"বৃহত্তৰ অসমীয়া যুৱ মঞ্চ" আৰু "বৃহত্তৰ অসমীয়া নাৰী মঞ্চ" ৰ বৃহৎ কাৰ্য্যসূচীৰে দুলীয়াজান ,নাহৰকটীয়া, নামৰূপ , জয়পুৰত । ~ সংবাদ প্ৰভাত

Thursday, July 1, 2021

"বৃহত্তৰ অসমীয়া যুৱ মঞ্চ" আৰু "বৃহত্তৰ অসমীয়া নাৰী মঞ্চ" ৰ বৃহৎ কাৰ্য্যসূচীৰে দুলীয়াজান ,নাহৰকটীয়া, নামৰূপ , জয়পুৰত ।

 

"বৃহত্তৰ অসমীয়া যুৱ মঞ্চ" আৰু "বৃহত্তৰ অসমীয়া নাৰী মঞ্চ" বৃহৎ কাৰ্য্যসূচীৰে দুলীয়াজান ,নাহৰকটীয়া, নামৰূপ , জয়পুৰত ।

   প্ৰতিবেদক, দুলীয়াজান

বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গৃহবন্দী হৈ থকা আর্তজনলৈ এই জটিল পৰিস্থিতিতো "বৃহত্তৰ অসমীয়া যুৱ মঞ্চ" আৰু "বৃহত্তৰ অসমীয়া নাৰী মঞ্চ" ডিব্ৰুগড় জিলা সমিতিৰ এক ক্ষুদ্ৰতম প্ৰচেষ্টাৰে দুলীয়াজান  নাহৰকটীয়া আৰু নামৰূপ  জয়পুৰত প্ৰায় ৫৫ জন লোকক খাদ্য যোগান ধৰে । 

 

আনফালে  আৰক্ষী বিষয়া সকলে এই জটিল পৰিস্থিতত ৰাইজক সহায় সহযোগিতা কৰাৰ বাবে তেওঁলোকক ধন্যবাদ জনোৱাৰ  লগতে নাহৰকটীয়া থানা OC, নামৰূপ থানা OC  আৰু  অতিৰিক্ত আৰক্ষী অধীক্ষক (DSP) মহোদয়ৰ লগত  কোভিডৰ বিষয়ে আলোচনাত মিলিত হয়। একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা লগতে মাস্ক আৰু চেনিটাইজাৰ প্ৰদান  কৰে। আন আন বিষয়া সকলকো মাস্ক  চেনিতাইজাৰ  বিতৰণ  কৰে। এই কাৰ্য্যসূচীত  উপস্হিত  থাকে  মানসজ্যোতি বৰুৱা, যুৱ মঞ্চ ডিব্ৰুগড় জিলাৰ সভাপতি, মৌচুমী হাতীবৰুৱা, নাৰী মঞ্চ জিলা সভানেত্রী ইয়াৰ লগতে জিলা সমিতিৰ আন আন বিষয় ববীয়া ক্ৰমে অমৃতা বৰুৱা, মুনমী গগৈ আৰু দীপিকা গোহাঁই উপস্থিত থাকে।

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে 6 খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ

0 Comments:

Post a Comment