অসমৰ ইতিহাসৰ দুগৰাকী অখ্যাত নায়িকা ~ সংবাদ প্ৰভাত

Sunday, July 4, 2021

অসমৰ ইতিহাসৰ দুগৰাকী অখ্যাত নায়িকা

 

অসমৰ ইতিহাসৰ দুগৰাকী অখ্যাত নায়িকা

 

 প্ৰণৱ ফুকন, ফোন: +৯১-৮৮২৬৮০৩০৩০

 

ইতিহাসৰ গতিত সলনিৰ জোৱাৰ অনা দুই-একৰ বাহিৰে বাকী সকলোৰে ছবি ধুসৰ হৈ ৰৈ যায় ৷ তেনে দুগৰাকী নাৰীক শ্ৰদ্ধাঞ্জলি দি আশা কৰিছোঁ ইতিহাসত তেওঁলোকৰ নাম উজ্জ্বল হৈ জিলিকি ৰ’ব ৷  

 

ৰমণী গাভৰু :

মোগল সম্ৰাট ঔৰঙ্গজেবৰ আহোম ৰাজ্যৰ ওপৰত চকু আছিল ৷ সেই সময়ৰ আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই  প্ৰশাসনিক কামতকৈ ৰঙ-ধেমালিত বেছি সময় কটাইছিল ৷ গতিকে আহোম ৰাজ্য আক্ৰমণ কৰাৰ এয়েই উপযুক্ত সময় বুলি বুজি মোগল সম্ৰাটে বঙ্গৰ প্ৰশাসক মিৰজুমলাক এই কামৰ ভাৰ দিয়ে ৷ মিৰজুমলাই ১৬৬১ চনৰ নবেম্বৰ মাহত বিশাল সেনাবাহিনীৰে যাত্ৰা আৰম্ভ কৰি ডিচেম্বৰত কোচবিহাৰ জয় কৰি ১৬৬২ চনৰ জানুৱাৰী মাহত যোগীঘোপা অধিকাৰ কৰে ৷ পিচ হুঁহকা আহোম বাহিনীৰ সাহাৰ্য্যাৰ্থে জয়ধ্বজ সিংহই সেনাবাহিনী পঠাই যদিও মিৰজুমল্লাৰ অগ্ৰগতি ৰোধিব নোৱাৰিলে ৷ গুৱাহাটী, শিমলুগড়, চামধৰা অধিকাৰ কৰি আগুৱাই অহা মোগল সেনাক লখৌগড়ত ৰণ দি আহোম সেনা পুনৰ পৰাজিত হোৱাত জয়ধ্বজ সিংহ নামৰূপলৈ পলায়ণ কৰে ৷ ১৬৬২ চনৰ মাৰ্চ মাহত মিৰজুমলাই গড়গাঁৱ অধিকাৰ কৰে ৷ কিন্তু বাৰিষা অহাৰ লগেলগে খাদ্যাভাৱ, ৰোগ আদিত মিৰজুমলাৰ সেনা জুৰুলা হৈ পৰে ৷ সুযোগ বুগি জয়ধ্বজ সিংহই সন্ধিৰ প্ৰস্তাৱ দিয়ে ৷ ১৬৬৩ চনৰ ১০ জানুৱাৰীত ঘিলাঝাৰীঘাটত একপক্ষীয় সন্ধি কৰি মিৰজুমলা ঘূৰি যায় যদিও বাটতে ৰোগাক্ৰান্ত হৈ মৃত্যুমুখত পৰে ৷ ভগ্নমনোৰথ জয়ধ্বজ সিংহয়ো অচিৰেই ইহলীলা সম্বৰণ কৰে৷ 

 

ঘিলাঝাৰীঘাটৰ সন্ধি আহোম স্বৰ্গদেউৰ বাবে যথেষ্ট অপমানজনক আছিল ৷ সোণ, ৰূপ, হাতী আদিৰ উপৰিও নিজ পুত্ৰ আৰু পাঁচজন ডাঙৰীয়াৰ পুত্ৰক মোগল সম্ৰাটৰ কাষত প্ৰতিভূ হিচাপে ৰখাৰ বাহিৰেও নিজৰ ভায়েকৰ জীয়েক ষোড়শী গাভৰু মোহিনী আইদেউক মোগল হেৰেমলৈ পঠাব লগা হ’ল ৷ এনেকি নিজৰ ছবছৰীয়া জীয়ৰী নানচেং ওৰফে ৰমণী গাভৰুকো মোগল সম্ৰাটৰ পুত্ৰ আজমতাৰাৰ লগত বিয়াৰ বাবে পঠাব লগা হ’ল ৷ ৰমণীৰ মাক আছিল বিখ্যাত মোমাই তামুলী বৰবৰুৱাৰ জীয়েক ৷ অৰ্থাৎ ৰমণী আছিল লাচিত বৰফুকন আৰু লালুকসোলা বৰফুকনৰ ভাগিনীয়েক ৷ এই মিত্ৰতাৰ ফলত গড়গাঁৱত থাকি যোৱা মোগল সৈনিকসকলে নিৰ্বিঘ্নে চলা-ফুৰা কৰিবলৈ ধৰে ৷ এই কথাত অসমীয়া ৰাইজ যথেষ্ট ক্ষুন্ন হৈছিল যদিও মুখেৰে মিঠা কথা ক’বলৈ বাধ্য হৈছিল আৰু মোগল সৈনিক উভতি যোৱাতোকে কামনা কৰিছিল ৷ তাৰ ফলশ্ৰুতিত এটা যোজনাৰ সৃষ্টি হয়:

 

             গড়গঁঞা মিতিৰৰ ভাও

              মুখেৰে কয় থাক-থাক

              ভৰিৰে হেচুকে নাওঁ

 

মোগল সৈনিকসকল নাঁৱেৰে কৰবালৈ যাব খুজিলে গড়গঁঞা ৰাইজে মিতিৰালি দেখুৱাই থাকি যাবলৈ অনুৰোধ কৰিছিল; কিন্তু মনে-মনে তেওঁলোক যোৱাটোকে বিচাৰিছিল আৰু নাঁও চলিবলৈ প্ৰয়োজনীয় প্ৰথম ঠেলাটো মাৰিবলৈ সাজু হৈ থাকিছিল ৷ মুখেৰে মিছা সদ্ভাৱ দেখুৱাৰ ক্ষেত্ৰত আজিও এই যোজনা ব্যৱহাৰ কৰা হয়৷

 

যথা সময়ত ৰমণীৰ বিয়া আজমতাৰাৰ লগত সম্পন্ন হয় আৰু ইচলাম ধৰ্মমতে ৰমণীৰ নামাকৰণ কৰা হয় ৰহমত বেগম ৷ মোগলৰ ৰীতি-নীতি মানিব লগা হোৱা সত্বেও এই অসাধাৰণ ৰাজকন্যাগৰাকীৰ মনত মাতৃভূমিৰ ছবি ম্লান নপৰিল৷ 

 

১৬৭১ চনৰ শৰাইঘাটৰ ৰণত নৰীয়া গাৰেই ৰণ দিয়া লাচিতৰ নৰীয়াৰ উপশম নঘটিল আৰু ১৬৭২ চনত লাচিত মৃত্যুমুখত পৰে ৷ লাচিতৰ ককায়েক লালুকসোলাক এইবাৰ বৰফুকন পতা হয় ৷ কিম্বদন্তি মতে লালুকসোলা আছিল মোমাই তামুলী বৰবৰুৱাৰ প্ৰথম পত্নীৰ পুত্ৰ আৰু লাচিত দ্বিতীয় পত্নীৰ সন্তান ৷ কিন্ত তুংখুঙ্গীয়া বুৰঞ্জীত এই কথাৰ উল্লেখ নাই ৷ সেই সময়ত ৰাজ্যৰ প্ৰকৃত ক্ষমতা আছিল সুদক্ষ বুঢ়াগোঁহাই আতনৰ হাততহে ৷ এই কথাই লালুকসোলাক কাঁইটে বিন্ধা দি বিন্ধিবলৈ লাগিলে ৷ ক্ষমতালিপ্সু লালুকসোলাই ৰাজধানী গড়গাঁৱলৈ যোৱাৰ সুযোগ বিচাৰি ৰ’ল ৷ ১৬৭৩ খ্ৰীঃত ডেবেৰা হাজৰিকা নামে এজন বিষয়াৰ লগ হৈ ভায়েক সৰুগোঁহাইয়ে স্বৰ্গদেউ উদয়াদিত্য সিংহক বিহ খুৱাই হত্যা কৰি ৰামধ্বজ সিংহ নাম লৈ সিংহাসনত বহে ৷ কিন্ত অচিৰেই তেঁৱো  ষড়যন্ত্ৰৰ চিকাৰ হয় ৷ ইয়াৰ পাছত একাদিক্ৰমে কেবাজনো কোঁৱৰ সিংহাসনত বহিল যদিও কোনোজনেই দীৰ্ঘদিন ৰাজত্ব কৰিব নোৱাৰিলে ৷ ফলত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হয় ৷ ১৬৭৯ চনত চুদৈফা ওৰফে পৰ্বতীয়া ৰজাৰ কালত লালুকসোলাই বঙ্গৰ মোগল প্ৰশাসক আজমতাৰাৰ সৈতে ষড়যন্ত্ৰ কৰে যে তেওঁ বিনাযুদ্ধে গুৱাহাটী মোগলক এৰি দিব; তাৰ বিনিময়ত মোগলে তেওঁক আহোম ৰাজ্যৰ সিংহাসনত অধিষ্ঠিত কৰিব ৷ কিন্তু লালুকসোলাৰ বাটৰ হেঙাৰ হিচাপে ঠিয় হ’ল ৰমণী গাভৰু ৷ ৰমণী গাভৰুৱে মোমায়েক  লালুকসোলালৈ কঢ়া শব্দেৰে পত্ৰ প্ৰেৰণ কৰি লালুকসোলাক এনে গৰ্হিত কামৰ পৰা বিৰত থাকিবলৈ সকিয়াই দি স্পষ্ট কৰি দিয়ে যে নিজ মাতৃভূমি মোগলৰ অধীন হোৱাতো কোনোমতেই কাম্য নহয় ৷ এফালে আছিল মোগল হেৰেমত থাকিও মাতৃভূমিক ভাল পোৱা ৰমণী গাভৰু আৰু আনফালে স্বাৰ্থান্নেষী লালুকসোলা বৰফুকন ৷ সকীয়নি আওকাণ কৰি ১৬৭৯ চনৰ মাৰ্চ মাহত মোগলৰ হাতত গুৱাহাটী গটাই লালুকসোলা গড়গাঁও অভিমুখী হয় ৷ ৰমণী গাভৰুৰ স্বদেশপ্ৰীতি এক বিৰল দৃষ্টান্ত ৷ যদিও তেওঁ গুৱাহাটী ৰক্ষা কৰিব নোৱাৰিলে, তথাপি লালুকসোলাক দিয়া সকিয়নীৰ বাবেই তেওঁ গৰীয়সী হৈ ৰ’ল৷    

 

ৰাজমাও নুমলী: ১৭৯৮ খ্ৰীঃত  কামৰূপত দন্দুৱা দ্ৰোহে মূৰ ডাঙি উঠে ৷ গুৱাহাটীৰ বৰফুকন বদনচন্দ্ৰ এই বিদ্ৰোহ দমনত ব্যৰ্থ হয়৷ ফলত বুঢ়াগোঁহাই পূৰ্ণানন্দই কলিয়া ভোমোৰাক বৰফুকন পাতি বিদ্ৰোহ দমনৰ ভাৰ দিয়ে ৷ তেওঁ নিজাববীয়াকৈ সৈনিক গোটাই বিদ্ৰোহ দমন কৰে ৷ কিন্তু অচিৰেই কলিয়া ভোমোৰাৰ মৃত্যু ঘটাত বদনচন্দ্ৰ পুনৰাই বৰফুকন পদত অধিষ্ঠিত হয় ৷ কলিয়া ভোমোৰাক বৰফুকন পতাৰ কাৰ্য্য তথা নিজৰ বিশ্বাসী বিষয়াসকলক গুৰুত্বপূৰ্ণ বিষয়-বাব দিয়াৰ বাবে বদনৰ মনত পূৰ্ণানন্দৰ প্ৰতি আক্ৰোশৰ ভাৱ জাগি উঠে ৷ কিন্তু জীয়েক পিজৌ গাভৰুক পূৰ্ণানন্দৰ পুত্ৰই বিয়া কৰোৱাত প্ৰত্যক্ষে কোনো বিৰোধিতা নকৰি পৰোক্ষে পূৰ্ণানন্দৰ বিৰুদ্ধে দুটাকৈ ষড়যন্ত্ৰত লিপ্ত হয় ৷ সেয়ে পূৰ্ণানন্দই বদনক ধৰি আনিবলৈ মহেশ্বৰ পৰ্বতীয়া ফুকনক প্ৰেৰণ কৰে ৷ জীয়ৰী পিজৌৰ পৰা আগতীয়াকৈ বাৰ্তা পাই বদন কলিকতালৈ পলায়ন কৰে ৷ তাত তেওঁ ব্ৰিটিচ গভৰ্ণৰ জেনেৰেলক অসম আক্ৰমণ কৰিবলৈ অনুৰোধ জনায় ৷ আন ৰাজ্যত হস্তক্ষেপ নকৰাৰ ব্ৰিটিছৰ তৎকালীন নীতি অনুসৰি গভৰ্ণৰ জেনেৰেল মান্তি নহ’ল৷ গতিকে বদন মানদেশৰ এজন প্ৰতিনিধিৰ লগত মানদেশ পায়গৈ আৰু মান ৰজা বদৌপায়াকো একেই অনুৰোধ জনায় ৷ বদনৰ পক্ষে মাত মাতিলে বদৌপায়াৰ আহোম কুঁৱৰী আৰু সম্বন্ধত বদনৰ পেঁহীয়েক ৰঙিলী আইদেৱে ৷ অসম আক্ৰমণৰ সুযোগ বিচাৰি থকা বদৌপায়াই মান্তি হৈ অসমলৈ মানসেনা পঠায়৷ 

 

১৮১৭ খ্ৰীঃৰ মাৰ্চ মাহত বদন বৰফুকনে ষোল্ল হাজাৰ মানসেনা লৈ পাটকাই পৰ্বত পাৰ হয় ৷ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সেনা বদনৰ হাতত ঘিলাঝাৰীত পৰাস্ত হয় ৷ ইয়াৰ পাছতে বুঢ়াগোহাঁইৰ মৃত্যু ঘটে ৷ তেওঁৰ পুত্ৰ ৰুচিনাথক বুঢ়াগোহাঁই পতা হয় যদিও এইজনা বাপেকৰ দৰে বিচক্ষণ নাছিল আৰু মানসেনাই সহজে জয় লাভ কৰে ৷ ৰুচিনাথে যোৰহাট এৰি গুৱাহাটীলৈ সপৰিয়ালে ভটীয়াই গৈ প্ৰাণ ৰক্ষা কৰে ৷ ৰুচিনাথৰ ঠাইত মানসেনাই বদনক "মন্ত্ৰী ফুকন" পাতে ৷ ক্ষমতাশালী হৈ বদন যথেচ্ছাচাৰী হৈ উঠিল ৷ বিষয়াসকলো অতিষ্ঠ হ’ল ৷ কিন্ত পূৰ্ণানন্দৰ অবিহনে সকলো দিশহাৰা আছিল৷

 

এই সন্ধিক্ষণত বদনৰ বিৰোধীসকলৰ নেতৃত্ব দিবলৈ আগবাঢ়ি আহে ৰাজমাও নুমলী ৷ বৰগোঁহাই ডাঙৰীয়া আৰু ধনী বৰবৰুৱাৰ দৰে দুজনমান বিশ্বাসী বিষয়াৰ লগত তেওঁ গুপুতে মন্ত্ৰণা কৰে, কাৰণ স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই ভূ পালেও গোটেই আঁচনি ফাদিল হৈ পৰাৰ সম্ভাৱণা ৷  সমস্যা হ’ল বদনক হত্যা কৰাই কেনেকৈ? কাৰণ বদনে শৰীৰত বৰ্ম পিন্ধি থাকে যাক হেংডাং, যাঠী একোৰে ভেদ কৰিব নোৱাৰি ৷ এই বৰ্ম কঁকালত বান্ধি থৈছিল ("কঁকালত আছে তাৰ ছ-অঁৰা বিৰি" - বদন বৰফুকনৰ গীত) ৷ ৰাজমাৱে ইয়াৰো সম্ভেদ উলিয়ালে - বদনে ধলপূৱা মাটি-পানী লোৱাৰ সময়ত বৰ্ম সোলোকাই থয় ৷ নুমলী আইদেৱে এইবাৰ ৰূপসিংহ চুবেদাৰ নামৰ এজন অতি বিশ্বাসী “বঙাল”ক মাতি পঠায় ৷ (ৰূপসিংহ উত্তৰ ভাৰতৰ লোক আছিল; ৰাজ্যৰ পশ্চিম দিশৰ পৰা অহা বাবেই বঙাল বোলা হৈছিল ৷) ৰাজমাৱে ৰূপসিংহক বুজালে যে তেওঁ ৰাতিতে বদনৰ ঘৰৰ কাষত লুকাই থাকি সময়ত নিৰস্ত্ৰ বদনক হত্যা কৰিব লাগিব! 

 

ৰূপসিংহ ৰাতিতে গৈ লুকাই থাকিল (“পিছদিনা ৰূপসিংহ বিহানেই গ’ল”) আৰু গোটেই ৰাতি দাখন ধৰালে (“ৰাতিৰে ৰাতিটো ধৰালে দা”) ৷ ধলপুৱা বদনে নিত্যকৰ্ম কৰি মাটি-পানী লওঁতেই ৰূপসিংহ বদনৰ ওপৰত জপিয়াই পৰি বৰ্মহীন বদনক হত্যা কৰে ৷ এইদৰে নুমলী ৰাজমাৱে দেশদ্ৰোহী বদনৰ পৰা ৰাজ্যখনক মুক্ত কৰি গ’ল ৷ তত্ৰাচ তেওঁৰ নাম ইতিহাসৰ পাটত বিৰল  ৷ যোৰহাট চহৰৰ ৰাজমাও পুখুৰীয়ে মাত্ৰ ৰাজমাও নুমলীৰ স্মৃতি যুগমীয়া কৰি ৰাখিছে৷

                   

 

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে 6 খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ

অসমৰ শিৱা ৰাণী কলিতাৰ কানাডাত অনুষ্ঠিত অটাৱা চলচ্চিত্ৰ মহোৎসৱত( Ottawa Film Festival) শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ;

ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ অসমৰ গৌৰৱ বিশ্বৰ বজাৰত সোণালী সূতা ৰেচমৰ

ভিটামিন বি কমপ্লেক্সৰ বিষয়ে জানিবলগীয়া প্ৰয়োজনীয় কেইটামান কথা ! ১০ বিধ ভিটামিন বি যুক্ত খাদ্য যিয়ে আপোনাক সদায় সুস্থ কৰি ৰাখিব

ভিটামিন কেপচুলৰ দ্বাৰা ছাল আৰু ছুলিৰ সৌন্দর্য বৃদ্ধি কৰিবলৈ জানিবলগীয়া কেইটামান কথা

0 Comments:

Post a Comment