত মুঠ আয় কৰিব পাৰি ১৩২০০০ টকা। এই কামত খৰছ হয় ২৪৪০০টকা।মুঠ ১০৫৬০০টকা লাভ হয়।এবছৰত সঁচোৱা দুটা আৰু কাটনী দুটা খেতি কৰিব পাৰি। বছৰত ৩৪ কেজি খোলা আৰু খাদ্য উপযোগী লাট ২০০ কেজি উৎপাদন কৰিব পাৰি। খোলাৰ মূল্য প্ৰতি কেজিত কমেও ৪০০০ টকা। খাদ্য উপযোগী লাটৰ কেজি ২০০ টকা। ২০০ কেজি উৎপাদন কৰিব পাৰি বছৰত। তিনি বিঘা মাটিত বছৰি উৎপাদনৰ এইটো থূলমূল হিচাপ। ইয়াৰ লগত উদ্যোগৰ কথা আছেই। উদ্যোগত দুগুণ উৎপাদন আৰু লাভ সম্ভৱ হব।কিন্তু অসমৰ নতুন প্ৰজন্মক  আপুৰুগীয়া সম্পদ ৰেচম শিল্পৰ প্ৰতি উদ্বুদ্ধ কৰিব লাগিব অসম চৰকাৰে। তেতিয়া অসমে অৰ্থনৈতিক স্বাৱলম্বিতাৰ লগতে অসমৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পৰিলক্ষিত হব।


 

 

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে 6 খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ

0 Comments:

Post a Comment