কনচেং ~ সংবাদ প্ৰভাত

Friday, July 9, 2021

কনচেং



 কনচেং          

✍ প্ৰণৱ ফুকন


পঞ্চদশ শতিকাৰ শেষ দশকৰ কথা ৷ আহোম ৰাজ্যৰ সিংহাসনত চুপিম্‌ফা অধিস্থিত হয় মাত্ৰ চাৰি বছৰৰ বাবে (১৪৯৩- ১৪৯৭) ৷ ইতিমধ্যে কাষৰ বহু ৰাজ্য আহোম ৰাজ্যৰ ভিতৰুৱা নতুবা কৰতলীয়া হৈছিল ৷ নক্টে নগাসকলৰ ৰাজ্যও আছিল কৰতলীয়া ৷ সেই সূত্ৰে সেই ৰাজ্যৰ ৰজা কৰঙ্গপা আহিছিল কৰ সোধাবলৈ ৷ সুদৰ্শন নগাৰজাৰ লগত আহোম ৰজাৰ বন্ধুত্ব গঢ় লয় আৰু তেওঁ নতুন বন্ধুক ভোজ-ভাত খুৱাবলৈ লগত লৈ আহে ৷ কৰঙ্গপাক দেখি আহোম ৰজাৰ চমুৱা কুঁৱৰী এগৰাকীয়ে তেওঁৰ ৰূপৰ প্ৰশংসা কৰে ৷ খঙত জ্বলিপকি তেওঁ কৰঙ্গপাক নিৰ্দেশ দিয়ে কুঁৱৰীক লগত লৈ যাবলৈ ৷ লাজে-অপমানে কুঁৱৰীয়ে ৰজাক এই কথাও নক’লে যে তেওঁ গৰ্ভৱতী আৰু নগাৰজাৰ লগত নগাচাঙলৈ গুছি গ’ল ৷ কৰঙ্গপাই কুঁৱৰীক যথোচিত মৰ্য্যাদাৰে ৰাখে আৰু কু্ৱৰীৰ গৰ্ভত এটি পুত্ৰসন্তান জন্ম হয় ৷ এই কথাও আহোম ৰজাক জনোৱা নহ’ল ৷


১৪৯৭ খ্ৰীষ্টাব্দত চুপিম্‌ফাৰ মৃত্যুৰ পাছত বৰপুত্ৰ আৰু উত্তৰাধিকাৰী চুহুংমুং ৰাজপাটত উঠে ৷ তেখেতে দিহিং নৈৰ পাৰৰ বকতাত ৰাজধানী পাতে ৷ দিহিঙীয়া ফৈদৰ শ্ৰেষ্ঠা ৰজা বুলি বিবেচিত এইজন ৰজাক দিহিঙীয়া ৰজা বুলিও অভিহিত কৰা হয় ৷ তেখেতে হিন্দুমতে স্বৰ্গনাৰায়ণ নাম লয়; হিন্দুমতে নাম লোৱা তেঁৱেই প্ৰথম আহোম ৰজা আছিল ৷ আহোম ৰাজবংশক স্বৰ্গৰ ৰজা লেংদনৰ বংশৰ বুলি কোৱা হৈছিল ৷ এতিয়া হিন্দু পণ্ডিত সকলে লেংদনেই দেৱৰাজ ইন্দ্ৰ বুলি কয় আৰু তেতিয়াৰ পৰা আহোম ৰজাসকলক স্বৰ্গদেউ বোলা হয় ৷

 

এদিন ৰাজসভাত নক্টে ৰজাৰ কৰ সোধাবলৈ এজন অতি সুদৰ্শন আৰু সুঠাম ডেকা আহে ৷ স্বৰ্গদেৱৰ মনত সন্দেহ উপজিল এইজন সঁচাকৈয়ে নক্টে নগানে? গতিকে  বিচাৰ- খোচাৰ কৰাত গম পোৱা গ’ল যে এইজনেই কৰঙ্গপাৰ লগত পঠোৱা চমুৱা কুঁৱৰীৰ সন্তান ৷ সেই সময়ত যে কুঁৱৰী গৰ্ভৱতী আছিল সেই কথাও ওলাই পৰিল ৷ চুহুংমুঙে “নগাকোঁৱৰক” ৰাজসভালৈ মতাই আনে আৰু নিজৰ ভায়েক বুলি স্বীকাৰ কৰে ৷ নগাকোঁৱৰৰ নামাকৰণ আহোম সকলৰ এজন পূৰ্বপুৰুষৰ নামেৰে কনচেং কৰা হ’ল ৷ সেয়া আছিল ১৫২৫ চনৰ কথা ৷ কনচেঙক সীমাবৰ্তী হাবুঙলৈ প্ৰশাসক কৰি পঠোৱা হ’ল ৷


সেই সময়ত স্বৰ্গদেউৰ সহায়ক আছিল বুঢ়াগোঁহাই আৰু বৰগোঁহাই - এই দুজন মন্ত্ৰী ৷ আহোম ৰাজ্যৰ মূল অংশৰ প্ৰশাসনৰ দায়িত্বও তেওঁলোকৰ ওপৰতে ন্যস্ত আছিল ৷ চুহুংমুঙে চুটিয়া ৰাজ্য অধিকাৰ কৰি সেই অঞ্চলৰ প্ৰশাসনৰ বাবে শদিয়াখোৱা গোঁহাইৰ পদ সৃষ্টি কৰি ফ্ৰাচেংমুং বৰগোঁহাইক এই পদত অধিস্থিত কৰিছিল ৷ ইতিমধ্যে নতুনকৈ অধিকাৰ কৰা মৰাণ আৰু বৰাহী ৰাজ্যৰ এলেকাৰ বাবে এজন প্ৰশাসকৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা হৈছিল ৷ সেয়ে ১৫২৭ চনত কনচেঙক এই দায়িত্ব দি বৰপাত্ৰ গোহাঁই নামেৰে এজন নতুন ডাঙৰীয়াৰ পদ সৃষ্টি কৰা হ’ল ৷ এইদৰে আহিল অসম বুৰঞ্জীৰ এক অবিস্মৰণীয় নায়ক: কনচেং বৰপাত্ৰ গোঁহাই ৷


কনচেঙে সোনকালেই নিজৰ দক্ষতাৰ পৰিচয় দি চুহুংমুঙৰ বিশ্বাসৰ প্ৰতিদান দিবলৈ সক্ষম হয় ৷ বিচক্ষণতা, বুদ্ধি, জ্ঞান আদিয়েই সাধাৰণতে যিকোনো ৰাজ্যৰ মন্ত্ৰীৰ বাবে আটাইতকৈ প্ৰয়োজনীয় ৷ কিন্তু আহোম ৰাজ্যৰ ক্ষেত্ৰত এই গুণবিলাকৰ উপৰিও সৌৰ্য্য-বীৰ্য্যৰো বিশেষ প্ৰয়োজন আছিল; কাৰণ ডাঙৰীয়াসকলে সময়ত সেনাপতিত্বৰ দায়িত্ব ল’ব লগা হৈছিল ৷ চুটিয়া ৰাজ্য দখল কৰাৰ পাছত চুহুংমুঙৰ ৰাজ্য বিস্তাৰৰ লিপ্সা বাঢ়ি গ’ল ৷ এইবাৰ তেওঁৰ লক্ষ্য হ’ল পশ্চিমৰ কছাৰী ৰাজ্য ৷ ১৪৯০ খ্ৰীষ্টাব্দত চুহান্‌ফা ৰজাৰ দিনত হোৱা আহোম-কছাৰীৰ সংঘৰ্ষত কছাৰীসকলে দিখৌৰ পূব পাৰলৈকে বিস্তৃত এলেকা দখল কৰিবলৈ সক্ষম হৈছিল ৷ চুহুংমুঙে কছাৰীসকলৰ বিৰুদ্ধে সেনাপতিৰ দায়িত্ব অৰ্পণ কৰে কনচেং বৰপাত্ৰ গোঁহাইক ৷


কনচেঙৰ নেতৃত্বত আহোম সেনাই সহজেই দিখৌৰ পৰা দেৰগাঁৱৰ মধ্যবৰ্তী অঞ্চল দখল কৰিবলৈ সমৰ্থ হয় ৷ দেৰগাঁৱত যুদ্ধৰ উপক্ৰম হোৱাত কনচেঙৰ বুদ্ধিমত্তা সমুখলৈ আহিল ৷ তেওঁ জানিছিল যে কছাৰীসকল অতি সহজ-সৰল আৰু শান্তিপ্ৰিয় ৷ গতিকে কনচেঙে প্ৰস্তাৱ দিলে যে আহোম আৰু কছাৰী দুয়ো পক্ষই দেৰগাঁৱত একোটা ছাগলী বলি দিব আৰু যি পক্ষৰ বলিৰ মূৰ একে ঘাপতে ছিগিব, সেই পক্ষই দেৰগাঁও পাব ৷ কছাৰী সেনানী সন্মত হোৱাত বলিৰ ব্যৱস্থা কৰা হ’ল আৰু সৌভাগ্যক্ৰমে আহোম পক্ষৰ বলিৰ মূৰ একে ঘাপতে ছিগিল আৰু দেৰগাঁও আহোমে হস্তগত কৰিলে ৷ কিন্তু কনচেং আৰু চুহুংমুং ইমানতে ক্ষান্ত নাথাকি দেৰগাঁৱৰ পৰা পশ্চিমলৈ সীমা ঠেলিব খুজিলে ৷ ফলত মৰঙ্গীত পুনৰ যুদ্ধৰ পৰিবেশ গঢ় লৈ উঠে ৷ এইবাৰো কনচেঙৰ চতুৰ মগজুৱে কাম কৰিলে ৷ তেওঁ প্ৰস্তাৱ দিলে যে দুয়ো পক্ষই একোটাকৈ পুখুৰী খান্দিব আৰু যাৰ পুখুৰীত প্ৰথমে পানী ওলাব, মৰঙ্গী সেই পক্ষই পাব ৷ 


দুয়ো পক্ষই দিনৰ দিনটো পুখুৰী খান্দি ভাগৰি শুই পৰিল ৷ কিন্তু কনচেঙে কছাৰী পক্ষৰ ৰাতিৰ টোপনিৰ সুযোগ লৈ আহোম পক্ষৰ পুখুৰীৰ তলখন কুমাৰ মাটিৰে লিপালে আৰু বাঁহৰ চুঙাত পানী আনি ঢালি পানী ভৰাই থ’লে ৷ পুৱা দুয়ো পক্ষই দেখিলে যে আহোম পক্ষৰ পুখুৰীত পানী ওলাল ৷ গতিকে কছাৰী পক্ষই বিনা যুদ্ধে মৰঙ্গী আহোম পক্ষক এৰি দিয়ে ৷ এইদৰে ধনশিৰি পৰ্য্যন্ত সমগ্ৰ অঞ্চল আহোম পক্ষৰ হাতলৈ আহিল ৷ এই এলেকাৰ প্ৰশাসনৰ বাবে সৃষ্টি কৰা হ’ল এক নতুন পদ - মৰঙ্গীখোৱা গোঁহাই ৷ ইয়াৰ পাছত ১৫২৬ ক্ৰীষ্টাব্দত দুয়ো পক্ষৰ মাজত কাঠকটীয়াত হোৱা যুদ্ধত আহোম পক্ষ পৰাভূত হ’ল ৷ কিন্তু পাছত মৰঙ্গীৰ যুদ্ধত আহোম সেনাই জয়লাভ কৰে ৷ কছাৰী ৰজা খুন্‌খৰাই পলায়ন কৰে ৷ ১৫৩১ চনত পুনৰ যুদ্ধ লাগে ৷ এইবাৰো আহোম পক্ষ বিজয়ী হয় আৰু কছাৰী ৰাজ্য আহোমৰ কৰতলীয়া হয় ৷ পাছত ১৫৩৬ চনত কছাৰী ৰজাই স্বাধীনতা ঘোষণা কৰিব খোজাত আকৌ ৰণৰ সৃষ্টি হয় আৰু আহোম পক্ষই কছাৰী ৰাজধানী ডিমাপুৰ পৰ্য্যন্ত দখল কৰে ৷


কনচেঙৰ বীৰত্ব আৰু যুদ্ধ কৌশলৰ পৰিচয় সুন্দৰকৈ পৰিস্ফুট হয় তুৰ্বক খানৰ আক্ৰমণৰ সময়ত ৷ বঙ্গৰ মুছলমান চুলতানসকলে বহু দিনৰ পৰা আহোম ৰাজ্যৰ ওপৰত চকু ৰাখিছিল ৷ ১৫২৯ খ্ৰীষ্টাব্দৰ বৰউজীৰ নামৰ এজন সেনাপতিৰ নেতৃত্বত হোৱা আক্ৰমণ আহোম সেনাই সহজেই উফৰাই দিয়ে ৷ ইয়াৰ পাছত বিত মালিকৰ নেতৃত্বত পুনৰ মুছলমান সেনাই আক্ৰমণ কৰে; লগত আছিল পলৰীয়া কছাৰী ৰজা খুন্‌খৰা ৷ আহোম সেনাৰ নেতৃত্বৰ ভাৰ পুনৰ আহি পৰে কনচেঙৰ ওপৰত ৷ যুঁজত আহোম সেনা জয়ী হয় ৷ বিত মালিকে কৰা দ্বিতীয় আক্ৰমণতো আহোম সেনাই মুছলমান সেনাক পৰাভূত কৰে; বিত মালিক ঘোঁৰাত উঠি পলাই সাৰিবলৈ চেষ্টা কৰে যদিও কনচেঙে পাছে পাছে খেদি বিত মালিকৰ শিৰচ্ছেদ কৰে ৷


১৫৩২ চনত তুৰ্বক খানৰ নেতৃত্বত বঙ্গৰ চুলতানে পুনৰ বিশাল সেনাবাহিনী পঠায় ৷ আহোম সেনাৰ নেতৃত্বত আছিল স্বৰ্গদেউৰ পুত্ৰ চুক্লেন ৷ কিন্তু তেওঁ গুৰুতৰ ভাৱে আহত হৈ উভতিব লগাত পৰে ৷ ইয়াৰ পাছত ফ্ৰাচেংমুং বৰগোঁহাইকে ধৰি আঠজন আহোম সেনাপতি ৰণত পৰে ৷ এইবাৰ ৰণক্ষেত্ৰলৈ আহিল ফ্ৰাচেংমুং বৰগোঁহাইৰ বিধবা পত্নী মূলা গাভৰু ৷ অসীম বীৰত্বৰে যুঁজি তেওঁ তুৰ্বকৰ সেনাক থকা-সৰকা কৰে ৷ ইতিমধ্যে আহোম সেনাৰ সেনাপতিত্বৰ দায়িত্ব দিয়া হয় কনচেঙক ৷ মূলা গাভৰুৰ আগমনে আহোম সেনাৰ মনোবল ঘূৰাই আনিলে ৷ আহোম সেনাই প্ৰথম উল্লেখযোগ্য সফলতা লাভ কৰে ১৫৩৩ চনৰ মাৰ্চ মাহত দুইমুনিশিলাৰ নৌযুদ্ধত তুৰ্বকৰ নৌবাহিনীক পৰাজিত কৰি ৷ তুৰ্বকৰ লগত সমুখ সমৰ দি মূলা গাভৰুৱে তুৰ্বকক পিছ হুঁহকিবলৈ বাধ্য কৰে; কিন্তু তুৰ্বকৰ এজন সহকাৰীয়ে পাচফলাৰ পৰা যাঠীৰে হনাত মূলা গাভৰু বাগৰি পৰিল ৷ মূলাৰ মৃত্যুৰ প্ৰতিশোধ লব’লৈ কনচেং দৃঢ় সংকল্প হৈ মুছলমান সৈন্যক কচু কটা দিয়ে ৷ তুৰ্বক পিছুৱাই যায় আৰু কনচেঙে নিজ হাতেৰে তেওঁৰ মূৰটো কাটি যুদ্ধত চুড়ান্ত বিজয় লাভ কৰে ৷ (কোনো কোনো বুৰঞ্জীৰ মতে কনচেঙে তুৰ্বকক সেনাপতিৰ সম্পূৰ্ণ মৰ্য্যদা দি কটা মূৰটো চৰাইদেউৰ কাষত কবৰ দিয়ায়; আহোম ৰাজবংশৰ ধৰ্ম নিৰপেক্ষতাৰ ই এক সুন্দৰ নিদৰ্শন ৷ কিন্তু এই কথাৰ সত্যাসত্য নিৰূপণ হোৱা নাই ৷) এই ৰণেই আছিল চুহুংমুঙৰ ৰাজত্ব কালৰ শেষ ৰণ ৷


6 Best General Knowledge (GK) Books for Competitive Exams

ইয়াৰ পাছত কনচেং বৰপাত্ৰ গোঁহায়ে নিজৰ মন্ত্ৰিত্ব আৰু প্ৰশাসনৰ কাম সুকলমে কৰি যায় ৷ স্বৰ্গদেউ চুহুংমুঙৰ প্ৰতি তেওঁৰ আছিল অগাধ ভক্তি ৷ ইমানৰ মাজতো তেওঁ নগা পাহাৰৰ পুৰণি সঙ্গীসকলৰ লগত অভিন্ন হৃদয়ৰ সম্বন্ধ বজাই ৰাখিছিল ৷ ১৫৩৯ খ্ৰীষ্টাব্দ আছিল কনচেঙৰ বাবে অতি গুৰুত্বপূৰ্ণ বছৰ; কাৰণ সেই বছৰতে পুত্ৰ চুক্লেনমুঙে স্বৰ্গদেউ চুহুংমুঙক হত্যা কৰি নিজে সিংহাসন দখল কৰে ৷ ইয়াৰ পাছত কনচেঙে ৰাজকীয় দায়িত্বৰ পৰা স্বেচ্ছাই অৱসৰ লৈ পাহাৰৰ লগৰীয়া সকলক মাতি আনি নগা পাহাৰৰ নামনিত এখন গাওঁ স্থাপন কৰে আৰু ইয়াতে বন্ধু-বান্ধবৰ আবেষ্টনীৰ মাজত অসমৰ এইজন সুযোগ্য সন্তানে শেষ নিশ্বাস ত্যাগ কৰে ৷


6 Best General Knowledge (GK) Books for Competitive Exams

0 Comments:

Post a Comment