২১শতিকাটো কাৰেণ্টৰ মুখ নেদেখা এখনি গাঁও ~ সংবাদ প্ৰভাত

Sunday, July 4, 2021

২১শতিকাটো কাৰেণ্টৰ মুখ নেদেখা এখনি গাঁও

 

২১শতিকাটো কাৰেণ্টৰ মুখ নেদেখা এখনি গাঁ

 

  প্ৰতিবেদক: মন্টু শৰ্মা, সৰুপথাৰ               

 

ভাৱিলে আচৰিত লগা কথা আৰু অতিশয় লাজৰ বিষয়, ২১ শতিকাটো কাৰেন্টৰ মুখ নেদেখা এখনি গাঁও আছে। কিন্তু ক'ত আছে এইখন গাঁও? হয় ঠিকেই শুনিছে। ধনশিৰি মহকুমাৰ সৰুপথাৰ অঞ্চলতে আছে এইখন গাঁও। সৰুপথাৰ অঞ্চলৰ ২ নং গড়গাঁৱৰ প্ৰায় ৩০ ঘৰমান মানুহে এই যুগতো কাৰেণ্টৰ মুখ দেখা নাই। যিটো সময়ত আমি ডিজিটেল ইণ্ডিয়াৰ কথা কও, যি সময়ত আমি ২৪ ঘণ্টাই ইণ্টাৰনেটৰ পৃথিৱীত থাকো, ঠিক তেনে এটা সময়তে সৰুপথাৰৰ ২ নং গঁড়গাঁৱৰ প্ৰায় ৩০ ঘৰমান মানুহে বিজুলী বিহীন জীৱন-যাপন কৰি আছে। আজিও লেম আৰু চাকিৰ পোহৰতে বসবাস কৰিবলগীয়া হৈছে। হাজাৰ কাকুতি মিনতি কৰিও সুফল নাপালে বিভাগীয় কৰ্তৃপক্ষৰ পৰা। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি সৰুপথাৰৰ বিদ্যুৎ বিভাগে কাৰেণ্টৰ খূতা বহুৱাবৰ বাবে বহুবাৰ জোখ-মাপ ললে। কিন্তু কাৰেণ্টহে নাহিল। দুই এক স্থানত বিদ্যুৎ সংযোগী খূতাও পৰিল, কিন্তু আজি পৰ্যন্ত কাৰ্যক্ষম নহল। স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলে কাৰেণ্ট নথকাত অনলাইন ক্লাচৰ পৰাও বঞ্চিত হৈছে। যিহেতু কাৰেণ্ট নাথাকিলে মোবাইল থাকিলেও চাৰ্জ দিয়াৰ সুবিধা নাই। ২ নং গঁড়গাঁৱৰ ছাত্ৰ-ছাত্ৰী সকলে চাকিৰ পোহৰতে বহুতো কষ্টৰ মাজেৰে পঢ়া-শুনা কৰিবলগীয়া হৈছে। আনকি, ইন্টাৰনেটৰ যুগত এইখন গাঁৱৰ ৰাইজে আজিলৈকে টিভিৰো মুখ দেখা নাই। সেয়েহে গাঁওৰ ৰাইজে আকৌ এবাৰ সৰুপথাৰৰ বিদ্যুৎ বিভাগ আৰু চৰকাৰক অতিশীঘ্ৰে বঞ্চিত হৈ থকা পৰিয়ালকেইটাত বিদ্যুত সংযোগ কৰিবলৈ কাতৰে আহ্বান জনাইছে। উন্নয়নৰ ঢাক-ঢোল বজাই থকা চৰকাৰ এখনৰ দিনত এনেকুৱা এখন গাও আজিৰ দিনতো থাকিব পাৰে বুলি অলপো ভাবিব নোৱাৰি।

0 Comments:

Post a Comment