শোণিতপুৰত এতিয়া খিলঞ্জীয়া চহা কৃষকৰ মুখৰ ভাত কাঢ়ি খোৱাত তৎপৰ হৈ পৰিছে একাংশ অনা অসমীয়া ব্যৱসায়ী ~ সংবাদ প্ৰভাত

Thursday, July 1, 2021

শোণিতপুৰত এতিয়া খিলঞ্জীয়া চহা কৃষকৰ মুখৰ ভাত কাঢ়ি খোৱাত তৎপৰ হৈ পৰিছে একাংশ অনা অসমীয়া ব্যৱসায়ী

 

 

শোণিতপুৰত এতিয়া খিলঞ্জীয়া চহা কৃষকৰ মুখৰ ভাত কাঢ়ি খোৱাত তৎপৰ হৈ পৰিছে একাংশ অনা অসমীয়া  ব্যৱসায়ী

 অপূৰ্ব বৰা, তেজপুৰ

 

বৃহৎ খেতি পথাৰত কৃষি ভূমিতে পকাৰে চলাইছে নিমাৰ্ণ কাৰ্য

পৰিত্যক্ত অৱস্থালৈ পয্যৰ্ৱেক্ষিত কৃষি ভূমি, বানৰ প্ৰবল শংকা

প্ৰবল প্ৰতাপী অনা অসমীয়া ব্যৱসায়ীৰ নীতিহীন কাৰ্যৰ বিৰুদ্ধে কৃষকে অভিযোগ দিলে জিলা উপায়ুক্ত-চক্ৰ বিষয়াক

 

শোণিতপুৰত এতিয়া খিলঞ্জীয়া চহা কৃষকৰ মুখৰ ভাত কাঢ়ি খোৱাত তৎপৰ হৈ পৰিছে একাংশ অনা অসমীয়া  ব্যৱসায়ী৷ জিলাখনৰ বৃহৎ খেতি পথাৰত এতিয়া  একাংশ অনা অসমীয়া ব্যৱসায়ীয়ে ব্যৱসায়ী স্থলী  গঢ়ি তুলিবলৈ নিয়ম-নীতি ভুলণ্ঠিত কৰি অবাধে চলাই আহিছে নিমাৰ্ণ কাৰ্য৷ তেনে এক ঘটনা সংঘটিত হৈছে জিলাখনৰ ঠেলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত কাৱৈমাৰী অঞ্চলৰ ঘটুৱা পথাৰত৷  ভয় ভাবুকিৰে কৃষি ভূমিত পকা বেৰা, পকা গৃহৰ নিমাৰ্ণৰ ওখ ভেটি তুলি এগৰাকী অনা অসমীয়া বনিয়াই  বৃহৎ পথাৰ কৃষি অনুপযোগী কৰি বিপদয্যৰ্য় নমাই আনিছে শতাধিক  খিলঞ্জীয়া কৃষকলৈ৷ কেৱল এইয়ে নহয় অঞ্চলটোৰ বহুকেইখন গাঁৱৰ গঞাক বানপানীৰ গৰাহলৈ ঠেলি এগৰাকী অনা অসমীয়া বনিয়াই ৰাষ্ট্ৰীয় ঘাইপথ আৰু মথাউৰিৰ প্ৰতিও ভাবুকি নমাই আনিছে৷

 

উল্লেখ্য যে, জিলাখনৰ ঠেলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত কাৱৈমাৰী অঞ্চলৰ ঘটুৱা  পথাৰখনতেই কৃষি কাৰ্য কৰি শতাধিক কৃষকে যুগ যুগ ধৰি জীৱন নিবাৰ্হ কৰি আহিছে৷ পথাৰখনলৈ এতিয়া বিপদয্যৰ্য় নমাই আনিছে বজৰং লাল ৰায় নামৰ অনা অসমীয়া বনিয়া গৰাকীয়ে৷ তেজপুৰ চহৰৰ নিবাসী বজৰং লাল ৰায় নামৰ এইগৰাকী অনা অসমীয়া  বনিয়াই শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত নাহৰবাৰী মৌজাৰ খিলঞ্জীয়া লোকৰ বসতিস্থান ঘটুৱা গাঁৱৰ দাঁতি কাষৰ ঘটুৱা পথাৰৰ ৮৭ নং ম্যাদী পট্টাৰ ২৭৩ নং দাগৰ দুবিঘা একঠা তেৰ লেচা লাহিতলি মাটি ক্ৰয় কৰিছিল গাঁওখনৰে বাসিন্দা পূৰ্ণ কান্ত নাথ আৰু প্ৰফুল্ল নাথৰ পৰা৷ লাহিতলি এই কৃষি ভূমি খণ্ড কিছুদিনৰ পূৰ্বে ক্ৰয় কৰি কৃষি ভূমি খণ্ডৰ কোনো শ্ৰেণী পৰিবৰ্তন নকৰাকৈ অঞ্চলটোৰ খিলঞ্জীয়া কৃষক ৰাইজক ভয় ভাবুকিৰে অনা অসমীয়া ব্যৱসায়ী জনে ভূমি খণ্ডৰ চৌহদত পকা বেৰা নিমাৰ্ণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে পকা গৃহ নিমাৰ্ণৰ বাবেও ওখ ভেটি নিমাৰ্ণ কৰিছে৷ তাৎপৰ্যপূৰ্ণ যে, এই পথাৰখনত প্ৰতিটো বৰ্ষাকালতে গাভৰু নৈৰ বাঢ়নি পানীয়ে ডুবাই পেলায়৷ পথাৰখনৰ গাতে লাগি দক্ষিণ দিশে আছে ৰাষ্ট্ৰীয় ঘাইপথ আৰু উত্তৰ দিশে আছে গাভৰু নৈৰ বান প্ৰতিৰোধৰ বাবে মথাউৰি৷ কিন্তু অনা অসমীয়া ব্যৱসায়ী গৰাকীয়ে নিজৰ ব্যৱসায়ীক স্বাৰ্থত পথাৰখনৰ মাজভাগতে পকা গৃহ নিমাৰ্ণৰ বাবে ওখ ভেটি আৰু চৌহদত পকা বেৰা দিয়াৰ কাৰ্যত তৎপৰ হৈ পৰাত গাভৰু বাঢ়নি পানী বৈ অহাত বাধাগ্ৰস্ত হৈ ৰাষ্ট্ৰীয় ঘাইপথ আৰু মথাউৰি ক্ষতি সাধন কৰাতো নিশ্চিত হৈ পৰিছে৷  আৰু এনে নিমাৰ্ণৰ পৰিণতিতে যদি গাভৰু নৈৰ বাঢ়নী পানীয়ে মথাউৰি, ৰাষ্ট্ৰীয় ঘাইপথ চিঙে তেন্তে অঞ্চলটোৰ বহুকেইখন গাঁও বানৰ কৰাল গ্ৰাসত পৰাৰ সম্ভৱনা প্ৰকট৷ তদুপৰি অনা অসমীয়া বনিয়া গৰাকী ব্যৱসায়ী আকাংক্ষাৰে কৃষি ভূমিত চলোৱা এই নিমাৰ্ণ কাৰ্যৰ পৰিণতিত গাভৰু নৈৰ বাঢ়নী পানীত পথাৰখনৰ বৃহৎ এলেকা কৃষি অনুপযোগী হৈ পৰাতো প্ৰায় খাটাং৷ যাৰ বাবে এতিয়া উদ্বিগ্ন হৈ পৰিছে অঞ্চলটোৰ কৃষক ৰাইজ৷ ইতিমধ্যে অনা অসমীয়া  ব্যৱসায়ী  গৰাকীয়ে খিলঞ্জীয়া লোকৰ কৃষি পথাৰত ব্যৱসায়ীক স্বাৰ্থত চলোৱা নিমাৰ্ণ কাৰ্যত এই কৃষি দিনত ক্ষতিগ্ৰস্ত হোৱা বুলিও স্থানীয় কৃষকে ব্যক্ত কৰিছে৷ স্থানীয় কৃষক বকুল নাথ, জীউৰাম নাথ আৰু জয়ন্ত নাথে আজি সাংবাদিকৰ আগত ব্যক্ত কৰা মতে অনা অসমীয়া ব্যৱসায়ী গৰাকীয়ে পথাৰখনৰ মাজ ভাগতে এনেদৰে পকা গৃহ নিমাৰ্ণৰ ওখ ভেটি আৰু পকা বেৰা নিমাৰ্ণৰ ব্যৱস্থা কৰাত ইতিমধ্যে খেতিৰ বতৰত কৃষক ৰাইজ বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে৷


মনকৰিবলগীয়া বিষয় যে, অনা অসমীয়া ব্যৱসায়ী বজৰং লাল ৰায়ৰ এই নীতিহীন কাৰ্যৰ বিৰুদ্ধে ইতিমধ্যে স্থানীয় ৰাইজে ঠেলামৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ ওচৰত অভিযোগ পত্ৰ দাখিল কৰি তৎকালীন ভাৱে কৃষি ভূমিত পকা বেৰা আৰু পকা গৃহ নিমাৰ্ণৰ ব্যৱস্থা বন্ধ ৰাখিবলৈ দাবী জনাইছে৷ তদুপৰি এইগৰাকী অনা অসমীয়া ব্যৱসায়ী নীতিহীন কাৰ্যৰে কৃষকক কৰা ক্ষতি সাধনৰ বাবে স্থানীয় কৃষকে জিলা উপায়ুক্তৰ ওচৰতো আজি লিখিত অভিযোগ দাখিল কৰে৷ অৱশ্যে,  কৃষকৰ অভিযোগৰ পিছত শেহতীয়াকৈ তৎপৰ হৈ পৰিছে ঠেলামৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰঞ্জন বৰঠাকুৰ৷ নিজৰ তৎপৰতা প্ৰকাশ কৰি চক্ৰ বিষয়া ৰঞ্জন বৰঠাকুৰে আজি সাংবাদিকক কয় যে - ব্যৱসায়ী বজৰং লাল ৰায়ে নীতি উলংঘা কৰি ঘটুৱা পথাৰত নিমাৰ্ণ কাৰ্য চলাইছে আৰু এই নিমাৰ্ণ কাৰ্যই স্থানীয় খেতিয়ক সকলক বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে অঞ্চলটোত বান পানীৰ সমস্যা সৃষ্টি কৰিব৷ মই চৰজমিন তদন্ত কৰি তৎকালীন ভাৱে ব্যৱসায়ী বজৰং লাল ৰায়ক কৃষি ভূমিত চলাই থকা তেওঁৰ নিমাৰ্ণ কাৰ্য বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছো৷ অৱশ্যে এই নিৰ্দেশৰ পিছত প্ৰবল প্ৰতাপী অনা অসমীয়া ব্যৱসায়ী গৰাকীয়ে কেনে ভূমিকা গ্ৰহণ কৰে সেইয়াহে লক্ষণীয় হ’ব৷ 

0 Comments:

Post a Comment