চুলাই মদৰ বিৰুদ্ধে বোকাখাত মহকুমা প্ৰশাসন আৰু আৱকাৰী সহযোগত বৃহৎ অভিযান ~ সংবাদ প্ৰভাত

Monday, July 12, 2021

চুলাই মদৰ বিৰুদ্ধে বোকাখাত মহকুমা প্ৰশাসন আৰু আৱকাৰী সহযোগত বৃহৎ অভিযান


   প্ৰতিবেদক:  পপী শইকীয়া, বোকাখাত


বাৰীত তামোল পান নহয় ৷ তামোল পানৰ বাৰীৰ মাটি তলত , এইবাৰ ওলাইছে গিলানে গিলানে চুলাই৷ চুলাই মদৰ ঘাটিৰ পৰাই কভিড সংক্ৰমন বৃদ্ধি হোৱাৰ সন্দেহ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ।


শনিবাৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বোকাখাতত চুলাই মদৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ হবলৈ মুখ্য মন্ত্ৰীয়ে জনোৱা আহ্বান ঘোষণা কৰাৰ পাছতেই বোকাখাতৰ মহকুমাধিপতিৰ নেতৃত্বত আৱকাৰী বিভাগৰ সহযোগত দেওবাৰে বিয়লীৰ পৰা সন্ধ্যালৈকে বোকাখাতৰ খতিয়াখলি ভুঁঞা গাঁৱত বহু শ  লিটাৰ  চুলাই মদ প্ৰস্তুত কৰা পাছ আৰু বহু সামগ্ৰী নষ্ট কৰে। কুৰুৱাবাহী অঞ্চলৰ খতিয়াখলি,ভুঞা গাঁও, নিকৰি, যুগল আদি বহু কেইখন গাঁৱৰ বহু লোকৰ ঘৰৰ পাছফালৰ বাৰীত উদ্ধাৰ হয় চুলাই মদ। লক ডাউনৰ সুবিধালৈ অসাধু চক্ৰই বৰবিহ  স্বৰূপ চুলাই মদৰ ৰমৰমীয়া বেহা চলাই পৰিবেশ বিনষ্ট কৰাৰ লগতে কভিড বিধি ভংগ কৰি জনসাধাৰণৰ মাজত কভিডৰ সংক্ৰমন ঘটোৱাৰ পৰিলক্ষিত হৈছে। বোকাখাত মহকুমা প্ৰশাসনে দেওবাৰৰ পৰা বোকাখাতত চুলাই মদৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰাৰ কথা ঘোষণা কৰিছে।

 

অসমৰ শিৱা ৰাণী কলিতাৰ কানাডাত অনুষ্ঠিত অটাৱা চলচ্চিত্ৰ মহোৎসৱত……

ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ অসমৰ গৌৰৱ বিশ্বৰ বজাৰত ……..

ভিটামিন বি কমপ্লেক্সৰ বিষয়ে জানিবলগীয়া প্ৰয়োজনীয় .....................

ভিটামিন কেপচুলৰ দ্বাৰা ছাল আৰু ছুলিৰ সৌন্দর্য বৃদ্ধি কৰিবলৈ ..............

0 Comments:

Post a Comment