সৈনিকত যোগদান সম্পৰ্কে বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান চিআৰপিএফৰ ~ সংবাদ প্ৰভাত

Saturday, July 3, 2021

সৈনিকত যোগদান সম্পৰ্কে বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান চিআৰপিএফৰ

 

সৈনিকত যোগদান সম্পৰ্কে বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান চিআৰপিএফৰ

 

  প্ৰতিবেদক: পবিত্ৰ মণ্ডল, শালবাৰী

 

বাক্সা শালবাৰীৰ খুচুৰাবাৰীস্থিত চিআৰপিএফৰ ১০ নম্বৰ বেটেলিয়নৰ উদ্যোগত বিশেষকৈ বড়ো যুৱক যুৱতী সকলক সামৰিক বাহিনীত ভৰ্তি হোৱাৰ উদ্দেশ্য আগত ৰাখি প্ৰশিক্ষণ প্ৰদান কৰাৰ উদ্দেশ্যে খুচুৰাবাৰী চিআৰপিএফ বাহিনীৰ শিবিৰত এক বিনামুলীয়া প্ৰশিক্ষণ প্ৰদান কেন্দ্ৰৰ আয়োজন কৰা হয়৷ বিটিআৰৰ বড়ো যুৱক যুৱতীক সামৰিক বাহিনীৰ প্ৰতি আগ্ৰহী কৰিবলৈ প্ৰচেষ্টা আগবঢ়ায় চিআৰপিএফ জোৱান সকলে। শিবিৰটোৰ এগৰাকী বিষয়া ব্ৰিজেশ কুমাৰে কয় যে ওপৰৰ পৰা প্ৰাপ্ত নিৰ্দেশ অনুসৰি খুচুৰাবাৰীৰ লগতে গাতে লাগি থকা অঞ্চলৰ বড়ো যুৱক যুৱতীসকলৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ 


আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰায় তিনিশ বড়ো যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে৷ ফৌজৰ চাকৰিৰ বাবে কেনেকুৱা ধৰণৰ অৰ্হতাৰ প্ৰয়োজন, স্বাস্থ্য কেনেকুৱা হোৱা উচিত,শাৰীৰিকভাবে কেনেধৰণে সক্ষম হ’ব লাগিব, দেশৰ বাবে ফৌজৰ কিয় প্ৰয়োজন, দেশখনক লৈ যুৱপ্ৰজন্মৰ কৰিবলগা কি কি আছে আদি বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয় প্ৰশিক্ষণৰ সময়ছোৱাত৷ আলোচনাকালত উপস্থিত সকলোৱে ফৌজত ভৰ্তি হৈ দেশৰ বাবে কিবা এটা মহৎ কাম কৰি যাব বিচৰাৰ কথা উল্লেখ কৰে৷ ছাত্র ছাত্রী সকলৰ সন্মুখত ভাষণৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰে খুচুৰাবাৰীস্থিত চিআৰপিএফ শিবিৰৰ কামাণ্ডাৰ ব্ৰিজেশ কুমাৰ, সহকাৰী কামাণ্ডাৰ ৰাকেশ যাদব সমন্বিতে কেবাগৰাকী প্ৰশিক্ষকে৷ অনুষ্ঠানটিত উপস্থিত থাকে বাহঁবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক আলাৰাম গয়াৰী, খুচুৰাবাৰী অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী নন্দেশ্বৰ স্বৰ্গীয়াৰী, খুচুৰাবাৰী বড়ো হাইস্কুলৰ প্ৰধান শিক্ষক দিলীপ ওৱাৰীকে ধৰি কেবাগৰাকী নেতৃস্থানীয় ব্যক্তি৷

 

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে 6 খন শ্ৰেষ্ঠ সাধাৰণ জ্ঞান (G.K.) কিতাপ

অসমৰ শিৱা ৰাণী কলিতাৰ কানাডাত অনুষ্ঠিত অটাৱা চলচ্চিত্ৰ মহোৎসৱত( Ottawa Film Festival) শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ;

ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ সাজ অসমৰ গৌৰৱ বিশ্বৰ বজাৰত সোণালী সূতা ৰেচমৰ

ভিটামিন বি কমপ্লেক্সৰ বিষয়ে জানিবলগীয়া প্ৰয়োজনীয় কেইটামান কথা ! ১০ বিধ ভিটামিন বি যুক্ত খাদ্য যিয়ে আপোনাক সদায় সুস্থ কৰি ৰাখিব

ভিটামিন কেপচুলৰ দ্বাৰা ছাল আৰু ছুলিৰ সৌন্দর্য বৃদ্ধি কৰিবলৈ জানিবলগীয়া কেইটামান কথা

0 Comments:

Post a Comment